আৰ বি এছ ৰিয়েল্টৰ্ছে ভূমি ক্ৰয় কৰোতে কি কি চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল ?

Share This Article

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিয়াগোম ভূমি কেলেংকাৰি ফাদিল হোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে দিছপুৰত ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে বে আইনীভাৱে চৰকাৰী আৰু চিলিঙ চৰকাৰী ভূমি ক্ৰয় কৰাৰ তথ্য এক বিশেষ অনুসন্ধানৰ জড়িয়তে পোহৰলৈ আনিছিল সংবাদ ৱেবচাইট দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে ৷ কিন্তু সমগ্ৰ তথ্য উন্মোচিত হোৱাৰ ৪৮ ঘন্টা উকলি যোৱাৰ পাছতো কোনো প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৷ এক কথাত তেওলোকে মৌনতাৰে যেন সমগ্ৰ অনিয়ম স্বীকাৰ কৰি লৈছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ তথ্যক প্ৰত্যাহ্বান জনাব নোৱাৰি মুখ্যমন্ত্ৰীয়ে কেৱল এষাৰি দায়সৰা মন্তব্য কৰিছে ৷ তেও কৈছে যে তেও কেতিয়াও বেয়া কাম নকৰে ৷ কিন্তু উত্তৰ গুৱাহাটীত আৰ বি এছে অনিয়মৰ মাজেৰে ক্ৰয় কৰা ১৭ বিঘা ২ কথা ৫ লেচা ভূমি ফিচাৰী আৰু বিদ্যালয়ক আৱন্টন দিয়া প্ৰক্ৰিয়াত তেতিয়াৰ মন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল নে নাই , সেই কথাৰ উত্তৰ দিয়াৰ সাহস নহ’ল মুখ্যমন্ত্ৰীগৰাকীৰ ৷ তাৰ সলনি এটা সংবাদ চেনেলৰ মুখ্য সম্পাদকক পৰিয়ালৰ হৈ স্পষ্টীকৰণ দিবলৈ আগবঢ়াই দিয়াহে পৰিলক্ষিত হৈছে ৷ কিন্তু অসম চৰকাৰৰ কেবাখনো চাৰ্কুলাৰ আৰু জাননীৰ পৰা স্পষ্ট হৈ পৰে যে চৰকাৰৰ আইন আৰু উদ্দেশ্যৰ মুকলি উলংঘনেৰে ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীয়ে চিলিঙ চৰকাৰী আৰু চৰকাৰী ভূমি ক্ৰয় কৰিছিল ৷

১৯৮৯ চনৰ ৩ অক্টোবৰত অসম চৰকাৰৰ ৰাজহ বিভাগৰ ভূমি পট্টন শাখাৰ উপ সচিব জি চি মেধিয়ে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন বিশেষ পত্ৰ ৷ আৰ এছ এছ ৪৭/৮৯/৭ নং পত্ৰখনত ৰাজহ বিভাগৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে যে বহু মানুহ , চৰকাৰী বিষয়া আৰু ব্যক্তিগত প্ৰতিষ্ঠানে চৰকাৰী মাটিৰ আৱন্টন লাভ কৰাৰ এবছৰৰ ভিতৰতে মাটি বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ এয়া ভূমিহীনক ভূমি আৱন্টন দিয়াৰ চৰকাৰী নীতিৰ পৰিপন্থী ৷ সেইবাবেই চৰকাৰে এইক্ষেত্ৰত এটা চৰ্ত আৰোপ কৰিব বিচাৰিছে যে চৰকাৰী ভূমি লাভ কৰা ব্যক্তি বা প্ৰতিষ্ঠানে ৫ বছৰৰ ভিতৰত এই মাটি বিক্ৰী কৰিব নোৱাৰিব ৷ এই ভূমি আৱন্টন লাভ কৰা ব্যক্তিয়ে ব্যৱহাৰহে কৰিব পাৰিব ৷ অন্য লোকলৈ হস্তান্তৰ কৰিব নোৱাৰিব ৷
২০০২ চনৰ ১ অক্টোবৰত এই পত্ৰখন প্ৰেৰণ কৰিছিল বিভাগটোৰ উপ সচিব জে এন হাজৰিকাই ৷ আৰ এছ এছ /৬৯১/২০০২/৪ নং পত্ৰখনত পুণৰবাৰ উল্লেখ কৰা হৈছে যে ১৯৮৯ চনৰ চাৰ্কুলাৰ অনুসৰি চৰকাৰী ভূমি লাভ কৰা ব্যক্তি বা প্ৰতিষ্ঠানে ৫ বছৰলৈ মাটি বিক্ৰী কৰিব নোৱাৰিব ৷ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমা বিষয়ালৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছিল ৷

