মৃত্যুৰ পূৰ্বে বিনোদ ডুৱাই যিখন যুদ্ধ জিকি গ’ল …

জীৱনৰ যুঁজত হাৰ মানিলেও তেও আপোচহীনতাৰ যুদ্ধত যুঁজি যুঁজি জিকি গ’ল ৷

অৰূপ কলিতা

ভাৰতৰ প্ৰথমগৰাকী নিউজ এংকৰ বিনোদ ডুৱাই অৱশেষত জীৱনৰ যুদ্ধত হাৰ মানিলে৷ কিন্তু মৃত্যুৰ পূৰ্বে তেও জিনি গ’ল আন এখন যুদ্ধ ৷ আপোচহীনতাৰ যুদ্ধ ৷ মৃদুভাষী- যুক্তিবাদী সাংবাদিকগৰাকীয়ে তেওৰ কৰ্মজীৱনৰ শেষৰছোৱা কটাইছিল ডিজিটেল মাধ্যমত ৷ টেলিভিছনৰ জগতখনক গ্লেমাৰাছ কৰা আৰু নিজেও টেলিভিছনৰ জড়িয়তে গ্লেমাৰ বুটলা মানুহজন ক্ৰমাৎ অপাংক্তেয় হৈ পৰিছিল টেলিভিছনৰ বাবে ৷ কাৰণ , তেও সৃষ্টি কৰা জগতখনলৈও অনেক পৰিৱৰ্তন আহি পৰিছিল ৷ প্ৰশ্ন কৰাৰ সলনি চাটুকাৰিতাই হৈ পৰিছিল সাংবাদিকতাৰ মূল অৰ্হতা . ৷ তাৰ মাজতে প্ৰশ্ন কৰিবলৈ , শাসকক কাঠগড়াত থিয় কৰাবলৈ ভাৰতত আত্মপ্ৰকাশ কৰে ডিজিটেল মাধ্যমে ৷সীমিত পুঁজিৰে কেইটামান মানুহে ভাৰতীয় সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক জীয়াই ৰাখিবলৈ আৰম্ভ কৰে এখন নতুন সংগ্ৰাম ৷ এই সংগ্ৰামত চামিল হয় ভাৰতৰ টেলিভিছনৰ পথিকৃত এংকৰ বিনোদ ডুৱা ৷আকৌ তেও প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে ৷ বিনোদ ডুৱাৰ প্ৰশ্ন কৰাৰ কণ্ঠ আছিল অতি কোমল ৷ কিন্তু যুক্তি আছিল অকাট্য, শব্দবোৰ আছিল অতি কঠিন ৷ সেইবাবেই এই মৃদুভাষী , কোমল কণ্ঠৰ মানুহজনক কাৰাগাৰত আৱদ্ধ কৰিবলৈ উঠি পৰি লাগিল শাসক পক্ষ ৷

বিনোদ ডুৱাই তেওৰ শ্ব’ত মৃত্যু আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণক প্ৰধানমন্ত্ৰীয়ে ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ কৰিছিল ৷ তাৰ পাছতে ২০২০ চনৰ ৬ মে’ত হিমাচল প্ৰদেশৰ এজন বিজেপি নেতাই বিনোদ ডুৱাৰ বিৰুদ্ধে ছিমলাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই প্ৰবীণ সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় দেশদ্ৰোহীতাৰ গোচৰ ৷ কোভিডৰ ভয়াৱহতাৰ মাজতেই হিমাচল প্ৰদেশৰ আৰক্ষীয়ে তেওক চমন জাৰি কৰে ৷ হয়তো নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰা হ’লেই ডুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰা হ’লহেঁতেন৷ জীৱনৰ বিয়লি বেলা এই অনৰ্থক হাৰাশাস্তিৰ পৰা মুক্তি পালেহেঁতেন ৷ হয়তো প্ৰশ্ন কৰা বন্ধ কৰিলেই চৰকাৰী বঁটা বাহনেৰে সন্মানিতও হ’লহেঁতেন ৷ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎকাৰো দিলেহেতেন ৷ কিন্তু দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱাৰ পাছতো তেও প্ৰশ্ন সোধাৰ জীৱনযোৰা প্ৰক্ৰিয়া বন্ধ নকৰিলে ৷ সেইবাবেই এবছৰ ধৰি ন্যায়ালয়লৈ অহা- যোৱা কৰি থাকিবলগীয়া হ’ল ৷ অৱশেষত যোৱা জুন মাহত উচ্চতম ন্যায়ালয়ে বিনোদ ডুৱাৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহৰ গোচৰ খাৰিজ কৰি দিলে ৷ তেতিয়া পৰ্যন্ত ৬০ ৰ উৰ্ধৰ সাংবাদিকগৰাকীয়ে মূৰ দোৱাবলৈ সন্মত নহ’ল ৷ আপোচহীনতাৰ প্ৰশ্নত তেও এজন যোদ্ধাৰ দৰেই অটল হৈ ৰ’ল ৷

তাৰ পাছত কোভিডৰ ধুমুহাই তছনছ কৰি দিয়ে এজন সাহসী অথচ সৰল সাংবাদিকৰ জীৱন ৷কোভিডত আক্ৰান্ত হয় বিনোদ ডুৱাৰ পৰিয়াল ৷ পত্নীৰ মৃত্যু হয় ৷ বিনোদ ডুৱা কোভিডৰ পৰা মুক্ত হয় যদিও কোভিড পৰৱৰ্তী জটিলতাই তেওক সুস্থ হৈ দৰ্শকৰ মাজলৈ উভতি অহাৰ সুযোগ নিদিলে ৷ অৱশেষত চিকিৎসালয়ত শণিবাৰে তেও জীৱন যুদ্ধত হাৰ মানিলে ৷ কিন্তু ৪২ বছৰীয়া সাংবাদিক জীৱনত কাহানিও আপোচৰ বাবে সাজু নহ’ল এইগৰাকী সাংবাদিক ৷ জীৱনৰ যুঁজত হাৰ মানিলেও তেও আপোচহীনতাৰ যুদ্ধত যুঁজি যুঁজি জিকি গ’ল ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296