Investigative reporting with dedication.
সত্ৰাধিকাৰে হত্যা কৰিলে ভকতক !

নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱৰ দুৰামাৰি সত্ৰত সংঘটিত হৈছে এই হত্যাকাণ্ড।সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ প্ৰাঞ্জল মহন্তৰ কুঠাৰৰ ঘাপত মৃত্যু হয় সত্ৰখনৰ ভকত জয়নাথ বৰাৰ।ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ উপৰ্যুপৰি কুঠাৰাঘাতত প্ৰাণ গ’ল ৭০ বছৰীয়া ভকত জয়নাথ বৰাৰ।শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় জয়নাথ বৰাৰ।ইতিমধ্যে নাজিৰা আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী প্ৰাঞ্জল মহন্তক।মঙলবাৰে মাজনিশা সংঘটিত হোৱা এই হত্যাকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই।





