সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ কৰাৰ কথা ৰাজহুৱা কৰিছে ৷ একেসময়তে আন এখন ৰাজ্যই সকলো চৰকাৰী চাকৰিৰ বাবে ৰাজ্যভাষাৰ পৰীক্ষা বাধ্যতামূলক কৰিছে ৷ ৰাজ্যখন হ’ল তামিলনাডু ৷ তামিলনাডুৰ লোকসেৱা আয়োগৰ পৰীক্ষাত থাকিব তামিল ভাষাৰ এখন বাধ্যতামূলক প্ৰশ্নকাকত ৷ প্ৰশ্নকাকতৰ মান হ’ব দশম শ্ৰেণীৰ পৰ্যায়ৰ ৷ এই কাকতত পৰীক্ষাৰ্থীয়ে লাভ কৰিব লাগিব নূন্যতম ৪০ শতাংশ নম্বৰ ৷ তেতিয়াহে তেওৰ আন উত্তৰ বহীসমূহ পৰীক্ষা কৰা হ’ব ৷ আনহাতে, চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত পূৰ্বৰে পৰা প্ৰযোজ্য হৈ থকা সাধাৰণ ইংৰাজীৰ প্ৰশ্নকাকতখন প্ৰত্যাহাৰ কৰি তাৰ ঠাইত তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰা হৈছে ৷আন আন চাকৰিৰ ক্ষেত্ৰতো তামিল প্ৰশ্নকাকত বাধ্যতামূলক কৰা হৈছে ৷ গতিকে তামিলনাডুত যিকোনো চৰকাৰী চাকৰি পাবৰ বাবে প্ৰাৰ্থীসকলৰ তামিল ভাষাৰ নূন্যতম জ্ঞান থকাটো এতিয়াৰে পৰা বাধ্যতামূলক হৈ পৰিল ৷ যিসকল প্ৰাৰ্থীয়ে তামিল নজনাকৈ ইতিমধ্যে চাকৰি লাভ কৰিছে , তেওলোককো ভাষাটো শিকিবৰ বাবে দুই বছৰ সময়সীমা দিয়া হৈছে ৷ দুবছৰৰ ভিতৰত এই প্ৰাৰ্থীসকলে তামিল ভাষাৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ৷

তামিলনাডু চৰকাৰে ৰাজ্যখনত খালী হৈ থকা চৰকাৰী বিভাগৰ পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তাৰ পূৰ্বে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ কোৱা হৈছে যে চৰকাৰৰ নতুন নিৰ্দেশে গাও অঞ্চলৰ প্ৰাৰ্থীৰ নিযুক্তিত সহায় কৰিব ৷

- Donation -

Leave A Reply

Your email address will not be published.