কৃষক আন্দোলনত ৰাহুল গান্ধী : মঞ্চত স্থান নাপালে কিয় ?

কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী দি্ল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ যন্তৰ মন্তৰত প্ৰতিদিনে অনুষ্ঠিত হৈছে কৃষক সংসদ ৷ শুক্ৰবাৰে প্ৰতিবাদী কৃষকসকলৰ ওচৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে কেবাগৰাকীও বিৰোধী সাংসদ ৷বিৰোধী সাংসদসকলে “কিষাণ চবাও , ভাৰত বচাও” শ্ল’গানেৰে কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰে ৷ কিন্তু লক্ষ্যণীয়ভাৱে কৃষক সংসদত ৰাহুল গান্ধীসহ বিৰোধী নেতাসকলক দৰ্শকৰ আসনতহে বহিবলৈ দিয়া হ’ল ৷ এই সন্দৰ্ভত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে কয় যে বিৰোধীয়ে কৃষকৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱাটো ভাল কথা ৷ কিন্তু ৰাজনৈতিক নেতাক কৃষকৰ মঞ্চত স্থান দিব নোৱাৰি ৷

কোনে কোনে সমৰ্থন দিছে কৃষক আন্দোলনক ?

যন্তৰ মন্তৰত চলি থকা কৃষক আন্দোলনত চামি হৈছে কংগ্ৰেছকে ধৰি তৃণমূল কংগ্ৰেছ , আম আদমী পাৰ্টী , বহুজন সমাজ পাৰ্টীৰ কেবাগৰাকীও সাংসদ ৷ ৰাহুল গান্ধীয়ে প্ৰতিবাদস্থলীত কয় যে ক’লা কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষক আন্দোলনক সমৰ্থন দিবলৈ তেওলোক যন্তৰ মন্তৰত একত্ৰিত হৈছে ৷ বিৰোধীয়ে কৃষক আন্দোলন , পেগাছাছ চোৰাংছোৱা কাণ্ডৰ বিৰুদ্ধে সংসদত আলোচনা হোৱাটো বিচাৰে ৷ কিন্তু চৰকাৰে সেয়া হ’বলৈ নিদিয়ে ৷প্ৰধানমন্ত্ৰীৰ ভাৰতীয় নাগৰিকৰ ফোনক লৈহে আগ্ৰহ বেছি ৷

বিৰোধীয়ে আগলৈ কি কৰিব ?

কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডৰ বিৰুদ্ধে বিৰোধীৰ সন্মিলিত প্ৰতিবাদ আগলৈও অব্যাহত থাকিব ৷ যোৱা ১৯ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে যদিও বিৰোধীৰ প্ৰতিবাদৰ বাবে এতিয়াও সদনৰ কাম কাজ আৰম্ভ হোৱা নাই ৷বিৰোধীৰ মতে পেগাছাছ কাণ্ড সন্দৰ্ভত চৰকাৰ তদন্তৰ বাবে সাজু হ’লেহে তেওলোকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিব ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296