৬৬ % দৰমহা বাঢ়িব বিধায়কৰ

হয়,বিধায়কৰ দৰমহা বাঢ়িব।বৃদ্ধি পাব বিধায়কৰ দৰমহা৷বৰ্তমান লাভ কৰি থকা দৰমহাতকৈ প্ৰায় ৬৬% বৃদ্ধি হ’ব বিধায়কৰ দৰমহা।কেন্দ্ৰীয় শাসিত ৰাজ্য দিল্লীৰ বিধায়কৰ দৰমহা বৃদ্ধি পাব৷ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন।এতিয়াৰ পৰা দিল্লীৰ বিধায়কে আগৰ ৫৪ হাজাৰৰ পৰিবৰ্তে লাভ কৰিব প্ৰতি মাহে ৯০ হাজাৰকৈ দৰমহা।ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী,অধ্যক্ষ আৰু বিৰোধী দলপতিয়ে লাভ কৰিব ১ লাখ ৭০ হাজাৰ টকা।ইয়াৰ আগতে তেওঁলোকে লাভ কৰিছিল ৭২ হাজাৰ ।উল্লেখ্য যে দিল্লীৰ বিধায়কৰ দৰমহা সুদীৰ্ঘ ১২বছৰৰ পাছতহে বৃদ্ধি পাইছে৷নতুন দৰমহা ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ’ব।কেজৰিৱাল চৰকাৰে গৃহ মন্ত্ৰালয়ক দিল্লীৰ বিধায়কৰ দৰমহা বৃদ্ধিৰ বাবে আগতেই প্ৰস্তাৱ দিছিল।তেওঁলোকে কৈছিল আন ৰাজ্যৰ বিধায়ক সকলে দিল্লীৰ বিধায়কতকৈ প্ৰায় ডেৰৰ পৰা দুগুণ বেছি দৰমহা পায় গতিকে তেওঁলোকৰ দৰমহাও বঢ়োৱা উচিত।বহুতবোৰ ৰাজ্যত বিধায়কক ঘৰ ভাড়া,কাৰ্যালয়ৰ ভাড়া,কৰ্মচাৰীৰ খৰছ,সামগ্ৰী ক্ৰয়ৰ খৰছ,গাড়ীৰ ব্যয় আদিও বহন কৰা হয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296