Investigative reporting with dedication.
২৭ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান ভাৰতীয় কিষাণ ইউনিয়নৰ

দেশত এতিয়াও অব্যাহত আছে কৃষি আইন বিৰোধী কৃষক বিদ্ৰোহ। নিজৰ অধিকাৰৰ বাবে সময়ৰ সকলো প্ৰত্যাহ্বানক নেওচি প্ৰতিবাদ সাব্যস্ত কৰি আছে দেশৰ অন্নদাতা সকলে। ইয়াৰ মাজতে ভাৰতীয় কিষাণ ইউনিয়নে ২৭ ডিচেম্বৰত ভাৰত বন্ধ পালন কৰাৰ কথা ঘোষণা কৰিছে। কৃষি আইন প্ৰত্যাহাৰৰ বাবে ইয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এই বন্ধৰ আহ্বান কৰা হৈছে। মুজাফ্ফৰ নগৰৰ কিষাণ মহাপঞ্চায়তত ভাৰত বন্ধৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় নেতা দৰ্শন পাল সিঙে কয় যে কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন আৰু অধিক তীব্ৰতৰ কৰা হ’ব।
কৃষক নেতাসকলে লগতে কয় যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু অন্যান্য বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধিতা কৰা হ’ব। উল্লেখ্য যে কিষাণ মহাপঞ্চায়তত গোৰখপুৰ, লক্ষ্ণৌ, বেনাৰস, কানপুৰকে ধৰি উত্তৰ প্ৰদেশৰ সকলো বিভাগত মহাপঞ্চায়ত অনুষ্ঠিত হ’ব বুলিও সিদ্ধান্ত লোৱা হৈছে।
ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি জয়ন্ত চৌধুৰীয়ো কিষাণ মহাপঞ্চায়তত উপস্থিত আছিল। তেওঁ টুইট কৰিছিল যে তেওঁ কৃষকসকলৰ ওপৰত ফুলৰ বৰষুণ দিয়াব বিচাৰিছিল কিন্তু জিলা প্ৰশাসনে অনুমতি দিয়া নাছিল





