সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

Share This Article

অৰূপ কলিতা

অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অতীতত আমি বাতৰিকাকতত দুৰ্নীতি – কেলেংকাৰি – অনিয়ম আদিৰ বাতৰি পঢ়িবলৈ পাইছিলো ৷ যাৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ বা পৰিণাম আছিল ৷ কিন্তু শেহতীয়া কেইটামান বছৰত এটা বা দুটা বাদ দি আন কোনো বিশেষ উল্লেখযোগ্য বাতৰি চকুত পৰা নাই ৷ সকলোতে যেন ভালেই চলি আছে ৷ মুখ্য ন্যায়াধীশগৰাকীয়ে সাম্প্ৰতিক ভাৰতীয় সাংবাদিকতাৰ স্বৰূপ উললব্ধি কৰিয়েই নিশ্চয় এইদৰে আক্ষেপ কৰিবলগীয়া হৈছে ৷ সাংবাদিকে বাগিচাৰ চৌপাশে কেৱল গোলাপেই ফুলি থকা দেখিছে ৷ অনুসন্ধানমূলক সাংবাদিকতা অদৃশ্য হৈ পৰিছে ৷ ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰত এই কথা বিশেষভাৱে সঁচা বুলি মন্তব্য কৰে মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল “ইয়েনাডু” নামৰ এখন কাকতত সাংবাদিকতা কৰি ৷ সেয়া কেবা দশক আগৰ কথা ৷ কালক্ৰমত এন ভি ৰমানা দেশৰ মুখ্য ন্যায়াধীশৰ আসনত বহিল ৷ ভাৰতীয় সংবাদ মাধ্যমো অত্যাধুনিক প্ৰযুক্তিৰ পয়োভৰত জাকজমক হৈ পৰিল ৷ কিন্তু তাৰ মাজত সংবাদ জগতৰ পৰা যদি কিবা নোহোৱা হৈ গ’ল – সেয়া হৈছে অনুসন্ধান ৷ চৰকাৰী বিবৃতি , নেতাৰ শ্ৰুতলিপি এতিয়া খবৰৰ প্ৰধান উৎস ৷ সেয়া কোনে , কিমান ৰঙচঙীয়া কৰি প্ৰচাৰ কৰিব পাৰে , তাৰেই অঘোষিত প্ৰতিযোগিতা ৷কিন্তু অনুসন্ধানৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে প্ৰতিবন্ধকতা ৷কোনো কথাৰ অনুসন্ধান নচলিব ৷ প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰী , মন্ত্ৰীয়ে কৈ থকা কথাবোৰেই সঁচা ৷ তাৰ কোনো সত্যাসত্য নিৰূপন নচলিব ৷ এয়া হৈছে ভাৰতীয় সাংবাদিকতাৰ আজিৰ দিনটোৰ নিৰ্মম সত্য ৷ যি কথা মুকলিকৈ কৈ গ’ল দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৷

ভাৰতীয় সংবাদ মাধ্যমৰ এনে স্খলন আৰু পতনৰ মাজত ভবা হৈছিল যে অসমীয়া সংবাদ মাধ্যমে অন্তত: এতিয়াও শাসকৰ ওচৰত শিৰণত কৰা নাই ৷ জাতিৰ সংকটৰ সময়ত অসমীয়া সংবাদ মাধ্যম সদায় জনতাৰ পক্ষত থাকিব ৷ দুৰ্নীতিগ্ৰস্থ ৰাজনীতিকৰ মুখা খুলি দিয়াত কেতিয়াও ইতস্তত: নকৰিব ৷ কিন্তু আমাৰ এই সহজ – সৰল ধাৰণা ভুল প্ৰমানিত কৰিলে খোদ অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে ৷ যোৱা ৯ ডিচেম্বৰৰ দিনটোত অসমীয়া জাতি এক নোহোৱা নোপোজা ঘটনাৰ সাক্ষী হৈ ৰ’ল ৷ অসমীয়া মূলসুঁতিৰ সংবাদ মাধ্যমৰ লজ্জাজনক আত্মসমৰ্পনৰ দৃশ্যই ব্যথিত কৰি তুলিলে স্বতন্ত্ৰ সংবাদ মাধ্যমত বিশ্বাসী , গণতন্ত্ৰত বিশ্বাসী প্ৰতিগৰাকী নাগৰিকক ৷ ঘটনাটো আপোনাৰ নিশ্চয় মনত আছে ৷ আমি দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে ৮ ডিচেম্বৰত প্ৰকাশ কৰিছিলো এক অনুসন্ধানমূলক প্ৰতিবেদন ৷ য’ত উল্লেখ কৰা হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পেনীৰ এক বৃহৎ ভূমি কেলেংকাৰিৰ বিষয়ে ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীয়ে কিদৰে নীতি নিয়ম উলংঘা কৰি চৰকাৰী আৰু চিলিঙ চৰকাৰী ভূমি ক্ৰয় কৰিছিল , সেয়া পোহৰলৈ আহিছিল দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ তিনিমাহযোৰা অনুসন্ধানত ৷ সেই প্ৰতিবেদনৰ ভিত্তিতেই অসমৰ তিনিটা প্ৰধান বিৰোধী ৰাজনৈতিক দলে সংবাদমেল সম্বোধন কৰি এই কেলেংকাৰিৰ তদন্তৰ দাবী জনালে ৷ সিদিনা বিৰোধী দলৰ সংবাদ মেলৰ বাতৰি কোনো এটা টেলিভিছন চেনেলত সম্প্ৰচাৰ নহ’ল ৷ সকলোৱে আশা কৰিছিল যে পাছদিনা বাতৰি কাকতত সমগ্ৰ কেলেংকাৰিৰ বিষয়ে বিস্তৃত বাতৰি প্ৰকাশ পাব ৷ কিন্তু ৯ ডিচেম্বৰৰ পুৱা বাতৰি কাকত হাতত লৈ সকলো হতবাক হৈ পৰিল ৷ কাৰণ , অসমৰ বাতৰি কাকতত এই অনিয়মৰ বাতৰি বাদেই বিৰোধীৰ সংবাদমেলৰ বাতৰিও প্ৰকাশ নহ’ল ৷

