সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

কোন কোন মন্ত্ৰীৰ দালালে দপদপাই আছে দিছপুৰত?

শেহতীয়াকৈ দিছপুৰত দালালৰাজৰ ঘাটি পতাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ বৰঘৰৰ মানুহ। বিজেপি নেতাৰ দ্বাৰা সংঘটিত ভুৱা ৱৰ্ক অৰ্ডাৰৰ ২৫০ কোটি টকীয়া প্ৰৱঞ্চনাৰ ঘটনাৰে সংযোগ ওলাইছে বিজেপি মন্ত্ৰীৰ বৰঘৰৰ। নয়ডাৰ ব্যৱসায়ীৰ পৰা আদিবাসী উন্নয়ন পৰিষদৰ…

হিন্দু-মুছলমান নহয়, এইবাৰ বৰাক-ব্ৰহ্মপুত্ৰৰ ৰাজনীতি

অসম চুক্তিৰ ৬ নং দফাক লৈ গঠিত কমিটীৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে কেন্দ্ৰৰ গৃহ বিভাগে৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈও শেষত মূৰপোলোকা মাৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তাৰ বিপৰীতে অসম চৰকাৰে এই প্ৰতিবেদনৰ ৪০…

নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ

২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ

২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ…

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা। ১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত…

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয়…