বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ

বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ। অশ্লীল কথাবতৰা, সহপাঠীক গণ ধৰ্ষণৰ পৰিকল্পনা কৰা আৰু অশ্লীল ফটো লাভ কৰা ‘বয়জ লকাৰ ৰূম’ৰ ঘটনা কোনো কিশোৰৰ কাৰ্য নহয়। দিল্লীৰ এগৰাকী ছাত্ৰীয়ে ভুৱা একাউণ্ট খুলি নিজকে কিশোৰৰ পৰিচয় দিছিল আৰু গণধৰ্ষণৰ প্ৰস্তাৱ দিছিল আন এজন কিশোৰক। প্ৰাথমিক তদন্তৰ পিছত দিল্লী আৰক্ষীৰ চাইবাৰ ক্ৰাইম ব্ৰান্সে জনাইছে এই কথা।

সম্প্ৰতি সমগ্ৰ ঘটনাটোৱে লাভ কৰিছে ব্যাপক চৰ্চা। কিন্তু প্ৰশাসনে কোনো গোচৰ ৰুজু কৰা নাই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে। দিল্লীৰ শীৰ্ষস্থানীয় পুলিচ বিষয়া আহবেশ ৰয়ে কৈছে-“যদিও ভুৱা একাউণ্ট খোলাটো অপৰাধ কিন্তু ছাত্ৰীগৰাকীৰ বিদ্বেষমূলক অভিপ্ৰায় নাছিল। সেয়ে গোচৰ ৰুজু কৰা নাই।”

প্ৰকাশিত খবৰ অনুসৰি তদন্তকাৰীয়ে জনাই যে বয়জ লকাৰ গ্ৰুপৰ কথোপকথনৰ যি স্ক্ৰীণশ্বট ভাইৰেল হৈছিল, সেয়া আচলতে ছাত্ৰীগৰাকীয়ে কিশোৰৰ ভাও ধৰি অন্য এজন ছাত্ৰলৈ প্ৰেৰণ কৰা স্ক্ৰীণশ্বট আছিল। ছাত্ৰীগৰাকীয়ে ‘সিদ্ধাৰ্থ’ নামেৰে ভুৱা একাউণ্টৰ যোগেদি কথাবাৰ্তা কৰিছিল। গণধৰ্ষণৰ প্ৰস্তাৱ দি ছাত্ৰজনৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছিল ছাত্ৰীগৰাকীয়ে। অৱশ্যে সেই প্ৰস্তাৱ নুই কৰিছিল ছাত্ৰজনে। পিছত ছাত্ৰজনে কথা পতা বন্ধ কৰি দিছিল গণধৰ্ষণৰ প্ৰস্তাৱ দিয়া ‘সিদ্ধাৰ্থ’ৰ সৈতে। তাৰ পিছতেই এই কথোপকথনৰ স্ক্ৰীণশ্বট বয়জ লকাৰ গ্ৰুপত শ্বেয়াৰ হয় আৰু পৰ্যায়ক্ৰমে সেই গ্ৰুপৰ সদস্য‌ই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে স্ক্ৰীণশ্বটসমূহ। উল্লেখ্য যে এই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ বাবে গত সপ্তাহত দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296