এটা ‘বিশেষ’ ঘৰ কিন্তু কিয় ‘বিশেষ’ ?

এটা ঘৰ !এটা অবিশ্বাস্য ঘৰ !ঘৰটোত আছে ১০ টা কোঠা !ঘৰটোৰ ৪ টা কোঠা তেলেংগানাত,৪ টা কোঠা মহাৰাষ্ট্ৰত ।শোৱনি কোঠা মহাৰাষ্ট্ৰত কিন্তু পাকঘৰ আছে তেলেংগানাত ।দুয়োখন ৰাজ্যতে কৰ দিয়ে ঘৰটোৰ গৰাকীয়ে ১৩ জন সদস্যৰ এটা পৰিয়াল।পাৱাৰ পৰিয়ালৰ আনন্দ অপাৰ।তেওঁলোকৰ নিচিনা ভাগ্যৱান পৰিয়াল হয়তো সমগ্ৰ ভাৰততে নাই।দেশৰ আন পৰিয়ালৰ তুলনাত তেওঁলোকৰ ব্যয় বেছি।কিয়নো তেওঁলোকে বহন কৰিব লাগে অধিক কৰ।পৰিয়ালটোৱে ২ খন ৰাজ্যত কৰ দিয়ে আঁচনিৰ সুবিধা লাভ কৰে দুয়ো ৰাজ্যৰ পৰা। গাড়ীৰ পঞ্জীয়ন নম্বৰৰ প্লেট দুখন।ঘৰটোৰ গৰাকী উত্তম পাৱাৰ।পাৱাৰে নিজৰ ঘৰটো সম্পৰ্কত কয় “ আমাৰ ঘৰটোক ভাগ কৰিছে মহাৰাষ্ট্ৰ আৰু তেলেংগানাই।কিন্তু ইয়াৰ বাবে আমাৰ কোনো সমস্যা হোৱা নাই ।আমি দুয়োখন ৰাজ্যতে সম্পত্তি কৰ দিওঁ।আমি আঁচনিৰ সুবিধাও লওঁ দুয়োখন ৰাজ্যৰ পৰা।”পাৱাৰ পৰিয়ালৰ এই ঘৰটোৰ সীমাক লৈ ১৯৬৯ চনতে সীমা সংঘাতৰ সৃষ্টি হৈছিল।অৱশ্যে তেতিয়াৰ এই সংঘাত আছিল কৰ্ণাটকৰ লগত।আইন অনুসৰি এই গাঁওখন মহাৰাষ্ট্ৰৰ অন্তৰ্গত। কিন্তু তেলেংগানা চৰকাৰে এই লোকসকল আৰু অঞ্চলটোক নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে সুবিধা আগবঢ়াই আহিছে ।পাৱাৰৰ পৰিয়াল বসবাস কৰা মহাৰাজাগুৰা গাঁওখন চন্দ্ৰপুৰ জিলাৰ সীমাভাৰতী জীৱতী তেহছিলৰ অন্তৰ্গত।দুয়োখন ৰাজ্যৰ সীমাত প্ৰায় ১৪ খন গাঁও আছে ।কিন্তু পাৱাৰ পৰিয়ালৰ ঘৰটোহে এনেদৰে দুয়োখন ৰাজ্যৰ সীমাই দ্বিখণ্ডিত কৰিছে ।উল্লেখ্য যে তেলেংগানাই ২০১৪ চনৰ ২ জুনত পৃথক ৰাজ্যৰ স্বীকৃতি লাভ কৰিছিল ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296