মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত প্ৰত্যাহ্বান

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী জিলাৰ পৰাই দুজনকৈ বিধায়কক মন্ত্ৰীসভাত স্থান দিলে ৷ এখন জিলাৰ দুজন বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ উদাহৰণ প্ৰায় বিৰল বুলিয়েই ক’ব পাৰি ৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ তথা বিশ্বস্ত হোৱা বাবেই জয়ন্ত মল্ল বৰুৱাৰ ক্ষেত্ৰত পূৰ্বৰ পৰম্পৰা প্ৰযোজ্য নহ’ল ৷ ধৰ্মপুৰৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী পূৰ্বৰে পৰাই কেবাটাও গুৰুত্বপূৰ্ণ বিভাগসহ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত আছে ৷ তাৰ পাছতো একেখন জিলাৰ পৰাই নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক স্থান দিয়া হ’ল মন্ত্ৰীসভাত ৷ কেৱল স্থান দিয়াই নহয় , কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিলে জয়ন্ত মল্ল বৰুৱাই ৷ বৰপেটা জিলাৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰা ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ কাঢ়ি আনি দিয়া হ’ল জয়ন্ত মল্ল বৰুৱাক ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে বৰ্তমান ৰূপায়ন কৰি আছে জলজীৱন মিছনৰ দৰে অভিলাষী আঁচনি ৷ এই আঁচনিৰ বাবে কেন্দ্ৰৰ পৰা আহিছে বৃহৎ পৰিমানৰ পুজি ৷ সেইবাবেই এই বিভাগটোৰ গুৰুত্ব অপৰিসীম ৷ জনস্বাস্থ্য আৰু কাৰিকৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ ৰঞ্জিত দাসৰ পৰা কৰ্তন কৰা বিষয়টোৱে আগন্তুক দিনৰ বহু অৰ্থৱহ ইংগিত বহন কৰে ৷ হয়তো মন্ত্ৰী ৰঞ্জিত দাসেও এই ইংগিত স্পষ্ট ভাৱে বুজি পাইছে ৷ যাৰ বাবে তেও মুকলিকৈয়ে আক্ষেপ আৰু বিষেদগাৰ প্ৰকাশ কৰিছে ৷
গুৰুত্বপূৰ্ণ বিভাগ হেৰুওৱা আন এজন মন্ত্ৰী হ’ল বিমল বৰা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘণিষ্ঠ হিচাপে পৰিচিত বিমল বৰাই শক্তি , ক্ৰীড়া , পৰ্যটন আটাইকেইটা বিভাগেই হেৰুৱাবলগীয়া হ’ল ৷ ডিব্ৰুগড় জিলাৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰা বিমল বৰাৰ পৰা পৰ্যটন বিভাগ কাঢ়ি আনি জয়ন্ত মল্ল বৰুৱাক অৰ্পন কৰা হ’ল ৷ ইয়াৰ বিপৰীতে তেওক দিয়া হ’ল পূৰ্বে চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত থকা উদ্যোগ আৰু বাণিজ্য বিভাগ ৷ লক্ষণীয় কথাটো হ’ল উদ্যোগ আৰু বাণিজ্য বিভাগ মন্ত্ৰী বিমল বৰাৰ হাতত অৰ্পন কৰিলেও উদ্যমিতা বিকাশ বিভাগৰ দায়িত্ব দিয়া নহ’ল বিমল বৰাক ৷ অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দি অহা বিভাগটোৱে আছিল উদ্যমিতা বা দক্ষতা বিকাশ ৷উদ্যমিতা বিকাশৰ নতুন মন্ত্ৰী হ’ব জয়ন্ত মল্ল বৰুৱা ৷ মন্ত্ৰী বিমল বৰাই সংবাদমেল পাতি শক্তিখণ্ডৰ সফলতাৰ খতিয়ান ৰাজহুৱা কৰিছিল যদিও তেওৰ পৰা শক্তি দপ্তৰ কৰ্তন কৰি সেয়া অৰ্পন কৰা হ’ল নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা নন্দিতা গাৰ্লোচাক ৷ মন কৰিবলগীয়া বিষয়টো