মেচিনগান টেবুলত , আলোচনা চলিছে প্ৰশাসনৰ ৷ এইদৰেই তালিবান নেতৃত্ব চৰকাৰ গঠনক লৈ তৎপৰ হৈ উঠিছে ৷দুই – এদিনতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ৷ সমান্তৰালভাৱে বিভিন্ন দেশৰ নেতৃত্বৰে তালিবানৰ আলোচনাও চলিছে ৷
প্ৰশ্ন উঠিছে – ভাৰতে তালিবানৰ চৰকাৰক স্বীকৃতি দিবনে ? আন্তৰ্জাতিক ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দেশে আফগানিস্তানৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে ৷ ভাৰতৰ বাবে এয়া উদ্বিগ্নতাৰ কাৰণ নেকি ? ভাৰতে বেক চেনেলত তালিবানৰ সৈতে আলোচনা আগবঢ়াইছে নেকি ?এই প্ৰশ্নবোৰ বিগত বহু দিন ধৰি চৰ্চিত হৈ আহিছে যদিও ভাৰত নীৰৱ ৷ বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ পট পৰিৱৰ্তনৰ মুহূৰ্তত ভাৰতৰ আৰম্ভণিৰে পৰা নীৰৱ হৈ ৰৈছে ৷
চাউথ ব্লকৰ মতে – তালিবান চৰকাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক কি হ’ব , সেয়া কোৱাৰ সময় এতিয়াও আহি পৰা নাই ৷ ভাৰতে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৷ অন্যান্য দেশে কি স্থিতি লয় ,সেয়াও পৰ্যবেক্ষণ কৰি আছে ৷ প্ৰতিখন দেশৰ অৱস্থান , সমস্যা আৰু কূটনৈতিক সম্পৰ্ক পৃথক ৷ তালিবানক লৈ ভাৰতৰ সমস্যা নিৰাপত্তাৰ সৈতে জড়িত ৷ গতিকে বিষয়টো গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে ৷
বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ মাধ্যমত খবৰ ওলাইছে যে আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকসকলক ওভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তালিবান নেতৃত্বৰেও আলোচনা আৰম্ভ হৈছে ৷ তালিবানে চৰকাৰ গঠন সন্দৰ্ভত নতুন দিল্লীৰ লগত কোনো আলোচনা নকৰিলেও বিভিন্ন মাধ্যমত ভাৰতে নিজৰ দাবীসমূহৰ বিষয়ে তালিবানৰ কানত পেলাইছে ৷
ভাৰতে বিচাৰিছে যে ১৯৯৬ ৰ মোল্লা ওমৰৰ দৰে কেৱল পাছতুন জনগোষ্ঠীৰ চৰকাৰ নহওক ৷ আফগানিস্তানৰ সকলো সম্প্ৰদায়ক লৈ নতুন চৰকাৰ গঠন কৰা হওক ৷নাৰী অধিকাৰ , সামাজিক অধিকাৰ আদি বিষয়সমূহত ১৯৯৬ ৰ পুণৰাবৃত্তি যাতে নঘটে , সেই বিষয়টো ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ভাৰতে স্পষ্ট কৰিছে ৷
তালিবানে চৰকাৰ গঠনক লৈ যিসকলৰ সৈতে আলোচনা চলাই আছে , তাৰ ভিতৰত দুজন ভাৰতৰ ঘণিষ্ঠ লোকো আছে ৷ তেওলোক হ’ল আফগানিস্তানৰ প্ৰাক্তণ ৰাষ্ট্ৰপতি হামিদ কাৰজাই আৰু শান্তি আলোচনাৰ অন্যতম আহ্বায়ক আবদুল্লা ৷ তেওলোকৰ মাধ্যমেৰেই ভাৰতে নিজৰ বাৰ্তা বিনিময় কৰিছে ৷
নতুন দিল্লীয়ে ভালদৰে জানে যে এতিয়া আৰু ভাৰত চৰকাৰৰ কোনো আবদাৰ আফগানিস্তানত নচলে ৷ সেয়ে হয়তো পাকিস্তানৰ দৰে মধ্যমীয়া কূটনৈতিক সম্পৰ্ক এটাৰ পোষকতা কৰা হ’ব ৷ সেই দেশৰ চৰকাৰক বৈধতা দিব ,নিয়মমাফিক দূতাবাসো থাকিব কিন্তু দ্বি পাক্ষিক বিনিময় হ;ব অতি সীমিত ক্ষেত্ৰত আৰু চৰ্ত সাপেক্ষ ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post