তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

Share This Article

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ কৰাৰ কথা ৰাজহুৱা কৰিছে ৷ একেসময়তে আন এখন ৰাজ্যই সকলো চৰকাৰী চাকৰিৰ বাবে ৰাজ্যভাষাৰ পৰীক্ষা বাধ্যতামূলক কৰিছে ৷ ৰাজ্যখন হ’ল তামিলনাডু ৷ তামিলনাডুৰ লোকসেৱা আয়োগৰ পৰীক্ষাত থাকিব তামিল ভাষাৰ এখন বাধ্যতামূলক প্ৰশ্নকাকত ৷ প্ৰশ্নকাকতৰ মান হ’ব দশম শ্ৰেণীৰ পৰ্যায়ৰ ৷ এই কাকতত পৰীক্ষাৰ্থীয়ে লাভ কৰিব লাগিব নূন্যতম ৪০ শতাংশ নম্বৰ ৷ তেতিয়াহে তেওৰ আন উত্তৰ বহীসমূহ পৰীক্ষা কৰা হ’ব ৷ আনহাতে, চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত পূৰ্বৰে পৰা প্ৰযোজ্য হৈ থকা সাধাৰণ ইংৰাজীৰ প্ৰশ্নকাকতখন প্ৰত্যাহাৰ কৰি তাৰ ঠাইত তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰা হৈছে ৷আন আন চাকৰিৰ ক্ষেত্ৰতো তামিল প্ৰশ্নকাকত বাধ্যতামূলক কৰা হৈছে ৷ গতিকে তামিলনাডুত যিকোনো চৰকাৰী চাকৰি পাবৰ বাবে প্ৰাৰ্থীসকলৰ তামিল ভাষাৰ নূন্যতম জ্ঞান থকাটো এতিয়াৰে পৰা বাধ্যতামূলক হৈ পৰিল ৷ যিসকল প্ৰাৰ্থীয়ে তামিল নজনাকৈ ইতিমধ্যে চাকৰি লাভ কৰিছে , তেওলোককো ভাষাটো শিকিবৰ বাবে দুই বছৰ সময়সীমা দিয়া হৈছে ৷ দুবছৰৰ ভিতৰত এই প্ৰাৰ্থীসকলে তামিল ভাষাৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ৷

তামিলনাডু চৰকাৰে ৰাজ্যখনত খালী হৈ থকা চৰকাৰী বিভাগৰ পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তাৰ পূৰ্বে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ কোৱা হৈছে যে চৰকাৰৰ নতুন নিৰ্দেশে গাও অঞ্চলৰ প্ৰাৰ্থীৰ নিযুক্তিত সহায় কৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.