কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?

Share This Article

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বৃহৎ ভূমি কেলেংকাৰিয়ে  ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টো লৈ সৰৱ চৰ্চা চলিছে ৷নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এই কেলেংকাৰিৰ তদন্তৰ বাবে এছ আই টি গঠনৰ দাবী উত্থাপণ কৰিছে ৷ তদন্ত সম্পূৰ্ণ নোহোৱালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবেও দাবী জনাইছে এ আই চি চিয়ে  ৷ ইতিমধ্যে অনিয়মেৰে চৰকাৰী ভূমি ক্ৰয়-বিক্ৰয়ৰ ঘটনাৰ সঠিক তদন্তৰ দাবীত সৰৱ হৈ উঠিছে  ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে চৰকাৰী আৰু চিলিঙ চৰকাৰী মুঠ ২৯ বিঘা ৯ লেচা ভূমি হস্তগত কৰাৰ তথ্য পোহৰলৈ আহিছিল ‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷
এই ঘটনাৰ সময় ২০০৭ চন ৷ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে ৰাজহুৱা অনুষ্ঠানৰ ভূমি ক্ৰয় অভিযান আৰম্ভ কৰিছে ৷ উত্তৰ গুৱাহাটীত ইতিমধ্যে ক্ৰয় কৰিছে ফিচাৰীৰ নামত অসম চৰকাৰে আৱন্টন দিয়া ৭ বিঘা ৪ কঠা ৫ লেচা মাটি ৷ সেই সময়তে কাজিৰঙাত আন এডোখৰ বহুমূলীয়া ভূমি আৱন্টন দিয়া হয় হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক ৷কাজিৰঙাৰ হালোৱা ননকে গাঁৱত প্ৰত্যক্ষভাৱে ৰিণিকি ভূঞা শৰ্মাক ৭ বিঘা ৪ কঠা ৫ লেচা চৰকাৰী মাটি আৱন্টন দিয়া হয় ৷ মাটি আৱন্টনৰ নথিত স্পষ্টভাৱে উল্লেখ আছে যে হোটেল আৰু ৰিজ’ৰ্ট খুলিবৰ বাবে এই মাটি আৱন্টন দিয়া হৈছে ৷

হোটেল আৰু ৰিজ’ৰ্ট খুলিবৰ বাবে ৰিণিকি ভূঞা শৰ্মাক কাজিৰঙাত ভূমি আৱন্টন

অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ ধৰিত্ৰী পোৰ্টেলৰ তথ্য অনুসৰি ,২০০৭ চনৰ ১৩ মাৰ্চত অসম চৰকাৰৰ ৰাজহ বিভাগে দিয়া পত্ৰ নং আৰ এছ এছ ১৫৭৩/২০০৬/১৪ , গোলাঘাট জিলাৰ উপায়ুক্তৰ ১৬ মাৰ্চৰ পত্ৰ নং জি আৰ এছ ৫৩/২০০৬ /১৮ আৰু বোকাখাত মহকুমাধিপতিৰ ১৭ মাৰ্চৰ পত্ৰ নং পত্ৰ বি আৰ এছ ১৪/২০০৬ /১৩ অনুসৰি কাজিৰঙাত ৰিণিকি ভূঞা শৰ্মাক এই মাটি আৱন্টন দিয়া হৈছিল ৷ কাজিৰঙাৰ হালোৱা ননকে গাঁৱত ৰিণিকি ভূঞা শৰ্মাক ৭ বিঘা ৪ কঠা ৫ লেচা চৰকাৰী মাটি আৱন্টন দিয়া হয় ৷ আৱন্টিত মাটিৰ পট্টা নং ২৫ আৰু দাগ নম্বৰ হ’ল ১৯৩,২২৪ আৰু ২২৫  (হালোৱা এন. চি. গাঁৱৰ পট্টা নং ২৫ত এই আৱন্টনৰ সবিশেষ উল্লেখ আছে) ৷ হোটেল আৰু ৰিজোৰ্ট নিৰ্মানৰ বাবে আৱন্টিত মাটিৰ বাবদ ৰিণিকি ভূঞা শৰ্মাই ১৬ মাৰ্চত ৫ লাখ ৪৪ হাজাৰ ৭৯০ টকা প্ৰিমিয়াম আদায় দিয়ে ৷

মন্ত্ৰী পত্নীলৈ ভূমি আৱন্টনৰ এই তথ্য পোহৰলৈ আহিছিল ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত ৷ সেই বছৰৰ ১৫ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ সকলো মন্ত্ৰীয়ে নিজৰ আৰু পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছিল ৷ কিন্তু তেতিয়াৰ ক্ষমতাশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লুকুৱাই ৰাখিছিল পত্নীৰ নামত কাজিৰঙাত থকা মাটিৰ তথ্য ৷ আৰ টি আইযোগে এই তথ্য পোহৰলৈ আনিছিল তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অখিল গগৈয়ে ৷ লুকুৱাই ৰখা সম্পত্তিৰ তথ্য উদ্ঘাটন হোৱাৰ পাছতেই ৰিণিকি ভূঞা শৰ্মাই ৰিজ’ৰ্ট খুলিবলৈ লোৱা চৰকাৰী মাটি ওভতাই দিবলৈ বাধ্য হৈছিল ৷ গোলাঘাট জিলাৰ ২০১১ চনৰ ৩ মাৰ্চৰ উপায়ুক্তৰ পত্ৰ নং জি আৰ এছ ১২/২০১১ /১০ আৰু বোকাখাতৰ চক্ৰ বিষয়াৰ ৪মাৰ্চৰ আদেশ মৰ্মে ৰিণিকি ভূঞা শৰ্মাৰ নামত আৱন্টিত ৭ বিঘা ৪ কঠা ৫ লেচা মাটি পুনৰ চৰকাৰী কৰা হয় ৷

