সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অৰূপ কলিতা, গৌতম প্ৰতীম গগৈ

২০১৫ চনৰ ১৮ আগষ্ট ৷ সেই দিনটোত ভস্মীভূত হৈছিল সোণাপুৰৰ নাজিৰাখাটত নতুনকৈ নিৰ্মান কৰা নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেন্টাৰ ৷ ভাৰত চৰকাৰৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰা এই বৃহৎ প্ৰকল্পটো উদ্বোধনৰ প্ৰায় ডেৰ বছৰ পাছতে ভষ্মীভূত হৈ পৰে ৷ এই ৰহস্যজনক অগ্নিকাণ্ডৰ লগত মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুবন গাম আৰু অসমৰ শীৰ্ষস্থানীয়  ৰাজনীতিক , আমোলা , সাহিত্যিকৰ সম্পৰ্কৰ বহু গোপন তথ্য  উন্মোচিত হৈছে দ্য ক্ৰছকাৰেন্টৰ অনুসন্ধানত ৷ নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম এণ্ড কালছাৰেল চেন্টাৰৰ নিৰ্মান , নিৰ্মানৰ লগত জড়িত কোম্পেনী, কোম্পেনীৰ লগত শীৰ্ষ আমোলাৰ ব্যৱসায়িক সংযোগ  আৰু শেষত মিউজিয়াম ভষ্মীভূত হোৱালৈকে সমগ্ৰ কাহিনীৰ সবিশেষ উন্মোচিত হ’ব এই বিশেষ প্ৰতিবেদনত ৷

 

নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম এণ্ড কালছাৰেল চেন্টাৰ নিৰ্মাণৰ দায়িত্বত ভুবন গামৰ কোম্পেনী

- Donation -

সোণাপুৰৰ নাজিৰাখাটত নির্মাণ হৈছিল নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ৷৫০ কোটি টকাৰ বাজেটেৰে সোণাপুৰত ২২৭ বিঘা মাটিত ২০১২ চনত আৰম্ভ  হৈছিল নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নিৰ্মাণৰ কাম৷এই মিউজিয়াম নির্মাণ হৈছিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধানত৷ দ্য চেন্টিনেল কাকতৰ বাতৰি অনুসৰি , এই মিউজিয়াম আৰু কালছাৰেল চেন্টাৰৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ভুবন গামৰ কোম্পেনীয়ে ৷ মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুবন গাম দুটা কোম্পেনীৰ সঞ্চালক তথা স্বত্বাধিকাৰী ৷কোম্পেনী দুটা হ’ল- ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড আৰু গাম ডেলিকেচী প্ৰাইভেট লিমিটেড৷এই কোম্পেনী দুটাৰ তথ্য ভুবন গামে নিৰ্বাচনী শপতনামাতো উল্লেখ কৰিছে৷নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নিৰ্মাণৰ কামৰ আবণ্টন লাভ কৰে ভুবন গামৰ কোম্পেনী ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে৷ দ্য ক্ৰছকাৰেণ্টে মিনিষ্ট্ৰি অব ক’র্পৰেট এফেয়ার্ছৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি, ২০০৪ চনত পঞ্জীয়ন হৈছিল কৃষাণ চুপাৰমাৰ্কেটচ আছাম প্ৰাইভেট লিমিটেড ৷ প্ৰতিষ্ঠাপক সঞ্চালক আছিল ভুবন গাম আৰু পূণ্যৱতী গাম ৷ পূণ্যৱতী গাম হ’ল ভুবন গামৰ পত্নী ৷ পাছলৈ কৃষাণ চুপাৰমাৰ্কেটছ আছাম প্ৰাইভেট লিমিটেডৰ নাম সলনি হৈ হয়গৈ ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড ৷ মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছক ২০০৬ চনত গামৰ এই কোম্পেনীয়ে ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড হিচাপে তথ্য জমা দিছিল ৷