ইয়াৰ পাছত ২০০৬ চনৰ ৬ ডিচেম্বৰত অসম চৰকাৰৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি কে দাসে জিলা উপায়ুক্তসকললৈ আন এখন পত্ৰ প্ৰেৰণ কৰে ৷ আৰ এছ এছ /২০০৬/৪ নং পত্ৰখনত চি কে দাসে অতি স্পষ্টভাষাৰে উল্লেখ কৰিছে যে চৰকাৰী ভূমি আৱন্টন লাভ কৰা কিছু লোকে এই মাটি ৰিয়েল ইষ্টেট ইষ্টেট কোম্পেনীক বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ আন কিছুমান মানুহে নিজৰ হাতত এনেদৰে মাটি কুক্ষিগত কৰি , সেই মাটিৰ দাম ইমানেই বৃদ্ধি কৰিছে যে সাধাৰণ মানুহে চুব নোৱাৰা অৱস্থা পাইছে ৷ সেইবাবেই এনেদৰে আৱন্টন লাভ কৰা মাটি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হৈছে ৷ লগতে চিঠা বহীতো সেই কথা স্পষ্টভাষাৰে উল্লেখ কৰিবলৈ কোৱা হৈছে ৷ এই সন্দৰ্ভত চৰকাৰে ২০০৬ চনৰ ৪ ডিচেম্বৰত আৰ এছ এছ ১৪৬৭/২০০৬/২ নং চাৰ্কুলাৰ জাৰি কৰিছে ৷

লক্ষণীয় কথাটো হ’ল ২০০৬ চনৰ ৪ ডিচেম্বৰত অসম চৰকাৰৰ ৰাজহ বিভাগে আৱন্টিত মাটি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ কঠোৰ চৰ্ত আৰোপ কৰিছিল ৷ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কোম্পেনীয়ে চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটিৰ সমস্ত ক্ৰয় বিক্ৰয় আৰম্ভ কৰে ২০০৬ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷ ২০০৬ আৰু ২০০৭ চনত উত্তৰ গুৱাহাটীৰ ১৭ বিঘা ২ কঠা ৫ লেচা চৰকাৰী মাটি ক্ৰয় কৰাৰ পাছত তেওলোকে ২০০৯ চনৰ ২৮ জানুৱাৰীৰ পৰা চিলিঙ চৰকাৰী ভূমি ক্ৰয় অভিযান আৰম্ভ কৰে ৷মুঠ ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতিটো নীতি , প্ৰতিখন চাৰ্কুলাৰ যে ভৰিৰে মোহাৰি পেলোৱা হৈছিল , সেয়া চৰকাৰী নথিয়ে প্ৰমান কৰি দিয়ে ৷
কেৱল সেয়াই নহয় , চৰকাৰী ভূমিৰ ক্ৰয় – বিক্ৰয়ৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ৷ ২০১৯ চনৰ ভূমি নীতি অনুসৰি আৱন্টন লাভ কৰাৰ পাছত ১৫ বছৰলৈ এই মাটি বিক্ৰীৰ উপৰি আনলৈ কোনো উপায়েৰে হস্তান্তৰ কৰিব নোৱাৰিব ৷ ভূমি নীতিৰ ১.১০ নংদফাত এই কথা স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে ৷ বিক্ৰীৰ উপৰি চৰকাৰী অৱন্টিত ভূমি লীজত দিয়া , উপহাৰ হিচাপে দিয়াও নিষিদ্ধ কৰা হৈছে নতুন ভূমি নীতিত ৷এইদৰেই চৰকাৰী ভূমিৰ অনৈতিক ক্ৰয় – বিক্ৰয় লৈ সদায়ে চিন্তা ব্যক্ত কৰি আহিছে অসম চৰকাৰে ৷ ১৯৮৯ চনৰ পৰা ২০১৯ চনলৈ প্ৰতিখন চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ আছে চৰকাৰী মাটিৰ অবৈধ বেচা কিনা ৷ কিন্তু তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পেনী আৰ বি ৰিয়েল্টৰ্ছে সকলো চৰকাৰী বিধি উলংঘাৰে ক্ৰয় কৰিছিল ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিঙ চৰকাৰী মাটি ৷ সৰু সুৰা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ফিতাহি মৰা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই পত্নীয়ে প্ৰতিষ্ঠা কৰা আৰু পুত্ৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা কোম্পেনীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে , তাৰ প্ৰতি ৰাজ্যবাসীয়ে নজৰ ৰাখিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.