সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গঞ্জনা-সমালোচনাৰে অনাহুত হৈ উঠিব নেকি মোডীৰ আমেৰিকা ভ্ৰমণ?

মঙলবাৰৰ পৰা অৰ্থাৎ ২০ জুনৰ পৰা আৰম্ভ হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ।ৰাষ্ট্ৰপতি জ’ বাইদেনৰ আমন্ত্ৰণমৰ্মে আমেৰিকালৈ বুলি এয়া নৰেন্দ্ৰ মোদীৰ প্ৰথমটো যুক্তৰাষ্ট্ৰ ভ্ৰমণ কাৰ্যসূচী। অৱশ্যে ২০১৪ চনত প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা মোডীয়ে ছবাৰ আমেৰিকা ভ্ৰমণ কৰিছে যদিও চৰকাৰী আমন্ত্ৰণমৰ্মে এয়া প্ৰথমটো ভ্ৰমণ কাৰ্যসূচী। প্ৰবাসী ভাৰতীয় সকলে মোডীক আদৰিবলৈ কৰিছে নানা যোজা। ২২ জুনৰ দিনা হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোডীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব।তাৰ পাছতেই মাৰ্কিন সংসদৰ যুটীয়া অধিবেশনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।এইবাৰৰ ভ্ৰমনকালত আমেৰিকা আৰু ভাৰতৰ মাজত স্বাক্ষৰিত হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি। প্ৰধানতঃ জেট ইঞ্জিন নিৰ্মাণৰ প্ৰযুক্তি হস্তান্তৰ আৰু প্ৰিডেটৰ দ্ৰোণ ক্ৰয় চুক্তি অন্যতম ৰূপে বিবেচিত হ’ব। জ’ বাইডেনে মোডীৰ এইবাৰৰ আমেৰিকা ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিছে।কিয়নো আমেৰিকাত থকা ১৪ লাখ প্ৰবাসী ভাৰতীয়ৰ ভোট জ’ বাইডেনৰ দ্বিতীয় কাৰ্যকালৰ বাবে নিৰ্ণায়ক হৈ উঠিব। সেয়ে এই ৰাজকীয় আয়োজন।তাৰোপৰি ২৩ জুনৰ দিনা প্ৰবাসী ভাৰতীয়ৰ এক সমাবেশত অংশ ল’ব মোদীয়ে। কিন্তু বাইদেনৰ আশাত হয়তো চেঁচা পানী ঢালিব মাৰ্কিন সাংবাদিক সকলে।কিয়নো মোডীৰ আমেৰিকা ভ্ৰমণৰ বিৰোধিতা মাৰ্কিন সাংবাদিকৰ। অৰ্থাৎ মোডীৰ যাদুৱে মোহাচ্ছন্ন কৰিব নোৱাৰিলে মাৰ্কিন সাংবাদিকক। আমেৰিকা ভ্ৰমণৰ পূৰ্বে অনাহুত সময়ৰ পৰিস্থিতিৰ সন্মুখীন মোডী। মাৰ্কিন সাংবাদিক সংস্থাৰ ৰোষৰ বলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰৰ আমেৰিকা যাত্ৰা সুখকৰ নহ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিয়নো আমেৰিকা ভ্ৰমণৰ পূৰ্বে মাৰ্কিন সাংবাদিকে মোডীক উভতি ধৰিবলৈ সাজু হৈ উঠিছে। মোডীৰ ভ্ৰমণ সুখকৰ হ’বলৈ নিদিব আমেৰিকাৰ সাংবাদিকে।ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনক মোডীক হেঁচা দিবলৈ দাবী আমেৰিকাৰ সাংবাদিক সংস্থাৰ। আৰু ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে আমেৰিকাৰ সাংবাদিকৰ ক্ষোভৰ বলি হ’ব এইবাৰ মোডী। নিজকে বিশ্বগুৰু বুলি জহাবলৈ বিচৰা প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত সাংবাদিকৰ ক্ষোভৰ যে বলি হ’ব সেয়া ধুৰূপ। মাৰ্কিন সাংবাদিক সংস্থা তৎপৰ হৈ পৰিছে ভাৰতত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বিঘ্নিত হোৱা ঘটনাক কেন্দ্ৰ কৰি। আৰু এই বিষয়ক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৱে।সংস্থাটোৰ দাবী যে-২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছৰে পৰা ভাৰতত ক্ৰমাৎ অৱনমিত হৈছে সংবাদ মাধ্যমৰ বাক-স্বাধীনতা। উল্লেখযোগ্য যে অহা ২১-২৪ জুনলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা। কিন্ত তাৰ পূৰ্বে গৰজি উঠিছে মাৰ্কিন সাংবাদিক সংস্থা। মার্কিন সাংবাদিক সংস্থাটোৱে এক বিবৃতিযোগে ৰাষ্ট্ৰপতি জ’ বাইডেনক ভাৰতত সংবাদ মাধ্যমৰ বিৰুদ্ধে মোডী চৰকাৰে গ্ৰহণ কৰা স্থিতি উঠাই ল’বলৈ আলোচনা কৰিবলৈ আহ্বান জনায়। লগতে মার্কিন সাংবাদিক সংস্থাটোৰ দাবী ভাৰতত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰি ৰখা সাংবাদিক সকলক মুক্তি দিবলৈও আলোচনা কৰিবলৈ আহ্বান জনায়। কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৰ সভাপতি জদি জিনছবাৰ্গে কয় যে ভাৰতত ক্ৰমাগত হাৰত মোডী চৰকাৰে সংবাদ মাধ্যমক দিছে কেঁকোৰাচেপা।চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিলেই ভাৰতত সাংবাদিকক নিক্ষেপ কৰা হয় পোতাশাললৈ। মাৰ্কিন সাংবাদিক সংস্থাটোৰ অভিযোগ যে বিশ্বৰ বৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত সংবাদ মাধ্যম আজি বিপন্ন মুক্ত আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম অবিহনে বিশ্বৰ বৃহৎ গণতন্ত্ৰ সুৰক্ষিত নহয় বুলিও মত প্ৰকাশ কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৰ। আৰু এই ঘটনাৰ দ্বাৰাই এইটোৱেই প্ৰমাণ হৈ পৰিছে যে মোডীৰ আগন্তুক আমেৰিকা যাত্ৰা মুঠেও সুখকৰ নহ’ব।

Leave A Reply

Your email address will not be published.