ভুবন গামৰ কোম্পেনীৰ সঞ্চালক পদত আই এ এছ বিষয়াৰ সাহিত্যিক পত্নী

মিনিষ্ট্ৰি অব ক’র্পৰেট এফেয়ার্ছৰ তথ্য অনুসৰি ,ভুবন কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডত ২০১২ চনৰ ২৪ মে’ৰ পৰা ২০১৯ চনৰ ১৫ মার্চলৈ  নিযুক্ত হৈ আছিল আৰু এগৰাকী সঞ্চালক৷ তেওৰ নাম ৰশ্মি নার্জাৰী৷ ৰশ্মি নার্জাৰীয়ে His Share of Sky শীর্ষক গ্ৰন্থৰ বাবে ২০১৬ চনত লাভ কৰিছিল সাহিত্য অকাডেমীৰ শিশু পুৰস্কাৰ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী ৰশ্মি নার্জাৰী আকৌ প্ৰাক্তন আইএচ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী৷ লক্ষ্যনীয়ভাৱে নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নির্মাণ আৰম্ভ হৈছিল ২০১২ চনত আৰু ২০১২ চনৰে  ২৪ মে’ত মিউজিয়ামৰ নির্মাণৰ কামৰ আৱণ্টন লাভ কৰা ভুৱন কনষ্ট্ৰাকচনত সঞ্চালক পদত নিযুক্ত হৈছিল আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী৷

কাহিনী ইয়াতেই শেষ হোৱা নাই ৷ এয়া কাহিনীৰ আৰম্ভণিহে ৷

মিউজিয়ামৰ পৰিচালনাৰ দায়িত্ব  ভুবন গামৰ দ্বিতীয়টো কোম্পেনী গাম ডেলিকেচিক

প্ৰথম পর্যায়ত প্ৰায় ২০ কোটি টকাৰে নির্মাণ কৰা হৈছিল  নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেন্টাৰৰ  সোণোৱাল, তিৱা, ৰাভা, কাৰ্বি, ৰিয়াং, মিজো, বড়ো, মিচিং, দেউৰী,আদি, গালং আৰু ডিমাচা জনগোষ্ঠীৰ বাসগৃহ, আঠটা জনগোষ্ঠীয় খাদ্যৰ ষ্টল, এটা প্ৰশাসনীয় ভৱন আৰু ১২০ আসনযুক্ত এটা অ’পেন থিয়েটাৰ৷২০১৪ চনৰ ২৭ ফেব্ৰুৱাৰীত এই মিউজিয়াম উদ্বোধন কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ ২০১৪ চনৰ ২১ অক্টোবৰত নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ ১৫ বছৰৰ বাবে লীজত লয় ভুৱান গামৰ দ্বিতীয়টো কোম্পেনী গাম ডেলিকেচি প্ৰাইভেট লিমিটেডে৷ ইয়াৰ বিনিময়ত গাম ডেলিকেচী প্ৰাইভেট লিমিটেডে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক ৫০ লাখ টকাৰ অগ্ৰিম ধন আৰু মাহে ১ লাখ ২০ হাজাৰকৈ টকা আদায় দিয়াৰ বাবে চুক্তিবদ্ধ হৈছিল ৷

 

গাম ডেলিকেচিৰো সঞ্চালকৰ পদত আই এ এছ বিষয়াৰ পত্নী -কন্যা

আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নির্মাণৰ কাম লাভ কৰা ভুৱন গামৰ প্ৰথমটো কোম্পেনীত সঞ্চালক পদত নিযুক্ত হৈছিল ২৪ মে’, ২০১২ চনত৷  মিনিষ্ট্ৰি অব ক’র্পৰেট এফেয়ার্ছৰ তথ্য অনুসৰি ২০১২চনৰ ২৪ মে’ৰ ঠিক পিছদিনাই অৰ্থাৎ ২৫ মে’ ২০১২ত ভুৱন গামৰ দ্বিতীয়টো কোম্পেনী গাম ডেলিকেচি প্ৰাইভেট লিমিটেডতো সঞ্চালক পদত নিযুক্ত হয় আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী৷

বহুতেই হয়তো ভাবিব পাৰে স্বাভাৱিকভাৱেই ৰশ্মি নার্জাৰী ভুৱন গামৰ ব্যৱসায়ীক সহযোগী হ’ব পাৰে৷ কিন্তু গাম ডেলিকেচি প্ৰাইভেট লিমিটেডত ২০১৩ চনৰ ২৩ এপ্ৰিলত নিযুক্ত হয় আন এগৰাকী আইএএছ বিষয়াৰ নিকটাত্মীয়৷ নাম অংগীনা বৰুৱা৷ অংগীনা বৰুৱা  প্ৰাক্তন আইএএছ বিষয়া স্বপ্ননীল বৰুৱাৰ কন্যা ৷

