সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰ বি এছ ৰিয়েল্টৰ্ছে ভূমি ক্ৰয় কৰোতে কি কি চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল ?

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিয়াগোম ভূমি কেলেংকাৰি ফাদিল হোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে দিছপুৰত ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে বে আইনীভাৱে চৰকাৰী আৰু চিলিঙ চৰকাৰী ভূমি ক্ৰয় কৰাৰ তথ্য এক বিশেষ অনুসন্ধানৰ জড়িয়তে পোহৰলৈ আনিছিল সংবাদ ৱেবচাইট দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে ৷ কিন্তু সমগ্ৰ তথ্য উন্মোচিত হোৱাৰ ৪৮ ঘন্টা উকলি যোৱাৰ পাছতো কোনো প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৷ এক কথাত তেওলোকে মৌনতাৰে যেন সমগ্ৰ অনিয়ম স্বীকাৰ কৰি লৈছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ তথ্যক প্ৰত্যাহ্বান জনাব নোৱাৰি মুখ্যমন্ত্ৰীয়ে কেৱল এষাৰি দায়সৰা মন্তব্য কৰিছে ৷ তেও কৈছে যে তেও কেতিয়াও বেয়া কাম নকৰে ৷ কিন্তু উত্তৰ গুৱাহাটীত আৰ বি এছে অনিয়মৰ মাজেৰে ক্ৰয় কৰা ১৭ বিঘা ২ কথা ৫ লেচা ভূমি ফিচাৰী আৰু বিদ্যালয়ক আৱন্টন দিয়া প্ৰক্ৰিয়াত তেতিয়াৰ মন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল নে নাই , সেই কথাৰ উত্তৰ দিয়াৰ সাহস নহ’ল মুখ্যমন্ত্ৰীগৰাকীৰ ৷ তাৰ সলনি এটা সংবাদ চেনেলৰ মুখ্য সম্পাদকক পৰিয়ালৰ হৈ স্পষ্টীকৰণ দিবলৈ আগবঢ়াই দিয়াহে পৰিলক্ষিত হৈছে ৷ কিন্তু অসম চৰকাৰৰ কেবাখনো চাৰ্কুলাৰ আৰু জাননীৰ পৰা স্পষ্ট হৈ পৰে যে চৰকাৰৰ আইন আৰু উদ্দেশ্যৰ মুকলি উলংঘনেৰে ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীয়ে চিলিঙ চৰকাৰী আৰু চৰকাৰী ভূমি ক্ৰয় কৰিছিল ৷

১৯৮৯ চনৰ ৩ অক্টোবৰত অসম চৰকাৰৰ ৰাজহ বিভাগৰ ভূমি পট্টন শাখাৰ উপ সচিব জি চি মেধিয়ে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন বিশেষ পত্ৰ ৷ আৰ এছ এছ ৪৭/৮৯/৭ নং পত্ৰখনত ৰাজহ বিভাগৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে যে বহু মানুহ , চৰকাৰী বিষয়া আৰু ব্যক্তিগত প্ৰতিষ্ঠানে চৰকাৰী মাটিৰ আৱন্টন লাভ কৰাৰ এবছৰৰ ভিতৰতে মাটি বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ এয়া ভূমিহীনক ভূমি আৱন্টন দিয়াৰ চৰকাৰী নীতিৰ পৰিপন্থী ৷ সেইবাবেই চৰকাৰে এইক্ষেত্ৰত এটা চৰ্ত আৰোপ কৰিব বিচাৰিছে যে চৰকাৰী ভূমি লাভ কৰা ব্যক্তি বা প্ৰতিষ্ঠানে ৫ বছৰৰ ভিতৰত এই মাটি বিক্ৰী কৰিব নোৱাৰিব ৷ এই ভূমি আৱন্টন লাভ কৰা ব্যক্তিয়ে ব্যৱহাৰহে কৰিব পাৰিব ৷ অন্য লোকলৈ হস্তান্তৰ কৰিব নোৱাৰিব ৷
২০০২ চনৰ ১ অক্টোবৰত এই পত্ৰখন প্ৰেৰণ কৰিছিল বিভাগটোৰ উপ সচিব জে এন হাজৰিকাই ৷ আৰ এছ এছ /৬৯১/২০০২/৪ নং পত্ৰখনত পুণৰবাৰ উল্লেখ কৰা হৈছে যে ১৯৮৯ চনৰ চাৰ্কুলাৰ অনুসৰি চৰকাৰী ভূমি লাভ কৰা ব্যক্তি বা প্ৰতিষ্ঠানে ৫ বছৰলৈ মাটি বিক্ৰী কৰিব নোৱাৰিব ৷ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমা বিষয়ালৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছিল ৷

