সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?

মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ…

আৰ বি এছ ৰিয়েল্টৰ্ছে ভূমি ক্ৰয় কৰোতে কি কি চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল ?

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিয়াগোম ভূমি কেলেংকাৰি ফাদিল হোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে দিছপুৰত ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে বে আইনীভাৱে চৰকাৰী আৰু চিলিঙ চৰকাৰী ভূমি ক্ৰয় কৰাৰ তথ্য এক বিশেষ অনুসন্ধানৰ জড়িয়তে…

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত কি তথ্য ডাঙি ধৰিলে গৃহমন্ত্ৰীয়ে?

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত বক্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ৷অমিত শ্বাহৰ ভাষ্য- “ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এচ আই টি৷৩০ দিনৰ ভিতৰত এচ আই টি দাখিল কৰিব প্ৰতিবেদন৷সন্ত্ৰাসবাদীৰ বিচৰণৰ খবৰ লাভ কৰাৰ পিছতেই সন্দেহজনক ঠাইখিনিত কৰা হৈছিল…

কেনে পৰিস্থিতি এতিয়া নাগালেণ্ডত?

৬ ঘণ্টীয়া নাগালেণ্ড বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন৷ নিৰীহ নাগৰিকক সেনাৰ হত্যাৰ প্ৰতিবাদত নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনাইছিল বন্ধ৷আনহাতে ঘটনাৰ তদন্তৰ বাবে দেওবাৰে বিয়লি তিৰু ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক…

সেনাৰ গুলীত ১২ নীৰিহৰ মৃত্যু : কি কয় আছাম ৰাইফলছে ?

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক গভীৰভাৱে…

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা…

অসমত আধাতে বিদ্যালয় এৰি ক’লৈ যায় ছাত্ৰ – ছাত্ৰী ?

অসমত স্থাপন হৈছে ইখনৰ পাছত সিখন নতুন বিশ্ববিদ্যালয় ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা য’লৈকে গৈছে তাতেই ঘোষণা কৰিছে নতুন বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ নাইবা একোখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ লৈছে ৷ কিন্তু বিশ্ববিদ্যালয়ত…