অমৃতে’ টোপনি হৰিছে গৃহ দপ্তৰৰ

পঞ্জাৱত ইণ্টাৰনেট কৰ্তনৰ সময় পুনৰ বৃদ্ধি কৰা হয়।অহা মঙলবাৰলৈ ৰাজ্যখনত সকলো ইণ্টাৰনেট সেৱা বন্ধ থাকিব।ইতিমধ্যে খালিস্তানী নেতা অমৃতপাল সিঙৰ ৪ গৰাকী ঘনিষ্ঠ সহযোগীক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই ব্যক্তি কেইজনক ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে।তদুপৰি সোমবাৰে অমৃতপাল সিঙৰ খুড়াক হৰিজিৎ সিং আৰু তেওঁৰ গাড়ী চালকে মাৰ্চিডিছ গাড়ীসহ থানাত আত্মসমৰ্পণ কৰে ।বৰ্তমানলৈকে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ মুঠ ১১২গৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিছে।’ৱাৰিছ পাঞ্জাৱ দী’ গ্ৰুপৰ বহুবোৰ সদস্যক ইতিমধ্যে সোধপোছৰ বাবে আটক কৰা হৈছে৷গ্ৰেপ্তাৰ হোৱা সকলৰ অন্যতম এগৰাকী সদস্য দলজিত সিং কালচীয়ে অমৃতপাল সিঙৰ বিত্তীয় দিশটো চোৱাচিতা কৰিছিল।ইতিমধ্যে দেশক বৈদেশিক পৰিক্ৰমা দপ্তৰে বৃটিছ উপ উচ্চায়ুক্ত খ্ৰীষ্টিনা স্কটক তেওঁলোকৰ কাৰ্যালয়লৈ তলব কৰিছে।এগৰাকী খালিস্তানী সমৰ্থকে লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত খালিস্তানী পতাকা লৈ সামাজিক মাধ্যমত ফটো আপডেট দিয়াক লৈ আয়ুক্তগৰাকীক তলব কৰে বৈদেশিক পৰিক্ৰমা দপ্তৰে।ইতিমধ্যে আৰক্ষীয়ে অমৃতপাল সিঙক বিচাৰি অভিযান ক্ষীপ্ৰতৰ কৰি তুলিছে।ইতিমধ্যে প্ৰতিবেশী ৰাজ্য হাৰিয়ানাতো হাই এলাৰ্ট জাৰি কৰা হৈছে৷খালিস্তানী সমৰ্থকে ইতিমধ্যে বৃটেইনৰ পথত প্ৰতিবাদ আৰম্ভ কৰিছে।আনকি বৃটেইনত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ দেৱাল বগাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা নমাই অনাৰ দৃশ্য ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে।চোৰাংচোৱা সংস্থাৰ দাবী যে অমৃতপাল সিঙে ড্ৰাগছ ৰিহেবিলিটেচন চেণ্টাৰ আৰু গুৰুদ্বাৰবোৰক অস্ত্ৰশস্ত্ৰৰ ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷তদুপৰি বহু সংখ্যক যুৱকক ছুইছাইড বোমাৰু হিচাপে প্ৰশিক্ষণ দিছে।এই তালাচী অভিযানৰ সময়ত অমৃতপাল সিঙে নিজে গঠন কৰা আনন্দপুৰ খালচা ফ্ৰণ্টৰ বহুতো অস্ত্ৰশস্ত্ৰ জব্দ কৰা হৈছে৷বিগত মাহত অমৃতপাল সিঙৰ সমৰ্থকে হাতে হাতে তৰোৱাল আৰু বন্দুক লৈ এখন থানা আক্ৰমণ কৰাৰ পিছৰ পৰাই আৰক্ষীয়ে অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296