সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে কিয় থাকে তুলিৰাম ৰংহাং?

এজন বিশেষ ব্যক্তি ! আগতে তেওঁক কোনেও চিনি পোৱা নাছিল ! কিন্তু এতিয়া এই মুখ খন সকলোৰে চিনাকি !মুখ্যমন্ত্ৰী য’তেই যায় তাতেই দেখিব এই মানুহজনক !আনকি সৌ সিদিনা অৰুণোদয় ২.২ আঁচনি মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত দিল্লীতো উপস্থিত আছিল মানুহজন !এই মানুহজন আন কোনো নহয়,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং ।কিয় তেওঁক প্ৰায়ে দেখা য়ায় মুখ্যমন্ত্ৰীৰ লগত কিন্তু কিয়?উৰহী গছৰ ওৰ উলিয়ালে এখন PIL এ ।কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাম -কাজত অবৈধ হস্তক্ষেপ বৃদ্ধি পাইছে দিছপুৰৰ।শিক্ষা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান সকলোতে কৰ্তৃত্ব খটাইছে দিছপুৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।শিক্ষক নিযুক্তিৰ পৰা,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰলৈকে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ পৰা বিদ্যালয় স্থাপনলৈকে সকলোতে একমাত্ৰ কৰ্তৃত্ব কেৱল ৰাজ্য চৰকাৰৰ।উল্লেখ্য যে ১৯৯৫ চনত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু কাৰ্বি ছাত্ৰ সন্থা,স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি,ডিমাছা ছাত্ৰ সন্থা,নৰ্থ কাছাৰ হিলছ ফেডাৰেশ্যন এক চুক্তি স্বাক্ষৰ হৈছিল।সেই চুক্তি অনুসৰি মুঠ ৩০ টা বিভাগৰ কাৰ্যকৰী ক্ষমতা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰিষদৰ ওপৰত ন্যস্ত হোৱাৰ কথা আছিল।
ইয়াৰ পিছতেই ১৯৯৫ চনৰ ১২ এপ্ৰিলত অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে এই ৩০ টা বিভাগৰ কাৰ্যকৰী ক্ষমতা প্ৰদান কৰাৰ সিন্ধান্ত লোৱা হয়৷৷তদুপৰি সেই একেটা বৰ্ষতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৩নং দফা অনুসৰি পৰিষদ দুখনক বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা প্ৰদানৰ সিন্ধান্ত লোৱা হয়।কিন্তু আশ্চৰ্যজনকভাৱে এই সকলো অধিকাৰ তথা ক্ষমতাৰ পৰা বঞ্চিত হৈ আছে পৰিষদ দুখন।জিলা দুখনৰ ওপৰত অবৈধ হস্তক্ষেপ বাঢ়িছে অসম চৰকাৰৰ।ক্ৰমশঃ ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বৃদ্ধি পোৱা ঘটনাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি এখন জনস্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছে জিলাখনৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেনছিং বে’ই।ৰেনছিং বে’ই কয় “বিদ্যালয় স্থাপনৰ পৰা প্ৰাদেশীকৰণ হোৱালৈকে,কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ প্ৰয়োগ,প্ৰধানমন্ত্ৰী গ্ৰামছড়ক যোজনা,ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পশুধন অভিযান,সৰ্বশিক্ষা অভিযান আদি সকলো ক্ষেত্ৰতে চলিছে ৰাজ্য চৰকাৰৰ অবৈধ হস্তক্ষেপ৷সংবিধান প্ৰদত্ত ক্ষমতা এনেদৰে অসাংবিধানিকভাৱে হস্তক্ষেপ কৰাৰ বাবে প্ৰতিটো বিভাগতে কৰ্তৃত্ব হেৰুৱাইছে স্বায়ত্ত্বশাসিত পৰিষদে৷ইয়াৰ বাবে আজিলৈকে কোনেও আপত্তি দৰ্শোৱা নাই যাৰবাবে মই এই PIL দাখিল কৰাৰ সিন্ধান্ত ল’লো।”ঠিকাৰ নিবিদাও আনকি অসম চৰকাৰৰ অসম চৰকাৰৰ মুখ্য সচিবৰ স্বাক্ষৰতহে প্ৰকাশ পায় বুলি কয় ৰেনছিং বে’ই৷গুৱাহাটী উচ্চ ন্যায়ালয়ত বিগত ছেপ্তেম্বৰ মাহতে এই বিষয়ত পিআইএল দাখিল কৰিছিল ৰেনছিং বে’ই৷ন্যায়ালয়ত ৰেনছিং বে’ৰ হৈ যুক্তি দৰ্শায় জ্যেষ্ঠ অধিবক্তা ৰামপ্ৰসাদ শৰ্মা আৰু দেৱাশিস দলেই।

Leave A Reply

Your email address will not be published.