গুৰু গোঁসাই নমনা পুত্ৰ,লটিঘটি মন্ত্ৰীৰ

এগৰাকী ১৬ বছৰীয়া যুৱতীৰ ধৰ্ষণৰ লগত ত্ৰিপুৰাৰ এগৰাকী মন্ত্ৰী ভগৱান দাসৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ উনকতি জিলাত।ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে বিগত ১৯ অক্টোবৰত ১৬ বছৰীয়া যুৱতী গৰাকীক এটা তিনিমহলীয়া অট্টালিকাৰ ওপৰত উপৰ্যুপৰি ধৰ্ষণ কৰিছিল কেইগৰাকীমান পাষণ্ড যুৱকে।যুৱতীগৰাকীৰ মাতৃৰ ভাষ্য অনুসৰি প্ৰতিৱেশী এগৰাকী মহিলাই তেওঁৰ কন্যাক ১৯ অক্টোবৰৰ পুৱা লৈ গৈছিল আৰু সেই অট্টালিকাটোতেই তাইক ৰাখিছিল।ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰে এগৰাকী মহিলা।যুৱতী গৰাকীক অট্টালিকাটোলৈ লৈ অহা মহিলাগৰাকী এগৰাকী বিজেপিৰ কৰ্মী।কংগ্ৰেছ দলে এই অপৰাধৰ লগত জড়িত সকলৰ কঠোৰ শাস্তি দাবী কৰিছে ।“এজন মন্ত্ৰীৰ পুত্ৰৰ নাম সাঙোৰ খাইছে। সেয়ে আমি মুখ্যমন্ত্ৰী মাণিক ছাহাৰ পৰা এই বিষয়ত স্পষ্টীকৰণ বিচাৰিছোঁ। আমি আটাই কেইজন অভিযুক্তৰে কঠোৰ শাস্তি বিচাৰিছোঁ”-এনেদৰে কয় কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আশীষ ছাহাই।

চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় “ আমি এই ঘটনাটোৰ তদন্ত বিচাৰিছোঁ।মন্ত্ৰীৰ পুত্ৰ কেনেকৈ জড়িত সেই বিষয়েও এক সঠিক তদন্তৰ দাবী কৰিছোঁ। যদি মন্ত্ৰী পুত্ৰ সঁচাকৈয়ে জড়িত তেন্তে তেওঁক তদন্তৰ আওতালৈ অনা উচিত।”অৱশ্যে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰিছে।“ অভিযোগটো একেবাৰে অৰ্থহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। ঘটনাটো সংঘটিত হোৱাৰ দিনা তেওঁ আগৰতলাত আছিল। আমিও প্ৰকৃত দোষীয়ে শাস্তি পোৱাতো বিচাৰোঁ”-বিজেপিৰ উনকতি জিলাৰ সভাপতি পবিত্ৰ চন্দ্ৰ দেৱনাথে এনেদৰে মন্তব্য কৰিছে ।উল্লেখযোগ্য যে ত্ৰিপুৰাত ধৰ্ষণ আৰু যুৱতী অপহৰণৰ ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।কংগ্ৰেছ নেতা আশীষ চাহাই কয় “ ত্ৰিপুৰাত বিগত আঢ়ৈ বছৰত ৪০৭ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। প্ৰতি মাহতেই গড় হিচাপত ১৩টাকৈ এনে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। তদুপৰি এই সময়চোৱাত ৩০৭ জনী যুৱতী নিখোজ হৈছে আৰু ইয়াৰে ২১গৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।”কংগ্ৰেছ দলৰ মতে ইমানবোৰ ঘটনাৰ পিছত বিজেপিৰ ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই।“মুখ্যমন্ত্ৰীয়ে ভগৱান দাসক ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ খাটিৰত পদত্যাগৰ পৰামৰ্শ দিয়ক”-এনেদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে । মন্ত্ৰী ভগৱান দাসৰ একেজন পুত্ৰৰ বিৰুদ্ধে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ দিনাও বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ তথ্য আছে যদিও কেৱল মন্ত্ৰী পুত্ৰ হোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰা হোৱা নাই দাসৰ পুত্ৰক বুলি অভিযোগ কৰিছে তৃণমূল কংগ্ৰেছে ।সোমবাৰে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই মন্ত্ৰী ভগৱান দাসৰ পদত্যাগ দাবী কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296