সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰামপুৰত কিয় নুমাল সমাজবাদীৰ চাকি?

উত্তৰ প্ৰদেশৰ বাণিজ্যিক নগৰী ৰামপুৰ পিছলৈ ‘ৰামপুৰী চাকু’ হিচাপে খ্যাত হৈ পৰিছিল।অঞ্চলটোত বলিউডী কায়দাৰে চলিছিল সকলো কাম কাজ।’ৰামপুৰ চাকু’ শেহতীয়াকৈ চৰ্চালৈ আহিছে।ৰামপুৰ চাকু এতিয়া চুৰীৰ বাবে নহয়,নহয় ৰামপুৰৰ ৰাজা লাইব্ৰেৰীৰ বাবে অথবা প্ৰচীন শিলালিপিৰ বাবেও নহয়,ই বিখ্যাত হৈ পৰিছে সমাজবাদী দলৰ দোষী অপৰাধী আজম খানৰ ঘাটি হিচাপেহে ।অলপতে অনুষ্ঠিত উপনিৰ্বাচনত ,মুছলমান ভোটাৰে আজম খানক ভোট দিয়াৰ পৰা বিৰত থাকিল।১৯৮০ চনৰ পৰা প্ৰথমবাৰৰ বাবে এইবাৰ ভোট নিদিলে মুছলমান ভোটাৰে সমাজবাদী পাৰ্টিক।বিগত ৮ ডিচেম্বৰত প্ৰকাশ পোৱা ফলাফলত ৰামপুৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আকাশ চাক্সেনা বিজয়ী হয়৷ৰামপুৰৰ ইতিহাসত এইটোৱেই প্ৰথম ঘটনা,যিটো কোনেও আশা কৰা নাছিল।সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী অসীম ৰাজাক ৩৪,১৩৬ টা ভোটত হৰুৱাই বিজেপি প্ৰাৰ্থী গৰাকী জয়ী হয়।২০১৯ চনত ৰামপুৰৰ বিধায়ক আজম খানক ঘৃণাসূচক মন্তব্য দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল ।আজম খানৰ বিৰুদ্ধে ৯৩ টা অপৰাধৰ গোচৰ আছে ৷তেওঁৰ বিধায়ক পদ খাৰিজ হোৱাৰ পিছত সমষ্টিটোত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল।সামাজিক আৰু ৰাজনৈতিক বিশ্লেষকৰ মতে আজম খানৰ বাবেই ৰামপুৰ সমষ্টিটোত নবাব সংস্কৃতিয়ে গঢ় লৈ উঠিছিল।“ ৰামপুৰক উত্তৰ প্ৰদেশৰ দ্বিতীয় কানপুৰ বুলি জনা যায়৷বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া এই ৰামপুৰ।ৰামপুৰত কেইবাটাও চেনি কল, বস্ত্ৰ উদ্যোগ,জাৰিৰ কাৰখানা আৰু চিলা বনোৱা কাৰখানা আছে৷ৰামপুৰৰ ৰাজা লাইব্ৰেৰীটোও বিখ্যাত।অৱশ্যে কোনেও এইবোৰ কাৰণত ৰামপুৰক নাজানে৷জনসাধাৰণে কেৱল তেওঁক সাম্প্ৰদায়িক ৰাজনীতি আৰু আজম খানৰ অনুগতৰ সংখ্যাৰ বাবেহে জানে”- এনেদৰে কয় প্ৰফেচৰ মমতাজ আৰ্ছী নামৰ ৰাজনৈতিক বিশ্লেষক গৰাকীয়ে।তেওঁ লগতে কয় “ নব্বৈৰ দশকত আজম খানে ৰামপুৰত শ্ৰমিকৰ প্ৰতিবাদৰ নেতৃত্ব লৈছিল যাৰ ফলত বৃহৎ বৃহৎ কাৰখানাবোৰ বন্ধ হৈ গৈছিল৷ এটা সময়ত এই অঞ্চলটো আজম খানৰ ঘাটি হৈ পৰিছিল৷মানুহে আজম খানৰ হস্তক্ষেপৰ বাবে আন ঠাইলৈ আন ঠাইলৈ সংস্থাপন বিচাৰি গৈছিল।”ৰামপুৰৰ ঘৰ দুৱাৰ দেখিলে অঞ্চলটো দৰিদ্ৰপীড়িত বুলি অনুমান কৰিব নোৱাৰি৷কিন্তু জনমূৰি আয়ৰ ক্ষেত্ৰত ৰামপুৰ যথেষ্ট পিছপৰা ৰামপুৰৰ জনমূৰি আয় দেশৰ ভিতৰতে সৰ্বনিম্ন।সমষ্টিটোৰ আৰ্থ সামাজিক অৱস্থা,মুছলমানৰ মাজত বিভাজন,সমাজবাদী পাৰ্টিৰ বিভাজন আদিৰ বাবে বিজেপিৰ আকাশ চাক্সেনাই এইবাৰ সহজতে জয়লাভ কৰিলে।

Leave A Reply

Your email address will not be published.