হ’ল নতুন মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্বে ভাইৰেল হৈ পৰিল শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ এটা ফোন ৰেকৰ্ডিঙ ৷ য’ত তেও স্বীকাৰ কৰিছে যে অসম লোডশ্বেডিঙমুক্ত হ’বলৈ আৰু ৫ বছৰ লাগিব ৷ অৰ্থাৎ বিভাগ হেৰুওৱাৰ পূৰ্বেই যে বিমল বৰাই আত্মসমৰ্পন কৰিছিল , সেয়া তেওৰ ফোন কলটোৰ পৰাই স্পষ্ট হৈ পৰে ৷ কিন্তু মন্ত্ৰিত্ব কৰ্তনৰ পূৰ্বে কিয় এই ফোন কলটো ভাইৰেল হৈ পৰিল , সেয়া ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈছে ৷ তাৰ পাছতো বিমল বৰাই ৰঞ্জিত দাসৰ দৰে বিশেষ আক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই ৷
মন্ত্ৰীসভাৰ আন বৃহৎ সালসলনিৰ ভিতৰত আছে চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত থকা পৰিবহন বিভাগৰ দায়িত্ব দিয়া হৈছে পৰিমল শুক্লবৈদ্যক ৷ শুক্লবৈদ্যৰ হাতত পূৰ্বৰ দৰে মীন আৰু আবকাৰী বিভাগ আছেই ৷ আনহাতে পৰিমল শুক্লবৈদ্যৰ হাতত থকা বন আৰু পৰিৱেশ বিভাগৰ দায়িত্ব দিয়া হৈছে চন্দ্ৰমোহন পাটোৱাৰীক ৷পাটোৱাৰীৰ হাতত এক্ট ইষ্ট আৰু সংখ্যালঘু উন্নয়ন বিভাগো থাকিব ৷ বন আৰু পৰিবহন দুয়োটা বিভাগেই ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম উৎস ৷ এইক্ষেত্ৰত নতুন ভূমিকাত চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিমল শুক্লবৈদ্যই কিমান পাৰদৰ্শিতা দেখুৱাব পাৰে , সেয়া লক্ষ্যনীয় হ’ব ৷ আনহাতে বন বিভাগ ৰাজহ আহৰণৰ পথ হ’লেও বিভাটোৰ অনেক বদনামো আছে ৷ বিশেষকৈ বনজ সম্পদৰ চোৰাং বেহাই সততে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰে ৷ গতিকে বন বিভাগৰ দায়িত্ব লোৱাটো চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে প্ৰত্যাহ্বানপূৰ্ণও হ’ব ৷ যদিহে পূৰ্বতকৈও বদনাম বা দুৰ্নীতিৰ অভিযোগ বাঢ়ে , তেনেহ’লে চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে ই মুঠেও শুভলক্ষণ নহ’ব ৷ কাৰণ , মন্ত্ৰীসভাত তেওৰ জিলাৰ পৰাই আন এজন মন্ত্ৰী ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে ৷

শেহতীয়া মন্ত্ৰীসভাৰ সালসলনিত অশোক সিংঘালে গুৱাহাটী উন্নয়ন দপ্তৰ হেৰুওৱাৰ বিপৰীতে অতুল বৰাই সমবায় বিভাগ আৰু যোগেন মহনে খনি আৰু খনিজাত বিভাগ হেৰুৱাবলগীয়া হয় ৷ গুৱাহাটী উন্নয়ন বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ লগতে ৰাখে ৷ আনহাতে , আন দুটা বিভাগৰ দায়িত্ব লাভ কৰে নন্দিতা গাৰ্লোচাই ৷ এইদৰে নতুনকৈ অন্তৰ্ভুক্ত হোৱা দুয়োগৰাকী মন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব লাভ কৰাৰ বিপৰীতে সামগ্ৰিকভাৱে ৰঞ্জিত দাস আৰু বিমল বৰাই গুৰুত্ব হেৰুওৱা পৰিলক্ষিত হ’ল ৷ একেদৰে চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দপ্তৰ হ’ব অতিশয় প্ৰত্যাহ্বানপূৰ্ণ ৷ বন বিভাগ পৰিচালনাত ব্যৰ্থ হোৱাৰ পৰিণতিয়ে পাটোৱাৰীৰ ৰাজনৈতিক কেৰিয়াৰক অস্তাচললৈ ঠেলি দিব পাৰে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296