ৰাজহুৱা মাটি গোপনে নিজৰ কৰাৰ ষড়যন্ত্ৰ অশোক সিংঘালৰ পত্নীৰ

Share This Article

ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পত্নীৰ কাণ্ডই স্তম্ভিত কৰি তুলিছে সমষ্টিবাসীক৷ ২০ বছৰে মহিলা সমিতিৰ সংৰক্ষণত থকা ভূমি গোপনে নিজৰ নামত ম্যাদী কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে অশোক সিংঘালৰ পত্নী শিল্পী আনন্দ সিংঘালৰ বিৰুদ্ধে৷

বৃহত্তৰ ঢেকিয়াজুলি মহিলা সমিতিয়ে ঢেকিয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত ১৬৬ নং দাগৰ ২২ বিঘা মাটি বিগত ২০ বছৰে নিজৰ দখলত সুৰক্ষিত কৰি ৰাখিছিল৷ পৰৱৰ্তী সময়ত বিধায়ক অশোক সিংঘল আৰু প্ৰশাসনৰ অনুৰোধত তেওঁলোকে সংৰক্ষিত কৰি ৰখা ১৭ বিঘা মাটিত শ্বহীদ ন্যাস স্থাপনৰ বাবে এৰি দিছিল৷ তাৰ পাছত বাকী ৰৈ যোৱা ৫ বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে অনুদান বিচাৰিছিল বিধায়ক অশোক সিংঘালৰ পৰা৷ সেই মৰ্মে মহিলা সমিতিৰ দখলত থকা ৫ বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷ ২০২০ চনৰ ১ নবেম্বৰত ঢেকিয়াজুলীৰ বিধায়ক অশোক সিংঘাললৈ বৃহত্তৰ ঢেকিয়াজুলি মহিলা সমিতিয়ে পত্ৰযোগে তেওঁলোকৰ দখলত থকা মাটিত অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম নিৰ্মাণৰ বাবে চৰকাৰী অনুদান আহ্বান কৰিছিল৷ পত্ৰত লগতে অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমৰ লগতে ১৯৪২ চনৰ শ্বহীদ স্মাৰক প্ৰেক্ষাগৃহৰ চোৱাচিতা আৰু পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰো অনুৰোধ জনায়৷

ইয়াৰ কেইদিনমানৰ পাছতেই ২০২০ চনৰ ২৮ নবেম্বৰত এই পত্ৰৰ উত্তৰ প্ৰদান কৰি অশোক সিংঘালে লিখে, ২০ বছৰ আপোনালোকৰ সংৰক্ষণত থকা ১৭ বিঘা মাটি বৃদ্ধাশ্ৰম আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাৰণে দিয়া বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো৷ পত্ৰত লগতে অশোক সিংঘালে এই কথাও লিখে যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই অনুষ্ঠানৰ চোৱা চিতা কৰাৰ দায়িত্ব লাভ কৰিব৷

এই অনুসৰি উক্ত স্থানত নিৰ্মাণ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই শুভাৰম্ভ কৰিছিল বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ৷ কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মহিলা সমিতিয়ে সেই মাটি নিজৰ নামত ম্যাদীকৰণ কৰিবলৈ বসুন্ধৰা আঁচনিৰ যোগেদি আবেদন কৰে, তেতিয়াই ওলাই পৰে গোমৰ ফাক৷ মহিলা সমিতিক অন্ধকাৰত ৰাখি এই মাটিৰ নামত বসুন্ধৰা আঁচনিত আবেদন কৰিছে মন্ত্ৰী অশোক সিংঘালৰ পত্নী শিল্পী আনন্দ সিংঘালে৷ যেতিয়াই একেই দাগ নম্বৰৰ মাটিৰ বিপৰীতে মহিলা সমিতিয়ে বসুন্ধৰা আঁচনিত আবেদন কৰিলে তাৰ পাছতেই জিঅ’ টেগ কৰিবলৈ উক্ত স্থানত উপস্থিত হৈছিল লাট মণ্ডল৷ তেতিয়াহে মহিলা সমিতিয়ে জানিব পাৰিলে যে যি মাটি তেওঁলোকে ২০ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছিল, আৰু পৰৱৰ্তী সময়ত অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিছিল, সেই মাটি নিজৰ নামলৈ নিবৰ বাবে আবেদন কৰি থৈছে অশোক সিংঘালৰ পত্নীয়ে৷

কাহিনী ইমানতেই শেষ হোৱা নাই৷ মাটি নিজৰ নামত আবেদন কৰাৰ কথা গম পাই যেতিয়া মহিলা সমিতিয়ে উপায়ন্তৰ হৈ ৰাজহুৱা সভা আহ্বান কৰিছিল, তেতিয়া এই সভা যিকোনো প্ৰকাৰে বন্ধ কৰিবলৈ মন্ত্ৰী অশোক সিংঘালে হেঁচা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে৷ সভা আহ্বান কৰিবলৈ মহিলা সমিতিৰ বিষয়ববীয়াসকল যেতিয়া নাচোৰবান্দা হৈ পৰিল তাৰ পাছতেই উপায়ন্তৰ হৈ ক্ষমা খোজে মন্ত্ৰী অশোক সিংঘালে৷ লগতে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মহিলা সমিতিৰ সকলো কথা মানি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.