মিছ ইণ্ডিয়াৰ ২০১৬ৰ ফাইনেলিষ্ট ঐশ্বৰ্য শ্বেৰাণৰ UPSC ত ৯৩ স্থান লাভ

প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৯৩ স্থানত উত্তীৰ্ণ হৈছে femina মিছ ইণ্ডিয়াৰ ২০১৬ ৰ ফাইনালিষ্ট তথা কেম্পাছ প্ৰিন্সছেছ দিল্লী আৰু ফ্ৰেশফেছ দিল্লী ২০১৫ বিজেতা ঐশ্বৰ্য শ্বেৰাণ।

দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কমাৰ্চ কলেজৰ পৰা স্নাতক কৰা ঐশ্বৰ্যৰ দেউতাক অজয় কুমাৰ এজন সেনা বিষয়া।

সংবাদ মাধ্যয়মত জনোৱাৰ মতে তেওঁৰ মাতৃয়ে তেওঁৰ নাম ঐশ্বৰ্য ৰায়ৰ লগত মিলাই দিছিল যাতে তেওঁ এদিন মিছ ইণ্ডিয়া হয়।

প্ৰশাসনিক বিষয়া হৈ দেশৰ বাবে কাম কৰাটো তেওঁৰ স্বপ্ন আছিল বাবেই তেওঁ নিজৰ মডেলিং কেৰিয়াৰৰ পৰা কেইবছৰমান অব্যাহতি লৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰস্তুতি চলাইছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296