শ্ৰেণী ৰাজ্য

মাজুলীত ভাওনা সমাৰোহ

আগন্তুক ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰনগৰী মাজুলীত অনুষ্ঠিত হ’বলগীয়া অসম ভিত্তিত ভাওনা সমাৰোহ আয়োজক সমিতিৰ আমন্ত্রণ ক্ৰমে বৃহত্তৰ বিশ্বনাথ চাৰিআলিৰ গোৰ্খা সম্প্ৰদায়ৰ লোকে ব্ৰজাৱলী ভাষাত পৰিবেশন কৰিব শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট “ৰুক্মিণী হৰণ”। নেপালী সমন্বয় সমিতি, বিশ্বনাথ নগৰ উদ্যোগত বৃহত্তৰ…

পাঠশালাত কিয় খং উঠিল মন্ত্ৰী ৰঞ্জিত দাসৰ?

দৰ্শকৰ মাজৰ পৰা খঙত অগ্নিশৰ্মা হৈ মঞ্চলৈ দৌৰি গ’ল মন্ত্রী ৰণজিৎ কুমাৰ দাস !পাঠশালাৰ অপেছাদাৰী নাট্যদল নাটমণ্ডলৰ ৰূপালী জয়ন্তী বৰ্ষৰ নাট্য সমাৰোহ তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পাঠশালাত।বুধবাৰে পাঠশালা নাটমণ্ডলৰ নিবেদন ইচ্ আস্ নামৰ নাটকখন মঞ্চস্থ হৈ থকাৰ সময়তে দৰ্শকৰ…

সমষ্টি হেৰুৱায়ো সুখী ৰকিবুল হুছেইন !

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ প্ৰসংগত দেশৰ নিৰ্বাচন আয়োগে যি জাননী জাৰি কৰিছে সেই সন্দৰ্ভত নগাঁৱত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত নিজৰ ব্যক্তিগত মতামত দাঙি ধৰি নিৰ্বাচন আয়োগৰ এই জাননীক আদৰণি…

সত্ৰাধিকাৰে হত্যা কৰিলে ভকতক !

নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱৰ দুৰামাৰি সত্ৰত সংঘটিত হৈছে এই হত্যাকাণ্ড।সত্ৰৰ  ডেকা সত্ৰাধিকাৰৰ প্ৰাঞ্জল মহন্তৰ কুঠাৰৰ ঘাপত মৃত্যু হয় সত্ৰখনৰ ভকত জয়নাথ বৰাৰ।ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ উপৰ্যুপৰি কুঠাৰাঘাতত প্ৰাণ গ’ল ৭০ বছৰীয়া ভকত জয়নাথ বৰাৰ।শিৱসাগৰ অসামৰিক…

গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ব গুৱাহাটী

৩০ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা । ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ…

অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২ ঘোষণা

বছৰটোৱে মেলানি মাগিবলৈ ওলোৱাৰ সময়তে অসমীয়া সাহিত্যৰ জগতলৈ উছাহ ভৰা শুভ বাৰ্তা কঢ়িয়াই অসম প্ৰকাশন পৰিষদে “অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা–২০২২” ৰ বাবে বাছনি কৰিছে পাঠক-সমালোচকৰ মন-মগজুক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকাক । আজি অসম প্ৰকাশন…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ পৰীক্ষা অনুষ্ঠিত

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ কিছু পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। দেওবাৰে বন্ধৰ দিনটোত বিদ্যালয়খনত অনুষ্ঠিত হয় বিশেষ পৰীক্ষা।আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন নিয়ম অনুসৰি এম চি কিউ পৰীক্ষা হ’ব। দেওবাৰে ছাত্ৰ…

‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত এটা উমাল সন্ধিয়া

”জ্যেষ্ঠসকলে নতুন চামক উৎসাহ দিলেহে নতুনসকলে উত্তৰণৰ দিশে আগুৱাব পাৰে।” গুৱাহাটীৰ উজানবজাৰস্থিত ‘সূৰ্য’ৰ অন্তৰংগ প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া আয়োজিত এক আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, সমালোচক, সাংবাদিক বিতোপন বৰবৰাই এইদৰে কয়। নবীন লেখিকা মনস্বিনী ৰুণুমী মহন্তৰ প্ৰথম গল্প সংকলন ‘চম্পাৱতীৰ…

আনন্দময় হ’ল ‘জলময়’ গাঁও !

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহখনি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে । ১৯৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী সমাৰোহৰ শনিবাৰে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি তোৰণ উদ্ঘাটন,পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গুৰু শিষ্যৰ মিলন অনুষ্ঠান…

টিভি থাকিলে অৰুণোদয় নাপায় !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিভি,ফ্ৰীজ থাকিলে অৰুণোদয় পাব বুলি কৰা ঘোষণাক বৃদ্ধাংগুষ্ঠ দেখুৱালে এগৰাকী ৰাজহ চক্ৰ বিষয়াই ।অপদস্থ কৰিলে এগৰাকী বিধৱা মহিলাক।ওদালগুৰিত অৰুণোদয় ৱাৰ্ড সভাত ৰাজহ বিষয়া নৱদ্বীপ চাংমাইৰ হাতত অপদস্থ হয় এগৰাকী বিধৱা মহিলা।অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিবলৈ…