কিস্তিৰ সলনি ঢালিলে গৰম তেল !

ঋণৰ কিস্তি আনিবলৈ গৈ বিপদত প্ৰবন্ধক ।ঋণৰ কিস্তিৰ সলনি ঢালিলে এক কেৰাহী গৰম তেল ।গুৰুতৰভাৱে আহত প্ৰবন্ধক পালেগৈ হস্পিতাল।ৰাজস্থানৰ ঝুনিঝুনুত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ঋণৰ কিস্তি দিব নোৱাৰি গ্ৰাহকে সংগ্ৰাহকৰ গাত মাৰি দিলে এক কেৰাহী গৰম তেল।ঘটনাটোত গুৰুতৰভাৱে আহত ব্যক্তি দুগৰাকীক বৰ্তমান ঝুনিঝুনুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঝুনিঝুনুৰ ৰাণী সতী ৰ’ডৰ বাসিন্দা সুৰেন্দ্ৰ স্বামীয়ে এটা পাৰ্চনেল লোণ লৈছিল।এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল তেওঁ৷তেওঁ সময়ত ঋণৰ কিস্তি দিব পৰা নাছিল৷কুলদীপ আৰু নবীন কুমাৰ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক দুজনে কিস্তি সংগ্ৰহ কৰিবলৈ স্বামীৰ ঘৰত উপস্থিত হৈছিলগৈ৷সেই সময়ত স্বামী ঘৰত উপস্থিত নাছিল।তেওঁলোকে স্বামীক ফোন কৰিছিল।স্বামীয়ে এক নিৰ্দিষ্ট স্থানলৈ তেওঁলোকক মাতি পঠিয়াইছিল।তাত দুয়ো পক্ষৰ কথাৰ কটাকটি হৈছিল।তাতেই খৰ্গহস্ত হৈ স্বামীয়ে ওচৰৰ হোটেলৰ পৰা এক কেৰাহী গৰম তেল লৈ সংগ্ৰাহক দুজনৰ গালৈ দলিয়াই দিছিল।ঘটনা সংঘটিত কৰিয়েই সুৰেন্দ্ৰ স্বামীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296