স্বাভিমান বিসৰ্জন! বিজেপিৰ নাগপাশত আৱদ্ধ হৈ হাতী এৰি পদুমৰ ছবিৰে নিৰ্বাচন খেলিবলৈ সাজু অগপ প্ৰাৰ্থী

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপিৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হৈ পৰিছে একালৰ জাতীয়তাবাদী আঞ্চলিক দল অসম গণ পৰিষদ। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত হোৱা অগপক এসময়ত ৰাইজে হিয়া উজাৰি মৰম দিছিল। অসম গণ পৰিষদ মানেই যেন অসমীয়াৰ আৱেগৰ প্ৰাণ আছিল। সেই অগপই এদিন ৰাষ্ট্ৰীয় হিন্দুত্ববাদী দলৰ ওচৰত নতশিৰ কৰিব বুলি কোনেও আশা কৰা নাছিল। কিন্তু একাংশ শীৰ্ষ নেতাৰ একমাত্ৰ ক্ষমতাৰ লালসাৰ বাবেই যেন অগপৰ প্ৰতি থকা অসমীয়াৰ আৱেগকণো টুটি আহিল। তাৰমাজতেই শেষৰকণ মৰ্যাদাও যেন এইবাৰ ম্লান পৰিল অগপৰ। নিজৰ দলীয় প্ৰতীক থকাৰ পাছতো, মিত্ৰজোঁটৰ গইনাৰে এইবাৰ অগপ দলৰ প্ৰাৰ্থীয়ে পদুম ফুলৰ চিনত নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত ল’লে।

৯ এপ্ৰিল, ২০২৫ তাৰিখে টিংখং সমষ্টিত অনুষ্ঠিত হোৱা এখন সভাত স্থানীয় বিধায়ক বিমল বড়াৰ উপস্থিতিত লেঙেৰী জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচনত অৱৰ্তীণ হোৱা অগপ কৰ্মী প্ৰশান্ত বৰাই নিজ মুখেৰেই ক’লে-“ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা অসম গণ পৰিষদৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ যদিও এইবাৰ মই ভাৰতীয় প্ৰতীক চিহ্নতেই অৱৰ্তীণ হ’বলগীয়া হৈছে। গতিকে মই অসম গণ পৰিষদৰ হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক চিহ্নত লেঙেৰী জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছোঁ।”

উল্লেখ্য যে ৯ এপ্ৰিলত বিজেপিৰ ৰাজ্যিক ভৱনত অনুষ্ঠিত হোৱা সভাত গণশক্তি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে বিজেপিৰ চিহ্নত খেলিব বুলি ঘোষণা কৰিছিল। য়িটো দলৰ  পৰাই ৰাজনীতিত দপদপাই আছিল ভুৱন পেগুৰ দৰে নেতাই, সেই দলক কিদৰে নিঃশেষ কৰিলে বিজেপিয়ে, সেয়াও সৰ্বজনবিদিত। আৰু এতিয়া অগপৰ ক্ষেত্ৰতো বিজেপিয়ে অনুৰূপ কৌশলেই অৱলম্বন কৰিছে যাতে বাকী থকা অগপৰ অস্তিত্বকণো বিজেপিয়ে গ্ৰাস কৰি শেষ কৰিব পাৰে। হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুঠ ৩২০ টা সমষ্টিত নিজ দলৰ প্ৰাৰ্থী দিয়াৰ বিপৰীতে অগপ দলক ৭৭ খন জিলা পৰিষদৰ আসন অগপক প্ৰদান কৰিছে। ইয়াৰে ৩২০ খনৰ ভিতৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তি দলো থাকিব আৰু তেওঁলোকৰ প্ৰাৰ্থীয়ে বিজেপিৰ পদুম চিহ্নত নিৰ্বাচনত উঠিব। কিন্তু এতিয়া টিংখং সমষ্টিত অগপ প্ৰাৰ্থীয়ে পদুম ফুলৰ চিনত নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে স্বাভাৱিকতে অগপৰ অস্তিত্ব আৰু মৰ্যাদাৰ ওপৰত উত্থাপন হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296