 

স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱা হ’ল ৰশ্মি নার্জাৰীৰ পিছত ভুৱন গামৰ কোম্পেনী গাম ডেলিকেচি প্ৰাইভেট লিমিটেডত নিযুক্ত হোৱা দ্বিতীয়গৰাকী আইএএছ বিষয়াৰ নিকতাত্মীয় ৷গাম ডেলিকেচিৰ সঞ্চালক পদত নিযুক্ত হোৱা অংগীনা বৰুৱাৰ পিতৃ স্বপ্ননীল বৰুৱাও আছিল নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নির্মাণৰ সময়ত নির্মাণৰ তত্ত্বাৱধানত থকা সাংস্কৃতিক বিভাগৰ দায়িত্বত৷ স্বপ্ননীল বৰুৱাই ২০১২ চনৰ ৭ এপ্ৰিলৰ পৰা ২০১৬ চনৰ ৭ মে’ পৰ্যন্ত সাংস্কৃতিক বিভাগৰ বিভিন্ন শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ৷ প্ৰাক্তন আইএএছ বিষয়া স্বপ্ননীল বৰুৱা  অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপসভাপতি৷

ট্ৰাইবেল মিউজিয়ামৰ নামত ব্যৱসায়ী –অমোলাৰ নেক্সাছ !

নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ নির্মাণ আৰু লীজত দিয়াৰ দায়িত্বত আছিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ৷এই মি্উজিয়াম নির্মাণৰ দায়িত্ব লাভ কৰিছিল ভুবন গামৰ কোম্পেনী ভুবন কনষ্ট্ৰাকচনে৷ এই মিউজিয়াম চলোৱাৰ বাবে লীজত লৈছিল ভুবন গামৰ কোম্পেনী গাম ডেলিকেচিয়ে৷ মিউজিয়াম নির্মাণ কৰা ভুবন কনষ্ট্ৰাকচনত সঞ্চালক পদ লাভ কৰিছিল আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰীয়ে৷ মিউজিয়াম লীজত লোৱা গাম ডেলিকেচিত সঞ্চালক পদ লাভ কৰিছিল আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী আৰু আইএএছ বিষয়া তথা বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ উপসভাপতি স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱাই৷ প্ৰশ্ন হয়- মিউজিয়াম নির্মাণ আৰু লীজত দিয়াৰ দায়িত্বত থকা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দুগৰাকী বৰমূৰীয়াৰ এই ব্যৱসায়িক সম্পর্ক স্বাভাৱিক নে নেক্সাচ?এই সংযোগ নিশ্চিতভাৱে ৰহস্যজনক ৷

 

সোণাপুৰৰ চক্ৰ বিষয়া গামৰ কোম্পেনীৰ সঞ্চালক পদত

দ্য ক্ৰছকাৰেণ্টে মিনিষ্ট্ৰি অব ক’র্পৰেট এফেয়ার্ছৰ পৰা লাভ কৰা তথ্য অনুসৰি ,মিউজিয়াম লীজত লোৱা গাম ডেলিকেচিত লগত সংযোগ ঘটিছিল আন এগৰাকী আমোলাৰ৷ তেও  আইএএছ বিষয়া নহয়, এগৰাকী এচিএছ বিষয়া৷ দুগৰাকী আইএএছ বিষয়াৰ পত্নী আৰু কন্যাই ভুবন গামৰ কোম্পেনীৰ সঞ্চালক পদ লাভ কৰিছিল ৷কিন্তু এচিএছ বিষয়া গৰাকীয়ে নিজে গাম ডেলিকেচি পদত নিযুক্তি লাভ কৰিছিল৷ এচিএছ বিষয়া গৰাকীৰ নাম বিপুল কুমাৰ দাস৷মিনিষ্ট্ৰি অৱ ক’র্পৰেট এফেয়ার্ছৰ তথ্যত স্পষ্টভাৱে উল্লেখ আছে গাম ডেলিকেচিত সঞ্চালক পদত নিযুক্ত হৈছিল- বিপুল কুমাৰ দাস, এচিএছ ৷

