Investigative reporting with dedication.

আপৰ নেত্ৰী আতিছীয়ে ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ প্ৰধান নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে চলোৱা আৰক্ষী অভিযানক প্ৰশংসা কৰিছে ।শান্তি বিঘ্নিত কৰা শক্তিৰ বিৰুদ্ধে ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি আতিছীয়ে কয় ‘ বিগত দুটা দিন ভগৱন্ত মান চৰকাৰে ৰাজ্যখনত শান্তিবিঘ্নিত কৰা শক্তিৰ বিৰুদ্ধে যি ভূমিকা গ্ৰহণ কৰিছে,সেয়া নিতান্তই প্ৰশংসনীয়।মুখ্যমন্ত্ৰী মানে দেশলৈ ইয়াৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰিলে যে কোনোবাই যদি শান্তি বিঘ্নিত কৰে তেন্তে আপে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰে।কিন্তু তাৰ বিপৰীতে আন কিছুমান দলে তেনেকুৱা লোকক সুৰক্ষাহে প্ৰদান কৰে।’আতিছীয়ে পুনৰ কয় যে এনেকুৱা এটা সময় আছিল যিটো সময়ত আপৰ দক্ষতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল।কিন্তু খালিস্তানী নেতাৰ বিৰুদ্ধে আপে গ্ৰহণ কৰা ভূমিকাই দলটো যে এটা সৎ দল তাক প্ৰতিপন্ন কৰিলে।


