ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ

২৬ এপ্ৰিল, ২০০৮ চন। কুখ্যত সংগঠন লস্কৰ ই তৈবাৰ পৰিকল্পিত আক্ৰমণত কঁপি উঠিছিল ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাই। আজি প্ৰকাশিত খবৰ অনুসৰি আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ। চোৰাংচোৱাৰ সূত্ৰ অনুসৰি এই খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ক’ৰোনা সংকটৰ দুৰ্যোগৰ সুবিধা লৈ ভাৰতত এই আক্ৰমণৰ গোপন পৰিকল্পনা পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছ‌আইৰ।
চোৰাংচোৱাৰ সূত্ৰ অনুসৰি দেওবাৰে ইছলামাবাদৰ ফাৰ্ম হাউছত দেখা পোৱা গৈছে ডাউদ ইব্ৰাহিমক। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ বাসভৱনৰ ওচৰত অৱস্থিত ডাউদ ইব্ৰাহিমৰ এই ফাৰ্ম হাউছ। আইএছ‌আইৰ এটি দলক লৈ ফাৰ্ম হাউছটোত উপস্থিত হয় ডাউদ ইব্ৰাহিম। তাতে লস্কৰ ই তৈবাৰ নেতৃত্বৰ সৈতে আক্ৰমণৰ ব্লুপ্ৰিণ্টক লৈ অনুষ্ঠিত হয় ৰুদ্ধদ্বাৰ বৈঠক। সূত্ৰ অনুসৰি তাৰ পূৰ্বে কৰাচীত ডাউদক সাক্ষাৎ কৰে লস্কৰৰ দ্বিতীয় শীৰ্ষ কামাণ্ডাৰ আব্দুল ৰহমান মক্কিয়ে।
কিদৰে আক্ৰমণ চলোৱা হ’ব, ক’ত ক’ত আক্ৰমণ কৰা হ’ব; তাক লৈ ডাউদ আৰু মক্কিৰ মাজত সবিস্তাৰে আলোচনা হয় বুলি প্ৰকাশ হৈছে। চোৰাংচোৱাৰ সূত্ৰা অনুসাৰি সমুদ্ৰ পথেৰে গুজৰাট আৰু মহাৰাষ্ট্ৰত অনুচৰসকলৰ হাতত অস্ত্ৰ-শস্ত্ৰ তুলি দিয়াৰ পৰিকল্পনা কৰিছে লস্কৰ ই তৈবাই। ডাউদ ইব্ৰাহিমৰ হৈ ভাৰতত ডি-কোম্পানীয়ৰ কাম-কাজ চলোৱা সকলৰ এই আক্ৰমণত থাকিব গুৰুত্বপূৰ্ণ ভূমিকা।
চোৰাংচোৱাৰ সূত্ৰ অনুসৰি ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাছত যোৱা বছৰেই এনে আক্ৰমণৰ পৰিকল্পনা কৰিছিল লস্কৰ ই তৈবাই। কিন্তু কঠোৰ নিৰাপত্তাৰ কাৰণে বিশেষ সুবিধা কৰিব পৰা নাছিল সন্ত্ৰাসবাদী সংগঠনটোৱে। সেয়ে এতিয়া ক’ৰোণাৰ সংকটৰ সুযোগ গ্ৰহণ কৰি আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচিছে লস্কৰ ই তৈবা আৰু আইএছআইয়ে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296