শেষ হ’ব সীমা-সংঘাত !

Share This Article

অসম -অৰুণাচল সীমাবিবাদ সম্পৰ্কত দুয়ো ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।জনতা ভৱনত বুধবাৰে অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে মন্ত্ৰী অতুল বৰা আৰু অৰুণাচল চৰকাৰক প্ৰতিনিধিত্ব কৰে ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী চ’না মেইনে।বুধবাৰে অনুষ্ঠিত এই বৈঠকত তিনিচুকীয়া-লোহিত আৰু তিনিচুকীয়া -নামচাই জিলাৰ মাজত চলি থকা সীমাবিবাদ নিষ্পত্তিৰ বিষয়টো আলোচনা কৰা হয়।সংবাদমাধ্যমক এই বৈঠকৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয় “ এই সম্পৰ্কত মতামত ল’বলৈ আমি সীমান্তৰ উক্ত অঞ্চলবোৰ ভ্ৰমণ কৰিছিলোঁ ৷তেতিয়াই সিন্ধান্ত লৈছিলোঁ যে স্থানীয় লোকৰ মনৰ ভাৱ জনাৰ পিছতেই আমি এই সম্পৰ্কত স্থিতি স্পষ্ট কৰিম৷অৱশ্যে তাৰ আগতে আমি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দুখন দাখিল কৰিম।”ইয়াৰ আগতে ৩১অক্টোবৰত মন্ত্ৰী পৰ্যায়ত এনে এখন বৈঠক ইটানগৰত অনুষ্ঠিত হৈছিল।ইয়াৰ পিছতে ঐতিহাসিক নামচাই চুক্তি স্বাক্ষৰ হয়৷এই চুক্তি অনুসৰিয়েই ১২খন আঞ্চলিক সমিতি গঠন কৰা হয়।সেই সমিতি কেইখনকে দুয়োখন ৰাজ্যৰ সীমান্তৰ লোক সকলৰ লগত আলোচনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.