২৫ অক্টোবৰৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতা

ওদালগুৰিত জিলা ক্ৰীড়া সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত ২৮ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল টুৰ্ণামেণ্টখন ২৫ অক্টোবৰৰ পৰা ওদালগুৰিৰ নলবাৰী খেলপথাৰত আৰম্ভ হ’ব। সোমবাৰে উদ্যোক্তা ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰণীল দৈমাৰী আৰু এবছুৰ ওদালগুৰি জিলা সভাপতি লোহিত বড়োৱে সংবাদমেল সম্বোধন কৰে। ২৮ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতাখন ২৫ অক্টোবৰৰ পৰা আৰম্ভ হৈ ৫ নৱেম্বৰত অন্ত পৰিব। উক্ত প্ৰতিযোগিতাত লুকা ছ’কাৰ এফ চি কেৰেলা , এ এচ ই বি গুৱাহাটী , ইউনাইটেড চিৰাং এফ চি , বৰহুংখা ক্লাৱ কোকৰাঝাৰ , অৰগেন ক্লাৱ ডিমাকুচি কে ধৰি ১০ টা দলে অংশগ্ৰহণ কৰিব বুলি বুলি উদ্যোক্তাই সংবাদমেলত ব্যক্ত কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব বি টি চিৰ ই এম দাওবৈচা বড়ো। প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবলৈ ওদালগুৰিৰ বিধায়ক তথা বি টি চিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীক সভাপতি হিচাপে লৈ এখন ৪০ জনীয়া শক্তিশালী সমিতি গঠন কৰা হৈছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296