আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?

একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ  খবৰ অনুসৰি , পদত্যাগী ৰাষ্ট্ৰপতি ঘানিয়ে উপ- ৰাষ্ট্ৰপৰি আমিৰুল্লাহ ছালেহ আৰু সহযোগীসকলৰ সৈতে আমেৰিকাত আশ্ৰয় গ্ৰহণ কৰিব ৷ ইয়াৰ লগে লগে দেশখনত ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷অফগানিস্তানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী কোন হ’ব তাক লৈও ব্যাপক চৰ্চা চলিছে ৷ দেশখনৰ প্ৰাক্তণ গৃহমন্ত্ৰী আলি আহমদ জালালি আফগানিস্তানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব বুলি ইতিমধ্যে খবৰ ওলাইছে ৷ কাবুলত জন্মগ্ৰহণ কৰিলেও জালালি ১৯৮৭ চন পৰ্যন্ত আমেৰিকাৰ নাগৰিক আছিল ৷ ২০০৩ চনত তেও উভতি গৈছিল আফগানিস্তানলৈ ৷সেই সময়তো দেশখনত ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷তেতিয়াও অন্তৰবৰ্তীকালীন চৰকাৰৰ মুৰব্বীৰ দায়িত্ব তেওকেই দিয়া হৈছিল ৷ ২০০৪ চনত নতুন চৰকাৰ গঠনৰ পাছত তেওক গৃহমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল ৷ এইবাৰো আকৌ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে আলি আহমদ জালালিৰ নামেই উচ্ছাৰিত হৈছে ৷ তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিলৈও আহি পৰিছে নতুন মোৰ ৷

ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক কেনেকুৱা ?

১৯৯৯ চনত ভাৰতৰ পৰা অপহৰণ কৰা হৈছিল এখন যাত্ৰীবাহী বিমান ৷ এই বিমানখন অপহৰণৰ পাছত লৈ যোৱা হৈছিল কান্দাহাৰ বিমান বন্দৰলৈ ৷ কান্দাহাৰ সেই সময়ত তালিবানৰ দখলত আছিল ৷ অপহৃত যাত্ৰীসকলৰ মুক্তিৰ বিষয়টোত মধ্যস্থতাও কৰিছিল তালিবানেই ৷ যাত্ৰীসকলৰ মুক্তিৰ বিনিময়ত  ভাৰতে মুকলি কৰি দিবলগীয়া হৈছিল তিনিজনকৈ সন্ত্ৰাসবাদীক ৷ইয়াৰ পূৰ্বে ১৯৯৬ চনত তালিবানে দেশখনৰ ক্ষমতা দখল কৰাৰ পাছত ভাৰতীয় কূটনীতিকসকলে দেশ এৰি আহিবলগীয়া হৈছিল ৷ সেয়ে ভাৰত আৰু তালিবানৰ মাজৰ সম্পৰ্ক সদায় তিক্ততাপূৰ্ণ ৷২০০১ চনত পুণৰ ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক যেতিয়া আৰম্ভ হ’ল , তেতিয়া আমেৰিকাৰ সেনাই তালিবানৰ ঘাটিত আক্ৰমণ আৰম্ভ কৰিলে ৷ যাৰ ফলত তালিবানে পিছ হুহুকিবলৈ বাধ্য হয় ৷ তেতিয়াৰে পৰা ভাৰতে আফগানিস্তান চৰকাৰৰ লগত সহযোগিতাৰে কাম কৰি আহিছে ৷ কেৱল ২০২০ চনতে ভাৰতে আফগানিস্তানত ১৫০ টা নতুন প্ৰকল্প ৰূপায়নৰ কথা ঘোষণা কৰিছিল ৷ইয়াৰ পূৰ্বে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ নতুন সংসদ ভবনো উদ্বোধন কৰিছিল ৷ অৰ্থাৎ ভাৰত আৰু আফগানিস্তান চৰকাৰৰ মাজত দীৰ্ঘদিন ধৰি ভাল সম্পৰ্কই চলি আহিছিল ৷ কিন্তু পুণৰ তালিবান ক্ষমতালৈ ভাৰত আকৌ এক নতুন সংকটৰ সন্মুখীন হৈছে ৷

নতুন পৰিস্থিতিত ভাৰতৰ ভূমিকা কি হ’ব ?

বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু তালিবানৰ মাজত বুজাবুজি হোৱাৰ পাছতে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰে ৷ ইয়াৰ পাছতে তালিবানী বিদ্ৰোহীয়ে পুণৰ মূৰ দাঙি উঠে ৷ কিন্তু ভাৰত তালিবানৰ লগত বুজাবুজি কৰিবলৈ মুঠেও ইচ্ছুক নহয় ৷যোৱা মাহত ইউৰোপীয় সংঘৰ উপাধ্যক্ষ বোৰবেলৰ সৈতে এক যুটীয়া বিবৃতি জাৰি কৰি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট কৰি দিছিল যে ভাৰতে কোনো কাৰণতে “ইছলামিক অমিৰত” ৰ সমৰ্থন নকৰে ৷নিজকে ‘ইছলামিক অমিৰত অৱ আফগানিস্তান’ বুলি পৰিচয় দিয়া তালিবানৰ সমৰ্থনত ভাৰত নাই ৷কিন্তু দেওবাৰে আফগানিস্তানত নতুনকৈ ক্ষমতালৈ অহা তালিবানৰ চৰকাৰক মান্যতা দিয়াক লৈ বিবুধিত পৰিছে ভাৰত ৷কাৰণ , তালিবানৰ চৰকাৰক মান্যতা দিবলৈ মুঠেও ইচ্ছুক নহয় ভাৰত ৷ সেইবাবেই আনুষ্ঠানিক স্থিতি প্ৰকাশৰ পূৰ্বে আন দেশসমূহৰ স্থিতিলৈ ভাৰতে অপেক্ষা কৰিছে ৷ কিন্তু শেহতীয়াকৈ বিষয়টোক লৈ আমেৰিকা আৰু ব্ৰিটেইনে  নীৰৱতা অৱলম্বন কৰাৰ লগতে পাকিস্তান আৰু ৰাছিয়াই তালিবানলৈ সমৰ্থন আগবঢ়াইছে ৷ স্বাভাৱিকতে ভাৰত এনে পৰিস্থিতিত আফগানিস্তানৰ পট পৰিৱৰ্তনক লৈ দোমোজাত পৰিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296