সাংসদ হৈয়ে পুঁজিৰে বনালে ঘৰ !

তেলেংগানাৰ বিজেপি সাংসদ চয়ম বাপুৰাওৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ।চয়ম বাপুৰাৱে সাংসদ পুঁজিৰ উন্নয়নৰ ধনেৰে সাজিলে নিজৰ ঘৰ আৰু পাতিলে পুতেকৰ বিয়া।বিজেপি সাংসদজনে নিজেই সোমবাৰে দলৰ এক আভ্যন্তৰীণ বৈঠকত স্বীকাৰ কৰে এই কথা।তেওঁ আনকি তেওঁৰ ঘৰ বনোৱাৰ সমৰ্থনত যুক্তি দৰ্শাই কয় যে যাৰ নিজৰ ঘৰ নাথাকে তেওঁৰ সন্মান নাথাকে।গতিকে তেওঁ উন্নয়নৰ পুঁজিৰ ধনেৰে ঘৰ বনোৱাটো কোনো অপৰাধ নহয়।কিন্তু দলৰ আভ্যন্তৰীণ সভাত ব্যক্ত কৰা কথাখিনিৰ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছত তেওঁ কোনো কাৰণতে সাংসদ পুঁজিৰ ধন অপব্যবহাৰ কৰা নাই বুলি উল্লেখ কৰে।আদিলাবাদৰ সাংসদগৰাকীয়ে কয় ‘ মই মোৰ নিজৰ কাৰণে ঘৰ বনোৱাটো সঁচা।মই মোৰ পুত্ৰৰ বিয়া পতাটোও সঁচা।মই সাংসদ পুঁজিৰ ধনৰ কোনো অপব্যৱহাৰ কৰা নাই।আন সাংসদৰ দৰে মই সাংসদ পুঁজি অপব্যৱহাৰ কৰা যে নাই সেইটো নিশ্চিত।’সোমবাৰে বিয়লি এই ভিডিঅ ভাইৰেল হোৱাৰ পিছত অৱশ্যে তেওঁ স্থিতি সলনি কৰে।তেওঁ কয় যে তেওঁ সেই ধন অপব্যৱহাৰ কৰা নাই আৰু দলৰ ভিতৰৰ কথা ৰাজহুৱা কৰাটো অনুচিত।তদুপৰি সাংসদগৰাকীয়ে ৰমেশ ৰাথোড় আৰু পায়েলা শংকৰে তেওঁক জনমানসত হেয়প্ৰতিপন্ন কৰিবলৈ এই ভিডিঅ ভাইৰেল কৰা বুলি উল্লেখ কৰে।তেলেংগানাৰ সাংসদগৰাকীয়ে লগতে কয় যে ২০১৯ চনৰ আগলৈকে আদিলাবাদত বিজেপিৰ কোনো চিনমোকামেই নাছিল।কিন্তু তেওঁ যোগদান কৰাৰ পিছতহে দলটো তাত শক্তিশালী হ’ল।উল্লেখ্য যে তেলেংগানাতো চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব।তেলেংগানাত বৰ্তমান ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতৃত্বত কে চি আৰৰ চৰকাৰ চলি আছে।দক্ষিণ ভাৰতৰ ৰাজ্য হিচাপে তেলেংগানাক বিজেপিয়ে এইবাৰ ইয়াৰ প্ৰবেশ পথ হিচাপে পুনৰ নিৰ্ধাৰণ কৰি বিধানসভা দখলৰ লক্ষ্য কৰি লৈছে।কৰ্ণাটকৰ পৰাজয়ে ভালকৈয়ে এশিকনি দিয়া বিজেপিয়ে এতিয়াৰ পৰা ৰাজ্যখনত ইয়াৰ স্থিতি সবল কৰাৰ পন্থা গ্ৰহণ কৰাৰ সময়তে এগৰাকী সাংসদৰ পুঁজিৰ অপব্যয়ৰ ঘটনাই সচেতন জনতাক হতচকিত কৰাৰ লগতে বিজেপি নেতৃত্বও পৰিছে অস্বস্তিত।দলটোৰ এগৰাকী সাংসদৰ এনে নিৰ্ভেজাল স্বীকাৰোক্তিয়ে দলটোক বেকফুটলৈ নিয়াৰ সময়তে নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ২২জুনত এক কাৰ্যসূচী গ্ৰহণ কৰিছে।’ ইনটিনটিকি বিজেপি’ নামৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ বিজেপি নেতা সকলে ৰাজ্যখনৰ মুঠ ৩৫ লাখ লোকক সাক্ষাৎ কৰিব।ৰাজ্যখনৰ প্ৰতিটো বুথৰ প্ৰতিগৰাকী সভাপতিয়ে অতি কমেও ১০০ টা পৰিয়ালক সাক্ষাৎ কৰিব।এই সাক্ষাতৰ সময়চোৱাত বিগত ৯ বছৰত নৰেন্দ্ৰ মোডীয়ে জনতাৰ বাবে কি কৰিলে সেই বিষয়ে জনতাক সজাগ কৰিব।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে নিৰ্বাচনলৈ হাতত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বিজেপিৰ মাজত দেখা দিয়া মত পাৰ্থক্যই সমস্যাত পেলাইছে দলটোক।বিজেপি দলটোৰ ৰাজ্যিক সভাপতি বান্দী সঞ্জয়ৰ প্ৰতি দলৰ কিছু সংখ্যক লোকৰ অসন্তুষ্টিয়েও দলটোক আগন্তুক দিনত বিপদত পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।অৱশ্যে সাংসদ পুঁজিৰে নিজৰ ঘৰ সজা,বান্দী সঞ্জয়ৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি আদি বিষয়বোৰে বিজেপিক কি পৰ্যায়ত ক্ষতি কৰে সেয়া হ’ব লক্ষণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296