Investigative reporting with dedication.
মুখ খুলিব ৰাহুল গান্ধীয়ে

উল্লেখযোগ্য দিল্লী আৰক্ষীয়ে দেওবাৰে ৰাহুল গান্ধীৰ বাসভৱনত তালাচী চলায় ।’ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে মহিলাক লৈ মন্তব্যৰ বাবে এই তালাচী অভিযান চলাইছিল।’এতিয়াও মহিলাসকল যৌন আতিশয্যৰ বলি হৈয়ে আছে ‘-এনেদৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কয়’ তেওঁলোকে মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিব খুজিছে।যাত্ৰা শেষ হোৱা ৪৬ দিন পাৰ হ’ল।তেওঁলোকে এতিয়া সুধিছে আপোনালোকে কাক লগ পাইছিল?লাখ লাখ মানুহে যাত্ৰাত সহযোগিতা আগবঢ়াইছিল।কোনোবাই মাথোন কেই মিনিটমানৰ বাবে ৰাহুল গান্ধীক লগ পাইছিল৷তেওঁলোকে এতিয়া সেই মানুহবোৰক চিনাক্ত কৰাৰ কথা কয়।’কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে জম্মু কাশ্মীৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে ৪৬ দিন পিছত দিল্লীত সোধাপোচা কৰাটোৱে কি বুজায়?’এইটো একমাত্ৰ আমাক হাৰাশাস্তি কৰিবলৈ কৰা হৈছে।আমাক এনেবোৰ কামৰ দ্বাৰা ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে কিন্তু আমি ভয় নাখাওঁ’-পুনৰ এনেদৰে কয় খাৰ্গেই।ৰাহুল গান্ধীয়ে সংসদত মন্তব্য ৰখা সম্পৰ্কত খাৰ্গেই কয় ‘ আমি কাইলৈ সময় বিচাৰিছোঁ।যদি সময় দিয়ে তেওঁ সংসদত মন্তব্য ৰাখিব।মূল সমস্যাটো হৈছে আমাক কথা ক’বলৈ দিয়া নহয়।আমাৰ গণতন্ত্ৰ খৰ্ব কৰা হৈছে৷আমাৰ মাইকবোৰ ছুইচ অফ কৰি দিয়া হয়।আমি যদি ক’ব বিচাৰোঁ,আমাৰ ওপৰত বিভিন্ন অভিযোগ দিয়া হয়।আপোনালোকেই চাওকচোন এজন মানুহে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বাখ্যা আগবঢ়াব খুজিছে কিন্তু তেওঁক কথা ক’বলৈ দিয়া হোৱা নাই।’





