চিমেণ্ট কোম্পানীৰ সন্মুখত কিয় ৰৈ যায় বুলড’জাৰ?

শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত৷ পূর্বতে উচ্ছেদ চলোৱা স্থানত পুনৰ আশ্ৰয় লোৱা অবৈধ দখলদাৰীৰ বিৰুদ্ধে প্ৰশাসনে পুনৰ চলাইছে উচ্ছেদ অভিযান৷ কচুতলীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মাজতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে বিশেষ দুখন উচ্ছেদৰ জাননীয়ে৷

সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ মৌজাৰ সৰুটাৰী গাঁৱত চলি আছে দুটাকৈ বৃহৎ উদ্যোগ৷ এটা হৈছে ছুপাৰলাইট এএচি ব্লকছ ইণ্ডাষ্ট্ৰী আৰু আনটো পূর্বাঞ্চল চিমেণ্ট প্ৰাইভেট লিমিটেড৷ তথ্যই কয়, ইটা আৰু চিমেণ্টৰ এই উদ্যোগ দুটা ট্ৰাইবেল বেল্টৰ ভূমিত স্থাপন কৰা হৈছে৷

ছুপাৰলাইট এএচি ব্লকছ ইণ্ডাষ্ট্ৰীলৈ চক্ৰ বিষয়াৰ পত্ৰ

বিগত ২৯ জানুৱাৰীত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ছুপাৰলাইট এএচি ব্লকছ ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ৷ এই পত্ৰত উল্লেখ কৰা অনুসৰি,সোণাপুৰ ৰাজহ চক্ৰৰ সোণাপুৰ মৌজাৰ সৰুটাৰী গাঁৱৰ ট্ৰাইবেল বেল্টৰ অধীনষ্ঠ ৩৫ নং দাগ আৰু ৩০ নং পট্টাৰ ১৬ বিঘা ১৩ লেছা ভূমি অবৈধভাবে দখল কৰি উক্ত উদ্যোগটো স্থাপন কৰা হৈছে৷ অসম ভূমি নীতি-২০১৯ ৰ নীতি অমান্য কৰি দখল কৰা ভূমিখিনি জাননী জাৰি কৰাৰ ১৫ দিনৰ ভিতৰত খালী কৰি দিবলৈ নির্দেশ প্ৰদান কৰা হৈছিল একেই পত্ৰত৷ ইয়াৰ পাছত বিগত ১০ মার্চত সোণাপুৰ ৰাজহ চক্ৰ বিষয়াই পৃথকে পৃথকে দুখন পত্ৰ প্ৰেৰণ কৰে সোণাপুৰ আৰক্ষী থানা আৰু এ পি ডি চি এললৈ৷ সোণাপুৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰা পত্ৰত চক্ৰ বিষয়া গৰাকীয়ে ১১ মার্চত চুপাৰলাইট ব্লক ইণ্ডাষ্ট্ৰী আৰু পূর্বাঞ্চল চিমেণ্ট প্ৰাইভেট লিমিটেডত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি অৱগত কৰি প্ৰয়োজনীয় নিৰাপত্তাৰক্ষী মোতায়েনৰ বাবে অনুৰোধ জনায়৷ একেদৰে উচ্ছেদৰ দিনটোত প্ৰতিষ্ঠান দুটাৰ বিদ্যুৎ কর্তন কৰিবলৈও পত্ৰ যোগে এ পি ডি চি এলক আহ্বান জনাইছিল সোণাপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে।

সোণাপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ছুপাৰলাইট এ এচি ব্লকছ ইণ্ডাষ্ট্ৰীক ২৯ জানুৱাৰীতেই পত্ৰযোগে ভূমিখিনি ১৫ দিনৰ ভিতৰত খালী কৰি দিবলৈ নির্দেশ প্ৰদান কৰিছিল৷ একেদৰে ১০ মার্চত চক্ৰ বিষয়া গৰাকীয়ে আৰক্ষী আৰু এ পি ডি চি এললৈ প্ৰেৰণ কৰা পত্ৰত ১১ মার্চৰ পুৱাৰে পৰা ছুপাৰলাইট এএচি ব্লকছ ইণ্ডাষ্ট্ৰী আৰু পূর্বাঞ্চল চিমেণ্ট প্ৰাইভেট লিমিটেডত উচ্ছেদ চলোৱা হ’ব বুলি অৱগত কৰিছিল৷ কিন্তু লক্ষণীয়ভাবে শুকুৰবাৰ পর্যন্ত এই দুটা বৃহৎ পুঁজিপতিগোষ্ঠীৰ দেৱালত হাতুৰীৰ কোব এটাও নপৰিল৷

উল্লেখ্য যে, সদৌ অসম ট্ৰাইবেল সংঘই ছুপাৰলাইট এএচি ব্লকছ ইণ্ডাষ্ট্ৰীয়ে ট্ৰাইবেল বেল্টৰ ৩৩ বিঘা ভূমি আৰু পূর্বাঞ্চল চিমেণ্ট প্ৰাইভেট লিমিটেডে ১০৬ বিঘাকৈ ভূমি অবৈধ ভাবে হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ ইফালে অসম বিধানসভাৰ অনূসূচিত জাতি আৰু অনুসূচিত জনজাতি কল্যাণ সমিতিয়ে ট্ৰাইবেল বেল্টৰ ভূমিত স্থাপন কৰাৰ এই দুই প্ৰতিষ্ঠানত উচ্ছেদৰ সিদ্ধান্ত লৈছিল৷ পিছে ৰাজহ চক্ৰ বিষয়াই উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছতো কেনেকৈ আজি পর্যন্ত এই দুই প্ৰতিষ্ঠান অক্ষত হৈ আছে তাকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ কিন্তু বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, জিলা আয়ুক্তৰ কার্যালয়ৰ চূড়ান্ত অনুমোদন নোপোৱাৰ বাবেহে আজিও বুলড’জাৰ চলা নাই এই দুই বৃহৎ প্ৰতিষ্ঠানত৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296