সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৃষক আন্দোলনত ৰাহুল গান্ধী : মঞ্চত স্থান নাপালে কিয় ?

কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী দি্ল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ যন্তৰ মন্তৰত প্ৰতিদিনে অনুষ্ঠিত হৈছে কৃষক সংসদ ৷ শুক্ৰবাৰে প্ৰতিবাদী কৃষকসকলৰ ওচৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে কেবাগৰাকীও বিৰোধী সাংসদ ৷বিৰোধী সাংসদসকলে “কিষাণ চবাও , ভাৰত বচাও” শ্ল’গানেৰে কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰে ৷ কিন্তু লক্ষ্যণীয়ভাৱে কৃষক সংসদত ৰাহুল গান্ধীসহ বিৰোধী নেতাসকলক দৰ্শকৰ আসনতহে বহিবলৈ দিয়া হ’ল ৷ এই সন্দৰ্ভত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে কয় যে বিৰোধীয়ে কৃষকৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱাটো ভাল কথা ৷ কিন্তু ৰাজনৈতিক নেতাক কৃষকৰ মঞ্চত স্থান দিব নোৱাৰি ৷

কোনে কোনে সমৰ্থন দিছে কৃষক আন্দোলনক ?

- Donation -

যন্তৰ মন্তৰত চলি থকা কৃষক আন্দোলনত চামি হৈছে কংগ্ৰেছকে ধৰি তৃণমূল কংগ্ৰেছ , আম আদমী পাৰ্টী , বহুজন সমাজ পাৰ্টীৰ কেবাগৰাকীও সাংসদ ৷ ৰাহুল গান্ধীয়ে প্ৰতিবাদস্থলীত কয় যে ক’লা কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষক আন্দোলনক সমৰ্থন দিবলৈ তেওলোক যন্তৰ মন্তৰত একত্ৰিত হৈছে ৷ বিৰোধীয়ে কৃষক আন্দোলন , পেগাছাছ চোৰাংছোৱা কাণ্ডৰ বিৰুদ্ধে সংসদত আলোচনা হোৱাটো বিচাৰে ৷ কিন্তু চৰকাৰে সেয়া হ’বলৈ নিদিয়ে ৷প্ৰধানমন্ত্ৰীৰ ভাৰতীয় নাগৰিকৰ ফোনক লৈহে আগ্ৰহ বেছি ৷

বিৰোধীয়ে আগলৈ কি কৰিব ?

কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডৰ বিৰুদ্ধে বিৰোধীৰ সন্মিলিত প্ৰতিবাদ আগলৈও অব্যাহত থাকিব ৷ যোৱা ১৯ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে যদিও বিৰোধীৰ প্ৰতিবাদৰ বাবে এতিয়াও সদনৰ কাম কাজ আৰম্ভ হোৱা নাই ৷বিৰোধীৰ মতে পেগাছাছ কাণ্ড সন্দৰ্ভত চৰকাৰ তদন্তৰ বাবে সাজু হ’লেহে তেওলোকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিব ৷

Leave A Reply

Your email address will not be published.