টি-২০ ফৰ্মেটত ভাৰতৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু অৰ্থাৎ RCBৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে। RCBৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা এটা টুইট কৰা হৈছে যে বিৰাট কোহলীয়ে IPL ২০২১ ৰ পিছত RCBৰ অধিনায়কত্ব ত্যাগ কৰিব। RCBয়ে টুইটটোৰ সৈতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল য’ত কোহলীয়ে তেওঁৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্তৰ বিষয়ে কোৱা শুনা গৈছে। বিৰাট কোহলীয়ে কয় যে RCBৰ অধিনায়ক হিচাপে এয়া মোৰ অন্তিম IPL হ’ব। মই মোৰ অন্তিম খন IPL খেল খেলালৈকে RCBৰ খেলুৱৈ হৈ থাকিম। মোৰ ওপৰত বিশ্বাস কৰা আৰু মোক সমৰ্থন কৰাৰ বাবে মই RCBৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।
তিনিদিন আগতে বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটত ভাৰতৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। কোহলীয়ে এই বছৰৰ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পিছত অধিনায়কৰ পদ ত্যাগ কৰিব। কিন্তু তেওঁ টেষ্ট মেচ আৰু এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলৰ অধিনায়কত্ব অব্যাহত ৰাখিব। কোহলীয়ে উল্লেখ কৰিছে যে কোহলীয়ে বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলী, সচিব জয় শ্বাহ আৰু নিৰ্বাচকসকলৰ সৈতে কথা পাতিহে সিদ্ধান্তটোত উপনীত হৈছে।
RCBৰ অধিনায়কত্ব ত্যাগ কৰাৰ সন্দৰ্ভত কোহলীয়ে কয় যে RCB দৰে দল এটাৰ খেলুৱৈৰ প্ৰতিভাশালী গোট এটাক অধিনায়কত্ব কৰাটো এটা অনুপ্ৰেৰণাদায়ক কাম। মই এই সুযোগত RCB মেনেজমেণ্ট, প্ৰশিক্ষক, পেৰামেডিক্স, খেলুৱৈ আৰু RCB পৰিয়ালক ধন্যবাদ জনাইছো।
কোহলীয়ে লগতে কয় যে এইটো এটা সহজ সিদ্ধান্ত নাছিল। কিন্তু বহু আলোচনা-বিবেচনাৰ ফেঞ্চািজীৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। RCBৰ পৰিয়ালটো মোৰ হৃদয়ত আছে কাৰণ আমি সকলোৱে ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। মই আগতে বহুসময়ত উল্লেখ কৰাৰ দৰে মই ক্ৰিকেট খেলৰ পৰা অৱসৰ নোলোৱালৈকে কেৱল RCBৰ হৈ খেলিম।
টি-২০ ফৰ্মেটত ভাৰতৰ অধিনায়কত্ব ত্যাগ কৰাৰ পিছত কোহলীয়ে কৈছিল যে কামৰ বোজা বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। যোৱা আঠৰ পৰা ন বছৰ ধৰি মই তিনিওটা ফৰ্মেটত খেলি আছোঁ আৰু যোৱা পাঁচৰ পৰা ছয় বছৰ ধৰি নিয়মীয়াকৈ অধিনায়কত্ব কৰি আছোঁ। মই ভাবো টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলক নেতৃত্ব দিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হ’বলৈ মই নিজকে কিছু সময় দিব লাগিব।
বিৰাটে পূৰ্বৰ বিবৃতিটোত কৈছিল যে তেওঁ টি-২০ অধিনায়ক হিচাপে খেলি থকা সময়ছোৱাত দলটোক সকলো দিছিল। এতিয়া এগৰাকী বেটছমেন হিচাপে দলক সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ইণ্ডিয়ান ৰাণ মেচিন বিৰাট কোহলীয়ে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.