সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

শেষ হ’ব সীমা-সংঘাত !

অসম -অৰুণাচল সীমাবিবাদ সম্পৰ্কত দুয়ো ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।জনতা ভৱনত বুধবাৰে অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে মন্ত্ৰী অতুল বৰা আৰু অৰুণাচল চৰকাৰক প্ৰতিনিধিত্ব কৰে ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী চ’না…

প্ৰাণ পালে ৰুদ্ৰসিংহ উদ্যানে

শীতৰ লগে লগে ঐতিহাসিক শিৱসাগৰ পৰিদৰ্শনৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটে হাজাৰ-বিজাৰ পৰ্যটকৰ কিয়নো পৰ্যটনৰ অপাৰ সম্ভাৱনাৰে সমৃদ্ধ ঐতিহাসিক চহৰ শিৱসাগৰ।তেনে এক সময়তে জিলাখনৰ পৰ্যটন ক্ষেত্ৰত নৱ সংযোজন ঘটাই আজিৰে পৰা আৰম্ভ কৰা হ'ল ৰুদ্ৰসিংহ…

গ্ৰামীণ জীৱিকা সখীৰ প্ৰতিবাদ !

অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰ্মৰত সখী আৰু সমল ব্যক্তিসকলৰ মজুৰি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, TA,DA ৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ কৰে ইয়াৰ কৰ্মীসকলে৷ ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ডিব্ৰুগড় জিলাৰ সখী আৰু সমল…

গণিত দিৱস উদযাপন নগাঁৱত

নগাঁও গ্ৰন্থমেলাত উদযাপিত হ'ল ৰাষ্ট্ৰীয় গণিত দিৱস।ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ২২ ডিচেম্বৰৰ জন্মদিনটো ২০১২ চনৰ পৰাই ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।এইবেলিও নগাঁৱৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান ৰামানুজন উচ্চ…

চৰকাৰে ভঙা-পতাৰ খেল খেলিছে নলবাৰীত !

ইতিহাস হ'ব শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়।নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কৰা হ'ব সংলগ্ন।জাঙুৰ খাই উঠিছে দল সংগঠন।২১টাকৈ সংগঠনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হ'ব নাগৰিক সভা। বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ নলবৰীয়া ৰাইজৰ…

গোলাঘাটৰ ‘কমাৰগাঁও উল্কাপিণ্ড’ই আনিছে পৃথিৱীৰ সৃষ্টি ৰহস্য

পৃথিৱীৰ জন্ম ৰহস্য কি? পৃথিৱীৰ বয়স কিমান? বিজ্ঞানী সকলে দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত কৰি আহিছে গৱেষণা। বিশ্বৰ মানৱ সমাজো এই সন্দৰ্ভত অতিকৈ উৎসুক।এতিয়া পৃথিৱীৰ জন্ম ৰহস্যৰ সূত্ৰ উলাইছে অসমত।পৃথিৱীৰ জন্ম ৰহস্য আছে গোলাঘাটৰ কমাৰগাঁৱত।বিশ্বত…

মাৰোৱাৰী পট্টীত জুই !

কালি নিশা প্ৰায় ১০ বজাত যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ সন্মুখৰ মাৰোৱাৰী পট্টীৰ প্ৰায় দহ বাৰ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান জুইত জাহ যায় ।প্ৰথমে এখন দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত অগ্নিৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হয় আৰু তাৰ পাচত জুই দহ…

মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে কিয় থাকে তুলিৰাম ৰংহাং?

এজন বিশেষ ব্যক্তি ! আগতে তেওঁক কোনেও চিনি পোৱা নাছিল ! কিন্তু এতিয়া এই মুখ খন সকলোৰে চিনাকি !মুখ্যমন্ত্ৰী য’তেই যায় তাতেই দেখিব এই মানুহজনক !আনকি সৌ সিদিনা অৰুণোদয় ২.২ আঁচনি মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত দিল্লীতো উপস্থিত আছিল মানুহজন…

চিলনী চোৰ এইবাৰ ডিফুত

মঙ্গলবাৰে দুপৰীয়া ডিফু ষ্টেট বেংকৰ এজন গ্ৰাহকৰ পৰা নগদ ২২ লাখ টকা লৈ উধাও হোৱাৰ চেষ্টা কৰিছিল চোৰটোৱে ।আৰক্ষী বিষয়া আৰু স্থানীয় লোকৰ তৎপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল চিলনী চোৰটোক।এই সন্দৰ্ভত ডিফু থানা ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০( B)…

সুৰা সেৱনত নিষেধাজ্ঞা বনভোজস্থলীত !

তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলী/নদীঘাটসমূহ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিবেশৰ ৰক্ষণাবেক্ষণ তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা দণ্ডাধীশ শ্ৰী নৰসিং পৱাৰে সমগ্ৰ জিলাতে তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি…