পঞ্জাৱৰ ১৬তম মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিৎ সিং চান্নীয়ে

Share This Article

আজি চণ্ডিগড়ত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চৰণজিৎ সিং চান্নীয়ে। ৫৮ বছৰীয়া চান্নী হল ৰাজ্যখনৰ প্ৰথম দলিত মুখ্যমন্ত্ৰী। অনুষ্ঠানটোত অ’পি চোনি আৰু সুখজিন্দৰ ৰন্ধাৱাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চামকৌৰ চাহিবৰ তিনিবাৰৰ বিধায়ক চান্নীয়ে দেওবাৰে বৈঠকৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে সৰ্বসন্মত পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.