সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মৃত্যুৰ পূৰ্বে বিনোদ ডুৱাই যিখন যুদ্ধ জিকি গ’ল …

অৰূপ কলিতা

ভাৰতৰ প্ৰথমগৰাকী নিউজ এংকৰ বিনোদ ডুৱাই অৱশেষত জীৱনৰ যুদ্ধত হাৰ মানিলে৷ কিন্তু মৃত্যুৰ পূৰ্বে তেও জিনি গ’ল আন এখন যুদ্ধ ৷ আপোচহীনতাৰ যুদ্ধ ৷ মৃদুভাষী- যুক্তিবাদী সাংবাদিকগৰাকীয়ে তেওৰ কৰ্মজীৱনৰ শেষৰছোৱা কটাইছিল ডিজিটেল মাধ্যমত ৷ টেলিভিছনৰ জগতখনক গ্লেমাৰাছ কৰা আৰু নিজেও টেলিভিছনৰ জড়িয়তে গ্লেমাৰ বুটলা মানুহজন ক্ৰমাৎ অপাংক্তেয় হৈ পৰিছিল টেলিভিছনৰ বাবে ৷ কাৰণ , তেও সৃষ্টি কৰা জগতখনলৈও অনেক পৰিৱৰ্তন আহি পৰিছিল ৷ প্ৰশ্ন কৰাৰ সলনি চাটুকাৰিতাই হৈ পৰিছিল সাংবাদিকতাৰ মূল অৰ্হতা . ৷ তাৰ মাজতে প্ৰশ্ন কৰিবলৈ , শাসকক কাঠগড়াত থিয় কৰাবলৈ ভাৰতত আত্মপ্ৰকাশ কৰে ডিজিটেল মাধ্যমে ৷সীমিত পুঁজিৰে কেইটামান মানুহে ভাৰতীয় সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক জীয়াই ৰাখিবলৈ আৰম্ভ কৰে এখন নতুন সংগ্ৰাম ৷ এই সংগ্ৰামত চামিল হয় ভাৰতৰ টেলিভিছনৰ পথিকৃত এংকৰ বিনোদ ডুৱা ৷আকৌ তেও প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে ৷ বিনোদ ডুৱাৰ প্ৰশ্ন কৰাৰ কণ্ঠ আছিল অতি কোমল ৷ কিন্তু যুক্তি আছিল অকাট্য, শব্দবোৰ আছিল অতি কঠিন ৷ সেইবাবেই এই মৃদুভাষী , কোমল কণ্ঠৰ মানুহজনক কাৰাগাৰত আৱদ্ধ কৰিবলৈ উঠি পৰি লাগিল শাসক পক্ষ ৷

- Donation -

বিনোদ ডুৱাই তেওৰ শ্ব’ত মৃত্যু আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণক প্ৰধানমন্ত্ৰীয়ে ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ কৰিছিল ৷ তাৰ পাছতে ২০২০ চনৰ ৬ মে’ত হিমাচল প্ৰদেশৰ এজন বিজেপি নেতাই বিনোদ ডুৱাৰ বিৰুদ্ধে ছিমলাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই প্ৰবীণ সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় দেশদ্ৰোহীতাৰ গোচৰ ৷ কোভিডৰ ভয়াৱহতাৰ মাজতেই হিমাচল প্ৰদেশৰ আৰক্ষীয়ে তেওক চমন জাৰি কৰে ৷ হয়তো নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰা হ’লেই ডুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰা হ’লহেঁতেন৷ জীৱনৰ বিয়লি বেলা এই অনৰ্থক হাৰাশাস্তিৰ পৰা মুক্তি পালেহেঁতেন ৷ হয়তো প্ৰশ্ন কৰা বন্ধ কৰিলেই চৰকাৰী বঁটা বাহনেৰে সন্মানিতও হ’লহেঁতেন ৷ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎকাৰো দিলেহেতেন ৷ কিন্তু দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱাৰ পাছতো তেও প্ৰশ্ন সোধাৰ জীৱনযোৰা প্ৰক্ৰিয়া বন্ধ নকৰিলে ৷ সেইবাবেই এবছৰ ধৰি ন্যায়ালয়লৈ অহা- যোৱা কৰি থাকিবলগীয়া হ’ল ৷ অৱশেষত যোৱা জুন মাহত উচ্চতম ন্যায়ালয়ে বিনোদ ডুৱাৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহৰ গোচৰ খাৰিজ কৰি দিলে ৷ তেতিয়া পৰ্যন্ত ৬০ ৰ উৰ্ধৰ সাংবাদিকগৰাকীয়ে মূৰ দোৱাবলৈ সন্মত নহ’ল ৷ আপোচহীনতাৰ প্ৰশ্নত তেও এজন যোদ্ধাৰ দৰেই অটল হৈ ৰ’ল ৷

তাৰ পাছত কোভিডৰ ধুমুহাই তছনছ কৰি দিয়ে এজন সাহসী অথচ সৰল সাংবাদিকৰ জীৱন ৷কোভিডত আক্ৰান্ত হয় বিনোদ ডুৱাৰ পৰিয়াল ৷ পত্নীৰ মৃত্যু হয় ৷ বিনোদ ডুৱা কোভিডৰ পৰা মুক্ত হয় যদিও কোভিড পৰৱৰ্তী জটিলতাই তেওক সুস্থ হৈ দৰ্শকৰ মাজলৈ উভতি অহাৰ সুযোগ নিদিলে ৷ অৱশেষত চিকিৎসালয়ত শণিবাৰে তেও জীৱন যুদ্ধত হাৰ মানিলে ৷ কিন্তু ৪২ বছৰীয়া সাংবাদিক জীৱনত কাহানিও আপোচৰ বাবে সাজু নহ’ল এইগৰাকী সাংবাদিক ৷ জীৱনৰ যুঁজত হাৰ মানিলেও তেও আপোচহীনতাৰ যুদ্ধত যুঁজি যুঁজি জিকি গ’ল ৷

Leave A Reply

Your email address will not be published.