Investigative reporting with dedication.

কালি নিশা প্ৰায় ১০ বজাত যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ সন্মুখৰ মাৰোৱাৰী পট্টীৰ প্ৰায় দহ বাৰ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান জুইত জাহ যায় ।প্ৰথমে এখন দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত অগ্নিৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হয় আৰু তাৰ পাচত জুই দহ বাৰ খনকৈ দোকানলৈ বিয়পি পৰে।জুইৰ লেলিহান শিখাই থিতাতে আৱৰি পেলাই এটা অঞ্চল ।যোৰহাট ,গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী, অ এন জি চিৰ অগ্নি নিৰ্বাপক ,এচ ডি আৰ এফ, সেনা বাহিনী ,বায়ু সেনাৰ অগ্নি নিৰ্বাপক গাড়ীকে ধৰি ৫০ /৬০ খন গাড়ীৰে নিশা ১০ বজাৰ পৰা অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে যদিও বৰ্তমানলৈ সম্পুৰ্ণ জুই নিৰ্বাপন কৰিব পৰা নাই ৷ কিন্তু বৰ্তমান জুই নিয়ন্ত্ৰনত ।বহু কোটি টকাৰ সা সম্পতি ইতিমধ্যে জুইত জাহ গৈছে ।কোনো লোক আহত হোৱাৰ খৱৰ পোৱা নাই যদিও পূৰ্বে যোৰহাটত এনে ধৰণৰ বিধ্বংসী আৰু ভয়ংকৰ অগ্নিকাণ্ড হোৱা নাই বুলিব পাৰি ।