ৰিণিকি ভূঞা শৰ্মাৰ কাজিৰঙাত কেৱল চৰকাৰী আৱন্টিত ভূমিয়েই নাছিল , আন কেবাঠাইতো তেওৰ ভূ সম্পত্তি আছিল ৷ হালোৱা ননকে গাঁৱতে আছিল ৪ বিঘা ৪ কঠা ১২ লেচা মাটি ৷ এই মাটিৰ পট্টা নং ১৩ আৰু দাগ নং- ১৮৬ , ১৮৭ ৷ মাটিখিনি পাছত বিক্ৰীৰ জড়িয়তে নামজাৰি হয় ৰঞ্জিত ভট্টাচাৰ্যৰ নামত ৷ নক’লেও হয় যে এইজন ৰঞ্জিত ভট্টাচাৰ্যই আৰ বি এছ ৰিয়েল্টৰ্ছৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উপ- সভাপতি ৷ তেওৰ সঞ্চালকাধীন কোম্পেনী আৰ বি এছে উত্তৰ গুৱাহাটীত ৰাজহুৱা প্ৰতিষ্ঠানৰ নামত আৱন্টিত ভূমি আৰু পলাশবাৰীতো চিলিঙ চৰকাৰী মাটি অবৈধভাৱে ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল ‘দ্য ক্ৰছকাৰেন্ট ‘ আৰু ‘দ্য ৱায়াৰ’ৰ যৌথ অনুসন্ধানত ৷অনিয়মেৰে ভূমি ক্ৰয় বিক্ৰয় কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ বৰ্তমান পৰিচিত বশিষ্ঠ ৰিয়েল্টৰ্ছ নামেৰে ৷য’ত বৰ্তমান সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷
কাজিৰঙাৰ হালোৱা ননকে গাঁৱত ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি হোৱা ৪ বিঘা ৪ কঠা ১২ লেচা মাটিৰো আছে এক ৰহস্যজনক ইতিহাস ৷ ধৰিত্ৰী পোৰ্টেলৰ তথ্য অনুসৰি ,এই মাটি ২০০৫ চনৰ ২ মে’ত প্ৰিমিয়াম জমা দিয়াত ম্যাদী কৰা হৈছিল ৷ অৰ্থাৎ মাটিখিনি আছিল চৰকাৰী ৷ কিন্তু আৱন্টিত মাটি ২০০৫ চনৰে নৱেম্বৰ মাহত বিক্ৰী কৰি দিয়া হয় ৷ ধৰিত্ৰী পোৰ্টেলত উল্লেখ থকা অনুসৰি এই মাটিখিনি পৰৱৰ্তী সময়ত ৰিণিকি ভূঞা শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ পাছত ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামজাৰি হয় ৷ বৰ্তমান এই মাটিৰ গৰাকী আৰ বি এছ ৰিয়েল্টৰ্ছৰ সঞ্চালক ৰঞ্জিত ভট্টাচাৰ্য ৷
কাজিৰঙাৰ হালোৱা ননকে গাঁৱতে নহয় , তাৰ লগতে লাগি থকা চেপেনা কোবোৱা গাঁৱতো আছিল ৰিণিকি ভূঞা শৰ্মাৰ নামত তিনিটাকৈ মাটিৰ প্লট ৷চেপেনা কোবোৱা গাৱত ২১ নং পট্টাৰ ৩৩৯ নং দাগত আছিল ৪ কঠা ১৩ লেচা মাটি ৷ একেখন গাঁৱৰে ১২২ নং পট্টাৰ ৩৩৭ নং দাগত আছিল ১ কঠা ১৪ লেচা মাটি ৷ ইয়াৰ উপৰি ৭৫ নং পট্টাৰ ৪৩৬ নং দাগত আছিল ২ কঠা ৩ লেচা মাটি ৷ এইদৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত চেপেনা কোবোৱা গাঁৱত মুঠ ১ বিঘা ৩ কঠা ১০ লেচা মাটি আছিল ৷এই মাটিও পাছত খৰিদা সূত্ৰে নামজাৰি হয় ৰঞ্জিত ভট্টাচাৰ্যৰ নামত ৷ অৰ্থাৎ কাজিৰঙাত ৰিণিকি ভূঞা শৰ্মাৰ নামত থকা ৬ বিঘা ৩ কঠা ২ লেচা মাটিৰ বৰ্তমানৰ গৰাকী হ’ল ৰঞ্জিত ভট্টাচাৰ্য ৷ তাৎপৰ্যপূৰ্ণভাৱে একেটা দিনতে সমুদায় মাটি নামজাৰি হৈছিল আৰ বি এছ ৰিয়েল্টৰ্ছৰ সঞ্চালক ৰঞ্জিত ভট্টাচাৰ্যৰ নামত ৷ তাৰিখটো আছিল ৩ মাৰ্চ ২০১০ ৷

কাজিৰঙাৰ চেপেনা কোবোৱাত ৰঞ্জিত ভট্টাচাৰ্যৰ নামত থকা মাটিৰ প্লট

কাজিৰঙাত আৱন্টিত ৭ বিঘা ৪ কঠা ৫ লেচা চৰকাৰী মাটি ঘূৰাই দিবলৈ বাধ্য হৈছিল ৰিণিকি ভূঞা শৰ্মা ৷ বিষয়টো পোহৰলৈ অহাৰ পাছত সংবাদ মাধ্যমত ব্যাপক চৰ্চা হোৱাৰ বাবেই হয়তো ৰিজ’ৰ্ট খুলিবলৈ লোৱা চৰকাৰী মাটি তেও ঘূৰাই দিবলৈ বাধ্য হৈছিল ৷ তাৰ পাছত কাজিৰঙাত তেওৰ নামত থকা আন ৬ বিঘা ৩ কঠা ২ লেচা মাটিৰ স্বত্বও সলনি কৰা হৈছিল ৷ এতিয়া ‘দ্য ক্ৰছকাৰেন্ট ‘ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত ২৯ বিঘা ৯ লেচা ভূমি অনিয়মেৰে ক্ৰয় কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালে কি পদক্ষেপ লয় , তাৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.