কেনে পৰিস্থিতি এতিয়া নাগালেণ্ডত?

৬ ঘণ্টীয়া নাগালেণ্ড বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন৷ নিৰীহ নাগৰিকক সেনাৰ হত্যাৰ প্ৰতিবাদত নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনাইছিল বন্ধ৷আনহাতে ঘটনাৰ তদন্তৰ বাবে দেওবাৰে বিয়লি তিৰু ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে আয়ুক্ত ৰভিলাতো মৰ , মন জিলাৰ উপায়ুক্ত আৰু মন্ত্ৰী পাইওঙা কন্যাক আদিৰ এটা দলে ।ইতিমধ্যে তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে এখন পাঁচজনীয়া বিশেষ তদন্ত সমিতি গঠন কৰিছে । তদন্ত সমিতিত আছে আই জি পি লিমাছুনুপ জমিৰ , চি আই অ ৰূপা এম , ডি আই জি মনোজ কুমাৰ , অপৰাধ শাখাৰ কিলাঙ ৱালিঙ, এছ পি ৰেলি পি এ , আৰু এন এ পিৰ ডিষ্ট্ৰিক কমাণ্ডাৰ ।সমিতিয়ে এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296