কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ সেইদৰে জিলা পৰ্যায়ৰ অনুষ্ঠানত ৫০০ আৰু মহকুমা ভিত্তিত হ’বলগীয়া অনুষ্ঠানত ৩০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ৷
আন অনুষ্ঠানৰ ক্ষেত্ৰতো উপস্থিতিৰ সংখ্যা সৰ্বাধিক ২০০ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ বন্ধ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব ৷
স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱা ব্যক্তি , চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যুগ্ম – অযুগ্ম নিয়ম আৰু সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296