নদী নেদেখোতেই কিয় কাপোৰ খোলা অৱস্থা বিজেপিৰ?

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ বতাহে সকলোকে স্পৰ্শ কৰিছে। ৫ খন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ শুকুৰবাৰে অন্ত পৰিব। ইতিমধ্যে বিগত ৭ নবেম্বৰত মিজোৰামৰ মুঠ ৪০ টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ লগতে ছত্তীশগড়ৰ নক্সাল অধ্যুষিত মুঠ ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷শুকুৰবাৰে মধ্য প্ৰদেশৰ মুঠ ২৩০ টা সমষ্টি আৰু আৰু ছত্তীশগড়ৰ ৭০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে।৫ খন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰু দায়িত্ব পালন কৰিছে ছত্তীশগড়,মধ্যপ্ৰদেশ আৰু ৰাজস্থানত।মণিপুৰত বিগত ৬ টা মাহ ধৰি একেৰাহে চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী মোডীয়ে দাঁতি কাষৰীয়া ৰাজ্য মিজোৰামলৈ আহিবলৈ দ্বিধাবোধ কৰিলে৷কিয়নো বিগত ৬ টা মাহত শতাধিক লোকে প্ৰাণ হেৰুওৱা মণিপুৰত ভৰি দিবলৈ সময় নোপোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে বিগত ৩০ অক্টোবৰত মিজোৰামলৈ অহাৰ কথা আছিল যদিও মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই গীৰ্জা ভঙা মানুহৰ লগত একেখন মঞ্চত নবহে বুলি মুকলিকৈ ঘোষণা কৰাৰ পিছত মিজোৰাম ভ্ৰমণ বাতিল কৰিছিল মোডীয়ে৷মিজোৰামত নিশ্চিত পৰাজয়ৰ পাছত তেলেংগানাতো একে দশাৰ দিশে গতি কৰিছে প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন বিজেপি। তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতিৰ লগত কংগ্ৰেছ দলক পোনপটীয়াকৈ যুঁজিবলৈ দি একপ্ৰকাৰ ৰণক্ষেত্ৰৰ পৰা ছত্ৰভঙ্গ দিছে মোডী বাহিনীয়ে। দুটা মাহ আগতে তেলেংগানাত প্ৰচাৰ চলাইছিল যদিও বিজেপিৰ উপস্থিতিয়ে কংগ্ৰেছকহে সহায় কৰাৰ সম্ভাৱনীয়তা দেখি বিজেপিয়ে একেবাৰে ভাৱলেশহীন ভাৱে যুদ্ধত নামিছে তেলেংগানাত। দেখদেখকৈ দুখন ৰাজ্যত নিশ্চিত পৰাজয়ৰ পিছত একপ্ৰকাৰ হতাশাত ভুগিচে বিজেপি।ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুৰ্খৰ চৰ্দাৰ,পদুমত টিপি সন্মুখত থকা জনক ফাঁচী দিয়া আদিৰ দৰে মন্তব্য কৰিছে৷সৌ সিদিনা প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজহুৱাকৈ গালি পাৰি কৈছিল যে তেওঁ হ’ল মূৰ্খৰ চৰ্দাৰ।ইয়াৰ পিছৰ এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল ভোট দিবলৈ যাওঁতে পদুমত টিপক আৰু সন্মুখত থকা জনক ফাঁচী দিয়ক।আনহাতে, ছত্তীশগড়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই প্ৰতিৱেশী ৰাজ্য ঝাৰখাণ্ডত উপস্থিত হৈ আদিবাসীৰ বাবে কোটি কোটি টকা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এগৰাকী প্ৰধানমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে মূৰ্খৰ চৰ্দাৰ ,বিৰোধীক ফাঁচী দিয়া আদিৰ দৰে নিম্ন মানৰ ভাষা ব্যৱহাৰ কৰাটো প্ৰকৃতাৰ্থত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷তদুপৰি প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই আচৰণ বিধি ভংগ কৰিছে।নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনী বিধি বলবৎ কৰা সময়ত কোনো নতুন ঘোষণা কৰিব নোৱাৰে৷তদুপৰি ধৰ্মীয় বিষয় ভাষণ প্ৰসংগত উল্লেখ কৰি কোনো কাৰণত জনতাক প্ৰভাবিত কৰিব নোৱাৰে। কিন্তু মধ্যপ্ৰদেশ,ৰাজস্থান আদি ৰাজ্যত ৰাম মন্দিৰৰ প্ৰকাণ্ড প্ৰকাণ্ড হৰ্ডিং লগাই সেয়া যে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰাহে সম্ভৱ হৈছে সেই কথা উল্লেখ কৰিছে বিজেপিয়ে। তদুপৰি ঝাৰখাণ্ডত আদিবাসীৰ বাবে কৰা ঘোষণাই ছত্তীশগড়ৰ ভোটাৰকো যে প্ৰভাৱিত কৰিব সেই বিষয়টো জানিও প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে। কিন্তু সকলো দেখিও নিৰ্বাচনী আয়োগে নীৰৱতা অৱলম্বন কৰিছে। এই অভিযোগবোৰ এতিয়া দেশত ল’বলৈ আছে মাত্ৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে যদি এই বিষয়টোত বিহিত ব্যৱস্থাৰ আশ্বাস দিয়ে তেন্তে দেশত গণতান্ত্ৰিক দেশৰ সুস্থ পৰম্পৰা বৰ্তি থাকিব।অন্যথা দেশৰ নিৰ্বাচনী আয়োগৰ নিৰপেক্ষ ভাৱমূৰ্ত্তিৰ প্ৰতি সাধাৰণ জনতাৰ সন্দেহ ওপজিব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296