প্ৰাণ পালে ৰুদ্ৰসিংহ উদ্যানে

Share This Article

শীতৰ লগে লগে ঐতিহাসিক শিৱসাগৰ পৰিদৰ্শনৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটে হাজাৰ-বিজাৰ পৰ্যটকৰ কিয়নো পৰ্যটনৰ অপাৰ সম্ভাৱনাৰে সমৃদ্ধ ঐতিহাসিক চহৰ শিৱসাগৰ।তেনে এক সময়তে জিলাখনৰ পৰ্যটন ক্ষেত্ৰত নৱ সংযোজন ঘটাই আজিৰে পৰা আৰম্ভ কৰা হ’ল ৰুদ্ৰসিংহ উদ্যান।বিগত কেইবা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা ৰূদ্ৰসিংহ উদ্যানখন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰচেষ্টাত পুনৰ প্ৰাণ পাই উঠিল।জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ঐতিহাসিক ঘনশ্যাম খনিকৰ দ’লৰ আগুৰি এক বৃহত্তৰ অঞ্চল সামৰি গঢ়ি তোলা হৈছে এই উদ্যানখন।পৰিয়ালৰ সৈতে প্ৰতিগৰাকী দৰ্শকে আজৰি সময় অতিবাহিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই উদ্যান।শিশুৰ বাবে বিশেষ ক্ৰীড়া সঁজুলিও নিৰ্মাণ কৰা হৈছে উদ্যানখনত।অদ্যপি নিৰ্মাণৰত অৱস্থাত থকা ৰুদ্ৰসিংহ উদ্যানৰ সমান্তৰালকৈ কৰ্তৃপক্ষই গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে এটি সংগ্ৰহালয়ো। য’ত মুখা, বিভিন্ন সময়ৰ মুদ্ৰা সংৰক্ষণ কৰা হ’ব।ৰংঘৰ তলাতল ঘৰ আদিৰ নিৰ্মাতা ঘনশ্যাম খনিকৰৰ বাসগৃহ তথা ঘনশ্যাম দ’লৰ কাষতে আধুনিক সুবিধাৰে উন্নীত কৰা উদ্যানখন আজি মুকলি কৰে বুৰঞ্জীবিদ দয়ানন্দ বৰগোঁহাই, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, কণ্ঠশিল্পী নীল আকাশ আৰু কুসুম কৈলাশে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.