পুনৰ কি নতুন বিতৰ্কত বলীউডৰ লেডী ডন কংগনা ৰাণাৱত?

Share This Article

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিষয়ে আপোনাক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অনন্য জীৱন-শৈলীৰ বাবে প্ৰায়েই চৰ্চালৈ আহে কংগনা। কিন্তু এইবাৰ আহিবলগীয়া ছবি “থালাইভি”ক কেন্দ্ৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে অভিনেত্ৰী গৰাকীয়ে। বিগত কেইটামান মান বছৰত শাসকীয় দলৰ পক্ষত বিভিন্ন মানদণ্ডহীন মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কংগনা। শেহতীয়াকৈ দেশৰ বলিষ্ঠ মহিলা নেত্ৰী জয়ললিতাৰ জীৱন-ভিত্তিক ছবি থালাইভিত অভিনয় কৰিছে বলীউডৰ লেডী ডন খ্যাত কংগনা ৰাণাৱতে। জয়ললিতাৰ অনুগামীসকলৰ লগতে কংগনাৰ অনুৰাগীসকলেও ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু ছবিখনৰ মুক্তিৰ আগতে সৃষ্টি হৈছে এটা নতুন বিতৰ্কৰ। থালাইভিৰ মুক্তিক লৈ মাল্টিপ্লেক্সৰ মালিকসকলৰ বিৰুদ্ধে খঙত ফাটি পৰিছে কংগনা। কংগনাই অভিযোগ কৰিছে যে চলচ্চিত্ৰখনক ইচ্ছাকৃতভাৱে কম পৰ্দা দিয়া হৈছে অৰ্থাৎ ছবিখনৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে। চলচ্চিত্ৰখন ১০ ছেপ্টেম্বৰত পৰ্দাত মুক্তি পোৱাৰ কথা আছে যদিও নিৰ্মাতাসকলে ইয়াৰ থিয়েট্ৰিকেল মুক্তিৰ মাত্ৰ দুসপ্তাহৰ পিছত এটা জনপ্ৰিয় OTT প্লেটফৰ্মত বায়োপিকৰ প্ৰিমিয়াৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তটোত অসন্তুষ্টি প্ৰকাশ কৰিছে বহু মাল্টিপ্লেক্সৰ স্বত্বাধিকাৰীয়ে কাৰণ বহু স্বত্বাধিকাৰীয়ে ছবিগৃহ আৰু OTT প্লেটফৰ্মত ছবিখনৰ মুক্তিৰ মাজত দীঘলীয়া সময়ৰ ব্যৱধান দাবী কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.