ইয়াত পঢ়ক‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বিশেষ অনুসন্ধানমূলক প্ৰতিবেদন

এয়া আছিল অসমৰ সংবাদ মাধ্যমৰ ইতিহাসত এক অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত ঘটনা ৷ নিৰ্ভীক , নিৰপেক্ষ বুলি দাবী কৰা অসমৰ সংবাদ মাধ্যমে বিৰোধীৰ সংবাদমেল এখন প্ৰকাশ কৰাৰ সাহস দেখুৱাব নোৱাৰিলে ৷ এনে ঘটনা অসমবাসীয়ে দেখিব লাগিব বুলি কেতিয়াও ভবা নাছিল ৷কিন্তু  মালিকগোষ্ঠীয়ে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে সম্পাদক , সাংবাদিকসকলক সমাজৰ সন্মুখত লজ্জানত কৰিলে ৷ কিন্তু অসমৰ সচেতন জনতাই সামাজিক মাধ্যমত এই অধ:পতনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰকৃত সত্যক পোহৰলৈ আনিবলৈ আপ্ৰাণ চেষ্টা চলালে ৷ চৰকাৰ আৰু মালিকগোষ্ঠীয়ে হত্যা কৰিব খোজা এটা বাতৰিক জীয়াই ৰাখিলে জনসাধাৰণে ৷ দ্য ক্ৰছকাৰেন্টৰ দৰে এটা সৰু সংবাদ ৱেবছাইটৰ বাবে এয়া গুৰুত্বপূৰ্ণ উপলব্ধি ৷ যিসময়ত দেশৰ মুখ্য ন্যায়াধীশে অনুসন্ধানমূলক সাংবাদিকতা অদৃশ্য হৈ পৰা বুলি আক্ষেপ কৰিছে , তেনেসময়তো আমি নিষ্ঠাৰে আমাৰ কৰ্তব্য পালনৰ চেষ্টা অব্যাহত ৰাখিছো ৷কিন্তু শেষ সত্যটো হ’ল সংবাদ মাধ্যম স্বতন্ত্ৰ হৈ থাকিবলৈ হ’লে প্ৰয়োজন আপোনালোকৰ সহযোগিতাৰ ৷ আপুনি টিভি চেনেল চাবৰ বাবে পইচা দিয়ে , বাতৰি কাকত কিনি পঢ়ে , কিন্তু ডিজিটেল সংবাদ মাধ্যমৰ সুবিধা লাভ কৰে বিনামূলীয়েকৈ ৷ আমি বাতৰিৰ নামত বেপাৰ কৰি মুনাফা আৰ্জিব খোজা নাই ৷ আমাৰ অনুসন্ধান , আমাৰ বিশ্লেষণ সকলোৰে বাবে বিনামূলীয়া কৰি ৰাখিব বিচাৰো ৷ কিন্তু তাৰ বাবে আপোনালোকৰ সহযোগিতা আমাৰ কাম্যই নহয় , একান্ত বাধ্যবাধকতা ৷ গণতন্ত্ৰৰ অন্ধকাৰ দিনবোৰত , অসমৰ সংবাদ মাধ্যমৰ আত্মসমৰ্পনৰ সময়ছোৱাত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা জীয়াই ৰখাৰ স্বাৰ্থত আমাক আপোনাৰ সহযোগিতাৰ অতিশয় প্ৰয়োজন ৷

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে ইয়াত  ক্লিক কৰি –

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.