- Donation -

ইয়াৰ পাছত ২০০৬ চনৰ ৬ ডিচেম্বৰত অসম চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি কে দাসে জিলা উপায়ুক্তসকললৈ আন এখন পত্ৰ প্ৰেৰণ কৰে ৷ আৰ এছ এছ /২০০৬/৪ নং পত্ৰখনত চি কে দাসে অতি স্পষ্টভাষাৰে উল্লেখ কৰিছে যে চৰকাৰী ভূমি আৱন্টন লাভ কৰা কিছু লোকে এই মাটি ৰিয়েল ইষ্টেট ইষ্টেট কোম্পেনীক বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ আন কিছুমান মানুহে নিজৰ হাতত এনেদৰে মাটি কুক্ষিগত কৰি , সেই মাটিৰ দাম ইমানেই বৃদ্ধি কৰিছে যে সাধাৰণ মানুহে চুব নোৱাৰা অৱস্থা পাইছে ৷ সেইবাবেই এনেদৰে আৱন্টন লাভ কৰা মাটি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হৈছে ৷ লগতে চিঠা বহীতো সেই কথা স্পষ্টভাষাৰে উল্লেখ কৰিবলৈ কোৱা হৈছে ৷ এই সন্দৰ্ভত চৰকাৰে ২০০৬ চনৰ ৪ ডিচেম্বৰত আৰ এছ এছ ১৪৬৭/২০০৬/২ নং চাৰ্কুলাৰ জাৰি কৰিছে ৷

লক্ষণীয় কথাটো হ’ল ২০০৬ চনৰ ৪ ডিচেম্বৰত অসম চৰকাৰৰ ৰাজহ বিভাগে আৱন্টিত মাটি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ কঠোৰ চৰ্ত আৰোপ কৰিছিল ৷ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কোম্পেনীয়ে চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটিৰ সমস্ত ক্ৰয় বিক্ৰয় আৰম্ভ কৰে ২০০৬ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷ ২০০৬ আৰু ২০০৭ চনত উত্তৰ গুৱাহাটীৰ ১৭ বিঘা ২ কঠা ৫ লেচা চৰকাৰী মাটি ক্ৰয় কৰাৰ পাছত তেওলোকে ২০০৯ চনৰ ২৮ জানুৱাৰীৰ পৰা চিলিঙ চৰকাৰী ভূমি ক্ৰয় অভিযান আৰম্ভ কৰে ৷মুঠ ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতিটো নীতি , প্ৰতিখন চাৰ্কুলাৰ যে ভৰিৰে মোহাৰি পেলোৱা হৈছিল , সেয়া চৰকাৰী নথিয়ে প্ৰমান কৰি দিয়ে ৷
কেৱল সেয়াই নহয় , চৰকাৰী ভূমিৰ ক্ৰয় – বিক্ৰয়ৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ৷ ২০১৯ চনৰ ভূমি নীতি অনুসৰি আৱন্টন লাভ কৰাৰ পাছত ১৫ বছৰলৈ এই মাটি বিক্ৰীৰ উপৰি আনলৈ কোনো উপায়েৰে হস্তান্তৰ কৰিব নোৱাৰিব ৷ ভূমি নীতিৰ ১.১০ নংদফাত এই কথা স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে ৷ বিক্ৰীৰ উপৰি চৰকাৰী অৱন্টিত ভূমি লীজত দিয়া , উপহাৰ হিচাপে দিয়াও নিষিদ্ধ কৰা হৈছে নতুন ভূমি নীতিত ৷এইদৰেই চৰকাৰী ভূমিৰ অনৈতিক ক্ৰয় – বিক্ৰয় লৈ সদায়ে চিন্তা ব্যক্ত কৰি আহিছে অসম চৰকাৰে ৷ ১৯৮৯ চনৰ পৰা ২০১৯ চনলৈ প্ৰতিখন চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ আছে চৰকাৰী মাটিৰ অবৈধ বেচা কিনা ৷ কিন্তু তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পেনী আৰ বি ৰিয়েল্টৰ্ছে সকলো চৰকাৰী বিধি উলংঘাৰে ক্ৰয় কৰিছিল ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটি ৷ সৰু সুৰা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ফিতাহি মৰা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই পত্নীয়ে প্ৰতিষ্ঠা কৰা আৰু পুত্ৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা কোম্পেনীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে , তাৰ প্ৰতি ৰাজ্যবাসীয়ে নজৰ ৰাখিছে ৷

Leave A Reply

Your email address will not be published.