Investigative reporting with dedication.
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। বজাৰ, মল আদিত যুগ্ম-অযুগ্ম নিয়ম উঠাই দিয়াৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী উপস্থিত থকাৰ বাবে অনুমতি জনায়।
মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰস্তাৱটি অন্তিম অনুমোদনৰ বাবে ৰাজ্যপাল অনিল বেইজাললে প্ৰেৰণ কৰে।
বিগত বৃহস্পতিবাৰে দিল্লীত ১২,৩০৬ নতুন ক’ভিড ৰোগী চিনাক্ত হয় যদিও পূৰ্বৰ তুলনাত সংক্ৰমণ হ্ৰাস পাইছে বুলি জানিব দিয়ে স্বাস্থ্য মন্ত্ৰালয়ে।

