Investigative reporting with dedication.
অসমখন কাৰ?কাৰোবাৰ বাপেকৰ সম্পত্তি?

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা অখিল গগৈৰ।বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত অসম বাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে।মেঘালয়ক বিবদমান এলেকাৰ মাটি এৰি দিয়াৰ পাছত অখিল গগৈৰ প্ৰশ্ন নাগালেণ্ড,অৰুণাচল, মেঘালয়,মিজোৰামে বেদখল কৰি থকা ৬৯০.১১ বৰ্গ কিলোমিটাৰ মাটি এৰি দিব নেকি বিজেপি চৰকাৰে?
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ দলৰ সভাপতি গৰাকীৰ অভিযোগ-নিজে নিজে ভাবিব,নিজে নিজে সিদ্ধান্ত লব আৰু ৰাতি ভবা কথা জনতাৰ ওপৰত জাতিৰ ওপৰত ৰাতিপুৱা জাপি দিব।চাওঁ আহক অসমবাসীলৈ লিখা পত্ৰত কি লিখিছে অখিল গগৈয়ে–





