দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল দখল কৰাৰ পাছতে ভাৰতীয় নাগৰিকক লৈ ৰাজধানী চহৰ এৰাৰ সিদ্ধান্ত লয় ভাৰত চৰকাৰে ৷ বিগত সময়ছোৱাত কাবুল আৰু দিল্লীৰ মাজত সপ্তাহত তিনিবাৰকৈ বিমানসেৱা চলিছিল ৷ কিন্তু তালিবানৰ আগ্ৰাসনৰ পাছত এই বিমান সেৱা এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ৷ দিল্লীৰ পৰা কাবুললৈ যাবলগীয়া এখন চাৰ্টাৰ্ড বিমানৰ উৰণ আজি বাতিল কৰা হয় ৷

ইফালে , আফগানিস্তানত নতুনকৈ ক্ষমতালৈ অহা তালিবানৰ চৰকাৰক মান্যতা দিয়াক লৈ বিবুধিত পৰিছে ভাৰত ৷কাৰণ , তালিবানৰ চৰকাৰক মান্যতা দিবলৈ মুঠেও ইচ্ছুক নহয় ভাৰত ৷ সেইবাবেই আনুষ্ঠানিক স্থিতি প্ৰকাশৰ পূৰ্বে আন দেশসমূহৰ স্থিতিলৈ ভাৰতে অপেক্ষা কৰিছে ৷ কিন্‌তু শেহতীয়াকৈ বিষয়টোক লৈ আমেৰিকা আৰু ব্ৰিটেইনে শেহতীয়াকৈ নীৰৱতা অৱলম্বন কৰাৰ লগতে পাকিস্তান আৰু ৰাছিয়াই তালিবানলৈ সমৰ্থন আগবঢ়াইছে ৷ স্বাভাৱিকতে ভাৰত এনে পৰিস্থিতিত আফগানিস্তানৰ পট পৰিৱৰ্তনক লৈ দোমোজাত পৰিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296