আমি লাভ কৰা তথ্য অনুসৰি , সেই সময়ত ২০১২ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহলৈ সোণাপুৰ ৰাজহ চক্ৰত বিপুল কুমাৰ দাস নামৰ এজন এচিএছ বিষয়াই চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ অৰ্থাৎ আমোলা আৰু আমোলাৰ নিকটাত্মীয়ক কোম্পেনীৰ সঞ্চালক পদ উপহাৰ দি ভুবন গামে প্ৰশাসনৰ লগত এক অহেতুক সম্পৰ্ক গঢ়ি তুলিছিল ৷

ৰহস্যজনক অগ্নিকাণ্ডত ভষ্মীভূত ট্ৰাইবেল মিউজিয়াম

২০১৪ চনৰ ২৭ ফেব্ৰুৱাৰীত নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম এণ্ড কালছাৰেল চেন্টাৰ উদ্বোধন কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ উদ্বোধনৰ এবছৰৰ পাছতেই ২০১৫চনৰ ১৮ আগষ্টত এক অগ্নিকাণ্ডত ভস্মীভূত হয়৷ সেই সময়ত সংবাদমাধ্যমত এই অগ্নিকাণ্ড ৰহস্যজনক বুলি খবৰ প্ৰকাশ পাইছিল৷ দ্য ছেণ্টিনেলত প্ৰকাশিত খবৰ অনুসৰি সেইসময়ৰ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত এম. অংগামুথুৱে এই অগ্নিকাণ্ডৰ তদন্তৰ নির্দেশ দিছিল৷ তদন্তৰ দায়িত্বত আছিল অতিৰিক্ত উপায়ুক্ত ৰাজীৱ প্ৰকাশ বৰুৱা৷কিন্তু সোণাপুৰৰ ট্ৰাইবেল মিউজিয়ামৰ অগ্নিকাণ্ডৰ তদন্তৰ প্ৰতিবেদন আজিলৈকে ৰাজহুৱা কৰা নহ’ল৷ ৰাজকোষৰ কোটি কোটি টকাৰে নির্মাণ কৰা নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে৷উত্তৰ- পূবৰ জনজাতীয় সংস্কৃতিক প্ৰদর্শন কৰিবলৈ নির্মাণ কৰা ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰৰ পৰিণতিৰ বাবে বহুতেই মাজুলী বিধানসভা সমষ্টিৰ বিজেপি প্ৰার্থী ভুৱন গামকেই দোষী বুলি ক’ব বিচাৰে৷ কিন্তু ইয়াতেই শেষ হোৱা নাই বিতর্কিত ভুৱন গামৰ হাই প্ৰফাইল বিজনেচ লিংক ৷

 

সোণোৱালৰ ঘনিষ্ঠ সোমাল গামৰ কোম্পেনীত

২০১৬ চনত ৰাজ্যত বলে পৰিৱর্তনৰ বতাহ ৷ শাসনলৈ আহে বিজেপি মিত্ৰজোঁট৷ কেৱল শাসকীয় দলৰে পৰিৱর্তন হোৱা নাছিল৷ পৰিৱর্তন হৈছিল দিছপুৰৰ বৰঘৰৰ মানুহৰো৷ ২০২০চনৰ ৯ জুনত ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছিল দুখন বিশেষ তালিকা ৷  তালিকা দুখনত প্ৰকাশ পাইছিল সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাৰ আটাইতকৈ ঘনিষ্ঠ নেতা, আমোলা আৰু ব্যৱসায়ীৰ নাম৷সর্বানন্দ সোণোৱালৰ ঘণিষ্ঠৰ তালিকাত থকা  নাম আছিল ব্যৱসায়ী সুৰজিৎ সিনহাৰ৷ এইবাৰ সুৰজিৎ সিনহাৰ সংযোগ ঘটিল ভুবন গামৰ কোম্পেনীত ৷ ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল-দুই আইএএছ বিষয়া হেমন্ত নার্জাৰী আৰু স্বপ্ননীল বৰুৱাই ৷ সেইবাবেই বিতর্কিত ব্যৱাসায়ী ভুৱন গামক হয়তো প্ৰয়োজন হৈছিল নতুন ‘ছেফগার্ড’ৰ৷ ২০১৮ চনৰ ১ ডিচেম্বৰত নর্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম আৰু কালচাৰেল চেণ্টাৰ লীজত লোৱা ভুবন গামৰ কোম্পেনী গাম ডেলিকেচিত সঞ্চালক পদত নিযুক্ত হয় তেতিয়াৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ব্যৱসায়ী সুৰজিৎ সিনহা ৷

সুৰজিৎ সিনহা আজিৰ তাৰিখতো গাম ডেলিকেচিত সঞ্চালক পদত নিযুক্ত হৈ আছে ৷ ইয়াৰ বিপৰীতে ২০১৯ চনৰ ১৫ মার্চত একেটা দিনতে প্ৰাক্তন আইএএছ বিষয়া হেমন্ত নার্জাৰীৰ পত্নী ৰশ্মি নার্জাৰী, স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱা, এচিএছ বিষয়া বিপুল কুমাৰ দাস আৰু ভাস্কৰজ্যোতি পাঠকে গাম ডেলিকেচিৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে ৷ একেটা দিনতে অর্থাৎ ১৫ মার্চ,২০১৯ত ৰশ্মি নার্জাৰীয়ে ভুবন কনষ্ট্ৰাকচনৰ সঞ্চালক পদৰ পৰাও পদত্যাগ কৰে৷

সঠিক তদন্ত হ’বনে ?

দ্য ক্ৰছকাৰেন্টে কৰ্পোৰেট মন্ত্ৰালয়ৰ নথি পত্ৰৰ আধাৰত চলোৱা অনুসন্ধানত স্পষ্ট হৈ পৰে যে চৰকাৰ আৰু প্ৰশাসনৰ লগত ব্যৱসায়ী ভুবন গামে সদায়ে নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ আমোলা , নেতাৰ ঘণিষ্ঠ ব্যক্তিক কোম্পেনীৰ সঞ্চালকৰ পদ উপহাৰ দি তেও ব্যৱসায়িক স্বাৰ্থ আদায় কৰাটো দ্য ক্ৰছকাৰেন্টৰ হাতত থকা তথ্যই প্ৰমান কৰে ৷ এই নেক্সাছৰ বাবেই তেওৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপণ হ’লেও সদায়ে চৰকাৰী ৰক্ষণাবেক্ষণ লাভ কৰি আহিছে ৷ ভাৰত চৰকাৰৰ ধনেৰে নিৰ্মান হোৱা নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম এণ্ড কালচাৰেল চেন্টাৰ কি পৰিস্থিতিত ভষ্মীভূত হ’ল , তাৰ কোনো সঠিক তদন্ত আজিলৈ নহ’ল ৷ দুজনকৈ আই এ এছ বিষয়া , এজন এ চি এছ বিষয়া ব্যৱসায়িক সহযোগী হিচাপে থকা ভুবন গামৰ কোম্পেনীৰ অনিয়মৰ তদন্ত এজন দণ্ডাধীশৰ দ্বাৰা যে সম্ভৱ নহয় সেয়া সহজেই অনুমেয় ৷ দণ্ডাধীশ পৰ্যায়ৰ তদন্তই এ চি এছ আৰু আই এ এছ বিষয়াক তদন্তত সামৰি লৈছিল নে নাই সেয়া আজিও অন্ধকাৰত ৷ তাৰে এগৰাকী বিষয়া আজিৰ তাৰিখত ৰাজ্যিক বিজেপিৰ উপ –সভাপতি পদতো আছে ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ভুবন গাম ইমানদিনে কিদৰে সুৰক্ষিত হৈ আহিছে ৷ সোণাপুৰৰ ট্ৰাইবেল মিউজিয়াম এণ্ড কালচাৰেল চেন্টাৰৰ নিৰ্মানৰ পৰা ভষ্মীভূত হোৱালৈ , এই সমগ্ৰ প্ৰক্ৰিয়াৰ নিশ্চিতভাৱে এক ন্যায়িক তদন্ত হোৱা উচিত ৷

Leave A Reply

Your email address will not be published.