সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনে পৰিস্থিতি এতিয়া নাগালেণ্ডত?

৬ ঘণ্টীয়া নাগালেণ্ড বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন৷ নিৰীহ নাগৰিকক সেনাৰ হত্যাৰ প্ৰতিবাদত নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনাইছিল বন্ধ৷আনহাতে ঘটনাৰ তদন্তৰ বাবে দেওবাৰে বিয়লি তিৰু ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে আয়ুক্ত ৰভিলাতো মৰ , মন জিলাৰ উপায়ুক্ত আৰু মন্ত্ৰী পাইওঙা কন্যাক আদিৰ এটা দলে ।ইতিমধ্যে তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে এখন পাঁচজনীয়া বিশেষ তদন্ত সমিতি গঠন কৰিছে । তদন্ত সমিতিত আছে আই জি পি লিমাছুনুপ জমিৰ , চি আই অ ৰূপা এম , ডি আই জি মনোজ কুমাৰ , অপৰাধ শাখাৰ কিলাঙ ৱালিঙ, এছ পি ৰেলি পি এ , আৰু এন এ পিৰ ডিষ্ট্ৰিক কমাণ্ডাৰ ।সমিতিয়ে এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব ।

Leave A Reply

Your email address will not be published.