সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সুৰা সেৱনত নিষেধাজ্ঞা বনভোজস্থলীত !

তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলী/নদীঘাটসমূহ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিবেশৰ ৰক্ষণাবেক্ষণ তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা দণ্ডাধীশ শ্ৰী নৰসিং পৱাৰে সমগ্ৰ জিলাতে তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে। বনভোজস্থলী তথা নদীঘাটসমূহত পৰিবেশ বিনষ্টকাৰী প্লাষ্টিক তথা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে বনভোজস্থলী তথা নদীঘাটসমূহত উচ্চস্বৰৰ স্পীকাৰ, মাইক, ডিজে চেট আদিৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।তদুপৰি
বনভোজস্থলী তথা নদীঘাটসমূহত সুৰাপান কৰিব নোৱাৰিব লগতে উক্ত স্থানত সুৰাৰ বেচা-কিনা কৰিব নোৱাৰিব।
বনভোজস্থলী তথা নদীঘাটসমূহত আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত মুকলিত মল ত্যাগ আৰু আৱৰ্জনা পেলাব নোৱাৰিব। সুৰাপান কৰি বাহন চলোৱাতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞাসমূহ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইন ১৮৮ ধাৰাৰ অধীনত আইনগত ব্যৱস্থা লোৱা হ’ব।পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত এই নিষেধাজ্ঞাসমূহ জিলাখনত বাহাল থাকিব।

Leave A Reply

Your email address will not be published.