দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি

Share This Article

দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি দলৰ সক্ৰিয় মুখপাত্ৰসকল নিমাত৷ বহুবল্কী বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকল নিমাত৷ ট্ৰাম্পৰ শুল্ক নীতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি কোঙা কৰাৰ সময়ত আমাৰ দেশৰ বিজেপি দলৰ নেতাসকল বাৰু কি কামত ব্যস্ত হৈ আছে? তেওঁলোক কি কামত ব্যস্ত আছে জানেনে? তেওঁলোক ব্যস্ত আছে মন্দিৰ শুদ্ধিকৰণত৷ বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ সকলোতে তেওঁলোক এনেবোৰ কামতেই ব্যস্ত৷

ৰাজস্থানৰ ৰাম মন্দিৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ মন্ত্ৰীসভাৰ এগৰাকী দলিত মন্ত্ৰী টিকাৰাম জুলিয়ে প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যখনৰ বিজেপিৰ কৰ্মকৰ্তাই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ সমগ্ৰ মন্দিৰটো বিজেপিৰ নেতাই গাখীৰেৰে ধুবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়৷ কেৱল ৰাজস্থানতেই নহয় বিহাৰ আৰু উত্তৰ প্ৰদেশতো একে ঘটনাই ঘটিছে। বিগত ৫ ফেব্ৰুৱাৰীত  কংগ্ৰেছ নেতা কানহায়া কুমাৰে বিহাৰত ‘প্ৰব্ৰজন বন্ধ কৰক, ইয়াতেই সংস্থাপনৰ ব্যৱস্থা কৰক’ শ্লোগানেৰে এক যাত্ৰা আৰম্ভ কৰিছিল৷ এই যাত্ৰাৰ সময়ত তেওঁ বনগাঁও নামৰ অঞ্চলটোত অৱস্থিত এটা দুৰ্গা মন্দিৰত প্ৰৱেশ কৰিছিল৷ নিম্ন জাতিৰ ব্যক্তি কানহায়া মন্দিৰটোত প্ৰৱেশ কৰা বাবে মন্দিৰটো  ধুই পৰিষ্কাৰ কৰে বিজেপিৰ কৰ্মকৰ্তাই৷ বিজেপিৰ এনে কাৰ্যৰ পিছতেই জাতপাতৰ ৰাজনীতিক সমালোচনা কৰিছে কংগ্ৰেছ নেতৃত্বই৷ জ্ঞান ৰতন গুপ্তাই কয় যে বিজেপিৰ মানুহ ইমান পবিত্ৰ নে যে তেওঁলোক য’তেই সোমায় সেই স্থানেই পবিত্ৰ হৈ পৰে৷ বিজেপিয়ে এনেদৰে বিৰোধী দলৰ নেতাক অস্পৃশ্য সজাব খোজাটো কোনো কাৰণতে গ্ৰহণীয় নহয়৷

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে অলপতে কনৌজৰ এটা মন্দিৰত প্ৰৱেশ কৰাৰ পিছত সেই মন্দিৰো শুদ্ধিকৰণ কৰিছিল বিজেপিয়ে৷ মুঠতে এই কেইটা দিনত কেন্দ্ৰত NDAক নেতৃত্ব দিয়া বিজেপি দলৰ কাম কেৱল নিম্ন বৰ্ণৰ লোক মন্দিৰত প্ৰৱেশ কৰাৰ পিছতেই মন্দিৰটো ধুই শুদ্ধ কৰা৷ তদুপৰি আন একাংশ ব্যস্ত আছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা মোগল সম্ৰাট ঔৰংগজেৱৰ সমাধিক্ষেত্ৰ উঠাই নিয়াৰ দাবীত৷

দেশৰ জনতা আন বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা সময়ত এনেদৰে নীচ জাতিক অৱহেলা কৰা বিষয়টোক সহজভাৱে লোৱা নাই RSS-এ৷ বিজেপিৰ অভিভাৱক সংগঠন RSSৰ মতে বিজেপি অথবা NDA শাসিত ৰাজ্যত বাৰে বাৰে বিৰোধী দলৰ নেতাক অৱহেলা কৰা, দলিত-পিছপৰা সম্প্ৰদায়ৰ হোৱা বাবেই মন্দিৰ শুদ্ধিকৰণ কৰা আদি বিষয়ে আগন্তুক বিহাৰ নিৰ্বাচনত দলটোক ক্ষতিগ্ৰস্ত কৰিব বুলি ধাৰণা কৰিছে সংগঠনটোৱে৷ সেয়ে আগন্তুক দিনত বিজেপিক এনে মন্দিৰ মছজিদৰ ৰাজনীতিৰ পৰা আঁতৰত থকাৰ আহ্বান জনাইছে RSS এ৷ অৱশ্যে এইবাৰেই নহয়, ইয়াৰ আগতেও মছজিদৰ তলত মন্দিৰ বিচৰা কাৰ্যক সমালোচনা কৰিছিল RSS প্ৰধান মোহন ভগৱতে৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.