নিৰ্বাচনৰ পূৰ্বে অন্তৰ্কন্দলত জৰ্জৰিত বিজেপি

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অভূতপূৰ্ব সংকটৰ মুখামুখি হৈছে বিজেপি দল৷ দলৰ মাজতে গা কৰি উঠিছে প্ৰবল অন্তৰ্কন্দলে৷ যাৰ বাবে ইজনৰ পাছত সিজন নেতা কৰ্মীক বহিষ্কাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে গেৰুৱা দলটোৰ ভিতৰত৷ পহিলা ব’হাগতেই প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল বিজেপিৰ ভিতৰচ’ৰাত উদ্ভৱ হোৱা অৰাজকতাৰ ছবিখন৷ সিদিনা মুখ্যমন্ত্ৰীৰ সন্মুখতে নিজ গৃহজিলাত ৰাজ্যিক সভাপতিৰ ককৰ্থনাৰ সন্মুখীন হৈছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ দলীয় অনুশাসন ৰক্ষাৰ বাবেই এই ধমক দিবলগীয়া হৈছিল বুলি সদৰী কৰিছিল সভাপতি দিলীপ শইকীয়াই৷ কিন্তু তাৰ পাছতো সংঘাতৰ পৰা মুক্ত নহ’ল বিজেপি৷ এয়া ২ মে’ত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই দিয়া এক নিৰ্দেশৰ প্ৰতিলিপি৷
এই নিৰ্দেশৰ জৰিয়তে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গিতিকা কাকতিক৷ দলীয় অনুশাসন ভংগৰ বাবেই এই সিদ্ধান্ত লৈছে দলটোৱে৷ জানিব পৰা মতে, গিতিকা কাকতিয়ে বিজেপি প্ৰাৰ্থীৰ সলনি নিৰ্বাচনত গোপনে সহায় কৰিছিল কংগ্ৰেছ প্ৰাৰ্থীক৷ সেইবাবেই বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই কঠোৰ স্থিতি গ্ৰহণ কৰে৷ অনুশাসন ভংগৰ এয়াই প্ৰথমটো ঘটনা নাছিল ৷ ইয়াৰ পূৰ্বে দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি দলৰ পৰা নিলম্বন হৈছে গোলাঘাটৰ মনোজ গগৈ ৷

তাৰ পূৰ্বেও বিশ্বনাথৰ জনতা কাৰ্ডং, নৱজিত নেওগ, বঙাইগাঁৱৰ বিপিন চন্দ্ৰ দাস, ঢকুৱাখানাৰ মমী শইকীয়া, কলিয়াবৰৰ ৰিংকু পাৰিদা, নগাঁৱৰ ফাৰনাজ আহমেদ, তিনিচুকীয়াৰ অৰুণজ্যোতি দিহিঙীয়া, ডিব্ৰুগড়ৰ জোৎস্না কৈৰী আদিকো দলৰ পৰা বহিষ্কাৰ কৰিবলগীয়া হৈছে৷কিয়নো এইসকল বিজেপি নেতাই দলৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷

সাংগঠনিক নিৰ্দেশনা…

Posted by BJP Assam Pradesh on Wednesday 30 April 2025

এই জাননীসমূহেই প্ৰমাণ কৰে যে নিৰ্বাচনৰ সময়ছোৱাত বিজেপিৰ ভিতৰচ’ৰাত প্ৰবল সংঘাতে গা কৰি উঠিছে৷ ইপিনে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বেও একেই ছৱি দেখা গৈছে মধ্য আৰু নামনি অসমত৷ নিৰ্বাচনৰ পূৰ্বে আৰু বহু ঠাইত প্ৰাৰ্থীক লৈ অসন্তুষ্ট বিজেপি কৰ্মীয়ে গোপনে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিয়াৰ বাতৰিও ওলাই আছে৷ সি যি কি নহওক অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে শাসক দলটোৰ মাজত সৃষ্টি হোৱা সংঘাত দলটোৰ বাবে মুঠেও ভাল খবৰ হিচাপে বিবেচিত হোৱা নাই৷ কিয়নো ২০২৬ ৰ পূৰ্বে এনে সংঘাতে বিশাল ৰূপ লোৱাৰ আশংকাও নথকা নহয়৷ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই এনে সংঘাত দূৰ কৰিবলৈ কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296