বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে-বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানেঃ মমতা বেনাৰ্জী

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ পিছত দেশত এতিয়াও মাৰ যোৱা নাই ৰাজনৈতিক উত্তেজনা। আনকি এই হিংসাত্মক ঘটনাৰ বাবে বহু লোকে পোনপটীয়াকৈ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক দোষাৰোপ কৰিছে। ইয়াৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বমগৰ বজ্ৰকন্যা মমতা। উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন ওচৰ চপাৰ লগে লগে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ উঠিছে মমতা বেনাৰ্জী। শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ লখিমপুৰত ৪ গৰাকী কৃষকসহ ৮ জন লোক নিহত হোৱা ঘটনাৰ দোষ বিজেপিলৈ ঠেলি মমতা বেনাৰ্জীয়ে যোগীৰ শাসনকালত উত্তৰপ্ৰদেশত হত্যাৰাজ চলাৰো অভিযোগ তোলে। দেওবাৰে লখিমপুৰৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত ৮জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছতে সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীসহ বহু শীৰ্ষ কংগ্ৰেছীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহত কৃষক পৰিয়ালৰ ঘৰলৈ গৈয়ো পৰিস্থিতিৰ বুজ লয়।উত্তৰপ্ৰদেশৰ  উপ-মুখ্য মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যৰ খেৰী ভ্ৰমণৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। প্ৰতিবাদী কৃষকক এখন গাড়ীয়ে মহতিয়াই নিয়াৰ লগতে একাংশ অচিনাক্ত বন্দুকধাৰীয়ে কৃষকলৈ গুলীচালনা কৰাৰ ফলত ৮ জন লোক নিহত হৈছিল। উত্তৰপ্ৰদেশ চৰকাৰে ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে ন্যায়িক তদন্তৰো নিৰ্দেশ দিছে। অৱশ্যে ন্যায়িক তদন্তৰ অন্তত কি তথ্য পোহৰলৈ আহে সেয়াহে হব লক্ষণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296